ETV Bharat / sports

টীম ইণ্ডিয়াত বৃহৎ আঘাত হানি টেষ্ট শৃংখলাৰ পৰা বাহিৰ ঋষভ পন্ত !

ভৰিৰ আঙুলিত পোৱা আঘাতৰ বাবে টেষ্ট শৃংখলাৰ বাকী থকা মেচ কেইখনৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আছে ঋষভ পন্ত ৷

INDIA VS ENGLAND TEST SERIES
খেলপথাৰৰ পৰা বাহিৰলৈ যোৱাৰ মুহূৰ্তত ঋষভ পন্ত (AP)
author img

By ETV Bharat Assamese Team

Published : July 24, 2025 at 5:27 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: মেনচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ডত ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি আছে এণ্ডাৰছন-তেণ্ডুলকাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্ট মেচ । খেলখনৰ প্ৰথমটো দিনতে টীম ইণ্ডিয়াৰ সহ-অধিনায়ক ঋষভ পন্ত বাহিৰ হ’বলগীয়া হৈছে খেলপথাৰৰ পৰা ৷

খেলুৱৈগৰাকীৰ আঘাতৰ খবৰ সন্দৰ্ভত নতুন খবৰ পোহৰলৈ আহিছে, যি খবৰ শুনিলে হয়তো হতাশ হৈ পৰিব পাৰে অনুৰাগীসকল ৷

আঘাতৰ বাবে ৬ সপ্তাহৰ বাবে বাহিৰ ঋষভ পন্ত

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি মানচেষ্টাৰ টেষ্টৰ প্ৰথম দিনাই আঘাতপ্ৰাপ্ত হৈ খেলপথাৰৰ পৰা বাহিৰ হৈছে ভাৰতীয় টেষ্ট দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত ৷ ভৰিৰ আঙুলি ভঙাৰ বাবে চিকিৎসকে পন্তক ছয় সপ্তাহৰ বাবে জিৰণি লোৱাৰ পৰামৰ্শ দিছে ।

বি চি চি আইৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদনত দাবী কৰা হৈছে যে ঋষভ পন্তৰ স্কেন ৰিপ’ৰ্টত ভৰিৰ আঙুলি ভঙা দেখা গৈছে আৰু ছয় সপ্তাহৰ বাবে তেওঁক খেলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ অৱশ্যে প্ৰয়োজনীয় দৰৱ সেৱন কৰাৰ পিছত ক্ৰিকেটাৰগৰাকী পুনৰ খেলৰ মাজলৈ উভতিব পাৰিবনে নাই, সেয়া এই মুহূৰ্তত পৰীক্ষা কৰি আছে চিকিৎসকৰ দলে ৷ অৱশ্যে খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ খেলুৱৈগৰাকীক এতিয়াও নিজৰ সামৰ্থৰ প্ৰয়োজন ৷

চতুৰ্থ টেষ্টৰ প্ৰথম দিনাই আঘাতপ্ৰাপ্ত পন্ত

চলিত টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টৰ প্ৰথম দিনা ঋষভ পন্তে ৪৮ টা বলত দুটা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩৭ ৰাণত বেটিং কৰি থকাৰ সময়তে দুৰ্ভাগ্যজনকভাৱে এই ঘটনা সংঘটিত হয় ৷ বিপক্ষৰ বলাৰ ক্ৰিছ ৱ’কেছে কৰা ৬৭ নং অভাৰৰ চতুৰ্থটো বলে পন্তৰ ভৰিত জোৰেৰে আঘাত কৰে । যাৰ ফলত ফুলি আহে ক্ৰিকেটাৰগৰাকীৰ ভৰি ৷ ভৰিখন পৰীক্ষাৰ অন্তত তেওঁক এখন মিনি এম্বুলেন্সত উঠাই খেলপথাৰৰ বাহিৰলৈ নিয়া হয় ৷

নিয়ম অনুসৰি এই মেচত যদি পন্ত পুনৰ বেটিং কৰিবলৈ নাহে, তেন্তে ভাৰতীয় দলে মাত্ৰ ১০ জন বেটছমেনৰ সহায়তে খেলখন খেলিব লাগিব । আই চি চিৰ নিয়ম অনুসৰি খেলৰ মাজত পন্তৰ স্থানত কোনেও বেটিং কৰিব নোৱাৰিব ৷ অৱশ্যে পন্তৰ স্থানত কেৱল এজন উইকেটকীপাৰে ফিল্ডিং কৰিব পাৰে ।

এই শৃংখলাৰ পঞ্চমখন টেষ্ট মেচ ৩১ জুলাইৰ পৰা ৪ আগষ্টলৈ অভেলত অনুষ্ঠিত হ’ব । এই শৃংখলাত এতিয়ালৈকে টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী (আঁঠুৰ আঘাত), পেচাৰ আকাশদীপ (পিঠিৰ আঘাত) আৰু অৰ্শদীপ সিং (বুঢ়া আঙুলিৰ আঘাত) আঘাতপ্ৰাপ্ত হৈছে । চতুৰ্থ টেষ্টৰ প্ৰথম দিনা ৮৩ অভাৰত ৪ টা উইকেট হেৰুৱাই ২৬৪ ৰাণ সংগ্ৰহ কৰে টীম ইণ্ডিয়াই ।

অৱশ্যে সকলোৰে জল্পনা-কল্পনাৰ ওৰ পেলাই ঋষভ পন্ত পুনৰ উভতি আহিছে খেলপথাৰলৈ ৷

লগতে পঢ়ক: টছত পৰাস্ত হৈ বেটিং ভাৰতৰ; চতুৰ্থ টেষ্টত অভিষেক কম্বোজৰ