ETV Bharat / sports

প্ৰথমবাৰৰ বাবে চেম্পিয়ন হ'ল RCB, ১৭ বছৰৰ পাচত দখল আই পি এলৰ খিতাপ - RCB WON THE TITLE OF IPL 2025

আই পি এল ২০২৫ খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ।

RCB won the title of IPL 2025
প্ৰথমবাৰৰ বাবে চেম্পিয়ন হ'ল RCB (AP)
author img

By ETV Bharat Assamese Team

Published : June 3, 2025 at 11:59 PM IST

Updated : June 4, 2025 at 12:18 AM IST

2 Min Read

হায়দৰাবাদ : আই পি এল ২০২৫ৰ চেম্পিয়ন হ'ল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB) । ফাইনেল মেচত পঞ্জাব কিংছক ৬ ৰাণত পৰাস্ত কৰি আৰ চি বিয়ে আই পি এলৰ ট্ৰফী লাভ কৰে । এই খেলখনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯০ ৰাণ সংগ্ৰহ কৰে ।

RCB-এ ১৯১ ৰাণৰ লক্ষ্য বান্ধী দিয়ে পঞ্জাব কিংছক । পঞ্জাব কিংছে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ১৮৪ ৰাণহে কৰিব পাৰিছিল আৰু মেচখনত ৬ ৰাণত পৰাস্ত হয় । ইয়াৰ লগে লগে পঞ্জাব কিংছৰ আই পি এল খিতাপ দখল কৰাৰ সপোন সম্পূৰ্ণৰূপে চূৰ্ণবিচূবৰ্ণ হৈ পৰে ।

উল্লেখ্য যে, ১৭ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ফাইনেলত পঞ্জাব কিংছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে প্ৰথম খিতাপ দখল কৰে ।

ক্ৰুনাল পাণ্ডিয়া : পাৱাৰপ্লেৰ পিছত বলিং কৰিবলৈ অহা ক্ৰুনালে প্ৰথম অভাৰত মাত্ৰ ৩ ৰাণহে কৰে । দ্বিতীয় অভাৰত তেওঁ প্ৰভসীমৰণক পেভিলিয়নলৈ পঠিয়াই দিয়ে । তাৰ পিছত তেওঁৰ স্পেলৰ শেষ অভাৰত জোছ ইংলিছৰ ডাঙৰ উইকেটটোও ল’লে । ক্ৰুনালে ৪ অভাৰত মাত্ৰ ১৭ ৰাণহে কৰে ।

ভুৱনেশ্বৰ কুমাৰ : বলিং কৰিবলৈ আহি ভুৱীয়ে প্ৰথম ২ অভাৰত মাত্ৰ ১৭ ৰাণহে কৰে । তাৰ পাছত ইনিংছৰ ১৭ অভাৰত ৩ বলৰ ভিতৰত নেহাল বাধেৰা আৰু মাৰ্কাছ ষ্টোইনিছক পেভিলিয়নলৈ পঠিয়ায় ।

বিৰাট কোহলী : আৰচিবিৰ হৈ ইনিংছ মুকলি কৰিবলৈ অহা বিৰাটৰ বিৰুদ্ধে দ্বিতীয় অভাৰত ফিল ছল্ট আউট হয় । ইয়াৰ পৰাই তেওঁ সতৰ্কতাৰে ইনিংছটো আগুৱাই নিলে আৰু বহু উইকেট পৰিবলৈ নিদিলে । কোহলীয়ে ৩৫টা বলত ৪৩ ৰাণৰ লেহেমীয়া কিন্তু উপযোগী ইনিংছ খেলিছিল । ১৫ নং অভাৰত তেওঁ আউট হয় যদিও দলটোক পতনৰ পৰা ৰক্ষা কৰে ।

জিতেশ শৰ্মা : ৬ নম্বৰত বেটিং কৰিবলৈ আহি জিতেশে ২টা চাৰি আৰু ২টা ছয়ৰে ২৪ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২৪০। তেওঁৰ ইনিংছে আৰ চি বিক ১৯০ ৰাণলৈ প্ৰত্যাহ্বানমূলক স্ক’ৰলৈ লৈ যায় ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা হঠাতে অৱসৰ ল’লে দক্ষিণ আফ্ৰিকাৰ এগৰাকী বেটছমেনে, আচৰিত হৈছে অনুৰাগীসকল

Last Updated : June 4, 2025 at 12:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.