ব্যক্তিগত অভিলেখতকৈ আই চি চি ট্ৰফী অধিক গুৰুত্বপূৰ্ণ: ৰোহিত শৰ্মা
চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ খিতাপ জয় কৰাৰ পাছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰথমটো সাক্ষাৎকাৰ ৷ বহু তাৎপৰ্যপূৰ্ণ মন্তব্য় টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীৰ ৷

Published : March 10, 2025 at 9:29 PM IST
ডুবাই: দেওবাৰে নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি ভাৰতে ১২ বছৰৰ পাছত আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰে । ৰোহিত শৰ্মাৰ অধিনায়কত্বৰে টীম ইণ্ডিয়াই ৯ মাহৰ ভিতৰতে দ্বিতীয়টো আই চি চি ট্ৰফী উপহাৰ দিয়ে দেশবাসীক ৷ এই সাফল্যৰ পিছত সমগ্ৰ বিশ্ববাসী ৰোহিত শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছে ৷
আনহাতে, এই জয়ৰ পাছত দলৰ বিজয় উদযাপনত ব্যস্ত হৈ পৰিছে টীম ইণ্ডিয়া । এই বিজয়ৰ পিছতে ষ্টাৰ স্প’ৰ্টছৰ আগত প্ৰথমটো সাক্ষাৎকাৰ দিয়ে ৰোহিত শৰ্মাই । সাক্ষাৎকাৰটোত বহু গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে ৷
চেম্পিয়নছ ট্ৰফী জয়ৰ পিছত ৰোহিত শৰ্মাৰ প্ৰথম সাক্ষাৎকাৰ
চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ খিতাপ দখল কৰাৰ পিছত সোমবাৰে অফিচিয়েল সম্প্ৰচাৰক ষ্ট’ৰ স্প’ৰ্টছক প্ৰথমটো সাক্ষাৎকাৰ দিয়ে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই ।
সাক্ষাৎকাৰৰ সময়ত ৰোহিতে টীম ইণ্ডিয়াৰ খিতাপ জয়ৰ আঁৰৰ কৌশল আৰু ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহৰ আঘাতৰ বিষয়ে মুকলিকৈ কয় । কিন্তু, এই সময়ছোৱাত ৰোহিতে আই চি চিৰ ট্ৰফীক ব্যক্তিগত অভিলেখৰ ওপৰত স্থান দিয়াৰ বক্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।
ব্যক্তিগত অভিলেখতকৈ আই চি চি ট্ৰফী অধিক গুৰুত্বপূৰ্ণ
সাক্ষাৎকাৰৰ আঁতধৰোতা গৰাকীয়ে যেতিয়া ৰোহিত শৰ্মাক জয়ৰ আঁৰৰ কৌশল সন্দৰ্ভত প্ৰশ্ন কৰে, তেতিয়া ৰোহিতে কয়, ‘‘২০২৩ চনৰ বিশ্বকাপৰ পূৰ্বে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি ব্যক্তিগত অভিলেখৰ বাবে খেলিব নোৱাৰো । কোনোবাই শতক অৰ্জন কৰিলে… কোনোবাই ৫ টা উইকেট ল'লে… শেষত কাৰোৰে কোনো গুৰুত্ব নাই । কিয়নো ব্যক্তিগত অভিলেখতকৈ আই চি চিৰ ট্ৰফী জয় কৰাটো আছিল আমাৰ বাবে অধিক গুৰুত্বপূৰ্ণ’’ ।
২০১৯ চনৰ বিশ্বকাপত মোৰ পাঁচটাকৈ শতকৰ কি কাম ?
নিজৰ দক্ষতা প্ৰমাণ কৰি ৰোহিত শৰ্মাই কয়, ‘‘২০১৯ চনৰ বিশ্বকাপ মোৰ বাবে ইমানেই ভাল আছিল যে, মই ৫ টা শতক অৰ্জন কৰিছিলো ৷ কিন্তু আমি ফাইনেলত পৰাস্ত হৈছিলো । গতিকে চাওকচোন, সেই ৫ টা শতক মোৰ নামত যোগ হ’ল সঁচা, কিন্তু আমি ট্ৰফীটো অৰ্জন কৰিব পৰা নাছিলো । মই বিশ্বাস কৰো যে, আই চি চিৰ ট্ৰফী জয় কৰাটো অধিক গুৰুত্বপূৰ্ণ’’ ।
আই চি চিৰ ট্ৰফী চিৰস্মৰণীয়
ৰোহিত শৰ্মাই লগতে ক’লে, ‘‘ব্যক্তিগত ৰেকৰ্ডৰ কথা কি ক’ব… আজি সেইবোৰ আছে, কাইলৈ আন কোনোবা আহিব… আজি এই ৰেকৰ্ডবোৰ মনত কৰিছে… কাইলৈ কোনেও মনত পেলাব নোৱাৰিব । কিন্তু, আই চি চি ট্ৰফী জয় কৰাটো আপোনাৰ সদায় মনত থাকিব । ব্যক্তিগত অভিলেখতকৈ ট্ৰফী আৰু শৃংখলা জয় কৰাটো বেছি গুৰুত্বপূৰ্ণ’’ ।
লগতে পঢ়ক: ১২ বছৰৰ পিছত ভাৰতে দখল কৰিলে চেম্পিয়নছ ট্ৰফী - INDIA CLINCH ICC CHAMPIONS TROPHY

