শিৱসাগৰ: অসম কেবিনেটৰ সিদ্ধান্তক আদৰণি শিৱসাগৰবাসীৰ ৷ বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷
এই সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম আছিল যে এতিয়াৰে পৰা সৰুসজাই স্প'ৰ্টছ কমপ্লেক্সক জনা যাব ‘‘অৰ্জুন ভোগেশ্বৰ বৰুৱা স্প'ৰ্টছ কমপ্লেক্স’’ হিচাপে ৷ কেবিনেটৰ এই সিদ্ধান্তত উৎফুল্লিত হৈ পৰে শিৱসাগৰবাসী ৷
উল্লেখ্য যে, ১৯৬৬ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে চৰকাৰে সৰুসজাই ষ্টেডিয়ামৰ নামাকৰণ কৰিবলৈ লোৱা এই সিদ্ধান্তক লৈ সুখ প্ৰকাশ কৰিছে সমগ্ৰ শিৱসাগৰ জিলাবাসীয়ে ।
অৰ্জুন ভোগেশ্বৰ বৰুৱা স্প'ৰ্টছ কমপ্লেক্স সন্দৰ্ভত প্ৰতিক্ৰিয়া
প্ৰবীণ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা শাৰীৰিকভাৱে অসুস্থ হৈ থাকিলেও আজিও তেওঁৰ মনত আছে পূৰ্বৰ দৰেই প্ৰচণ্ড শক্তি ৷ অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰ্ষীয়ান ক্ৰীড়াবিদগৰাকীয়ে এনেদৰে কয়, ‘‘কেৱল এখন ষ্টেডিয়ামৰ নাম দিলে কি হ’ব, যদিহে তাত কোনো প্ৰশিক্ষণ-অনুশীলন নহয়, খেলুৱৈৰ সৃষ্টি নহয় ৷ তেনে ষ্টেডিয়ামৰ নাম ৰাখি কি লাভ ?’’
তেওঁ লগতে কয় ‘‘মই তেওঁলোকৰ সৈতে আলোচনাত বহিম । মই একাডেমী চলোৱা মানুহ । যদি মোক দায়িত্ব দিয়ে মই যাম । কামত লাগিম । মই গ’লে এনেও বহুত কাম জনা মানুহ আহিব ।’’
শাৰীৰিকভাৱে অসুস্থ আৰু দুৰ্বল হোৱাৰ পাছতো খেলৰ উত্তৰণৰ বাবে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ হেঁপাহ কিমান, সেয়া প্ৰতিফলিত হৈছে আজিৰ এই বক্তব্যত । এই কথাই এটা প্ৰমাণ দিয়ে যে অৰ্জুন ভোগেশ্বৰ বৰুৱা নাম-যশৰ পাছত নহয়, খেলুৱৈ সৃষ্টিৰ আখৰাতহে দৌৰ দিয়াবিধৰ লোক ।
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ পৰিচয়
১৯৪০ চনৰ ৩ ছেপ্টেম্বৰত শিৱসাগৰৰ সুন্দৰপুৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল । তেওঁৰ পিতৃ আছিল ভদ্ৰেশ্বৰ বৰুৱা আৰু মাতৃ আইকণ বৰুৱা । শিৱসাগৰত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ অন্তত ভোগেশ্বৰ বৰুৱাই চেন্নাইৰ খালিকোট মহাবিদ্যালয়ত উচ্চশিক্ষা গ্ৰহণ কৰে ।
ক্ৰীড়াক্ষেত্ৰত ভোগেশ্বৰ বৰুৱা
১৯৬৩ চনৰ পৰা ৰাষ্ট্ৰীয় ক্ৰীড়াত সফলতা লাভ কৰা ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত লাভ কৰে স্বৰ্ণপদক । সেইদৰে ১৯৭০ চনৰ এছিয়ান গেমছৰ ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় তেওঁ ।
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ক্ৰীড়া জীৱন আৰম্ভ হয় সামৰিক সেৱাত নিয়োজিত হোৱাৰ পাছত । আন খেলত মনোনিৱেশ কৰা ভোগেশ্বৰ বৰুৱা শেষত ট্ৰেক এণ্ড ফিল্ডৰ প্ৰতি আকৃষ্ট হয় । দীৰ্ঘদূৰত্বৰ দৌৰক নিজৰ কেৰিয়াৰৰূপে গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হয় প্ৰবীণ ক্ৰীড়াবিদগৰাকীয়ে । ১৯৬৩, ১৯৬৪ আৰু ১৯৬৫ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত ধাৰাবাহিকভাৱে স্বৰ্ণ জয় কৰাৰ পাছত ১৯৬৬ চনৰ বেংকক এছিয়াডত সোণৰ পদক লাভ কৰে ।
বিভিন্ন বঁটা-বাহন
১৯৬৭ চনত ভাৰত চৰকাৰে ভোগেশ্বৰ বৰুৱাক অৰ্জুন বঁটাৰে বিভূষিত কৰে । ২০১৫ চনত টাই আহোম যুৱ পৰিষদে তেওঁক লাচিত বঁটা আৰু ২০১৯ চনত অসম চৰকাৰে বীৰ চিলাৰায় বঁটা প্ৰদান কৰে ।