মুম্বাই: ২০২৫ ছিজনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ 33 নম্বৰ মেচত বৃহস্পতিবাৰে মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ । মেচখনত মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই টচত জয়লাভ কৰি হায়দৰাবাদক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ।
ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
মেচখনত মুম্বাই ইণ্ডিয়ানছৰ বলাৰসকলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে আৰু আলহী দলটোক ১৬২ ৰাণতে সীমাবদ্ধ ৰাখে । আনহাতে, মুম্বাই ইণ্ডিয়ানছৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰিজত নামি পূৰ্বৰ অধিনায়ক ৰোহিত শৰ্মাই চমু অথচ এক চিত্তাকৰ্ষক ইনিংছ উপহাৰ দিয়ে । ৰোহিত শৰ্মাই নিজৰ ইনিংছত ৩ টা ছয় কোবাই আই পি এলৰ ইতিহাসত এক বিশেষ সাফল্য নিজৰ নামত লিপিবদ্ধ কৰে ।
Rohit Sharma brought Wankhede alive with his maximums! 🤩🏟️#MI are 55/1 at the end of powerplay.
— IndianPremierLeague (@IPL) April 17, 2025
Will #SRH make a comeback and defend the total?
Updates ▶ https://t.co/8baZ67Y5A2#TATAIPL | #MIvSRH | @mipaltan | @ImRo45 pic.twitter.com/oX3uy8n3ai
ৱাংখেড়েত ১০০ টা ছয় কোবোৱা প্ৰথম বেটছমেন
ৰোহিত শৰ্মাই ইনিংছৰ আৰম্ভণিৰে পৰা পূৰ্বৰ ৰূপত অৱতীৰ্ণ হৈ আক্রমণাত্মক শ্বট খেলিবলৈ আৰম্ভ কৰে আৰু ১৬ টা বলত ২৬ ৰাণ সংগ্ৰহ কৰে । এই ৰাণ সংখ্যাত তেওঁ ৩ টা গগনচুম্বী ছয় কোবাই অভিলেখ সৃষ্টিৰে এক ইতিহাস ৰচনা কৰে । এই ৩ টা ছয়ৰ সহায়ত তেওঁ আই পি এলত ৱাংখেড়েত ১০০ টা ছয় সম্পূৰ্ণ কৰে । আই পি এলত ৰোহিত শৰ্মাৰ নামত বৰ্তমান এই ষ্টেডিয়ামত আটাইতকৈ বেছি ১০২ টা ছয় আছে ।
1️⃣0️⃣0️⃣ reasons why Wankhede loves Rohit Sharma 💙
— IndianPremierLeague (@IPL) April 17, 2025
How many more will he add tonight to his tally?#TATAIPL | #MIvSRH | @ImRo45 pic.twitter.com/9HinccGmkW
এটা স্থানত সৰ্বাধিত ছয় কোবোৱা চতুৰ্থ বেটছমেন
ইয়াৰ উপৰি হিটমেন ৰোহিত শর্মাই আই পি এল ইতিহাসত কোনো এক স্থানত শতাধিক ছয় কোবোৱা চতুৰ্থগৰাকী বেটছমেন হিচাপে পৰিগণিত হয় । এই তালিকাত শীৰ্ষস্থানত আছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ নাম । কোহলীয়ে বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত সৰ্বাধিক ১৩০ টা ছয় কোবাইছে । আনহাতে, ক্ৰিছ গেইল (১২৭) আৰু এ বি ডিভিলিয়াৰ্ছ (১১৮) এই তালিকাত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে । তেওঁলোক দুয়োৱে বেংগালুৰুৰ ষ্টেডিয়ামতে এই সফলতা অৰ্জন কৰিছিল ।
MOST SIXES AT A VENUE IN IPL:
— Tanuj (@ImTanujSingh) April 17, 2025
Virat Kohli - 130 at Bengaluru.
Chris Gayle - 127 at Bengaluru.
Ab De Villiers - 118 at Bengaluru.
Rohit Sharma - 102* at Mumbai. pic.twitter.com/FuDBMrKLfF
আই পি এলত এখন খেলপথাৰত আটাইতকৈ বেছি ছয় কোবোৱা বেটছমেন
বিৰাট কোহলী - চিন্নাস্বামী ষ্টেডিয়াম, বেংগালুৰু - ১৩০
ক্ৰিছ গেইল - চিন্নাস্বামী ষ্টেডিয়াম, বেংগালুৰু - ১২৭
এ বি ডিভিলিয়াৰ্ছ - চিন্নাস্বামী ষ্টেডিয়াম, বেংগালুৰু - ১১৮
ৰোহিত শৰ্মা - ৱাংখেড়ে ষ্টেডিয়াম, মুম্বাই - ১০২