ETV Bharat / sports

PBKS vs RCB : পুনৰ জয়ী হ'ল RCB; পঞ্জাবক ৭ উইকেটত পৰাস্ত কৰে বেংগালুৰুৱে - BANGALORE BEAT PUNJAB BY 7 WICKETS

৭ উইকেটত পঞ্জাবক পৰাস্ত কৰে বেংগালুৰুৱে । ঘৰুৱা বাহিৰত একেৰাহে পঞ্চমখন খেলত জয়লাভ বেংগালুৰুৰ ।

Bangalore beat Punjab by 7 wickets
পঞ্জাবক ৭ উইকেটত পৰাস্ত কৰে বেংগালুৰুৱে (AP)
author img

By ETV Bharat Assamese Team

Published : April 20, 2025 at 7:17 PM IST

Updated : April 20, 2025 at 8:19 PM IST

1 Min Read

হায়দৰাবাদ : আই পি এলৰ ৩৭ সংখ্যক মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে পঞ্জাব কিংছক ৭ উইকেটত পৰাস্ত কৰে । ১৮ সংখ্যক ছিজনত ঘৰুৱা খেলপথাৰৰ বাহিৰত একেৰাহে পঞ্চমখন খেলত জয়লাভ কৰে RCB-এ । এই জয়ৰ লগে লগে RCB-এ পইণ্ট তালিকাৰ তৃতীয় স্থান দখল কৰাৰ বিপৰীতে PBKS ষ্টেণ্ডিঙত চতুৰ্থ স্থানত আছে ।

বেংগালুৰুৱে মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং ষ্টেডিয়ামত বলিং কৰিবলৈ বাছি লৈছিল । পঞ্জাবে ৬টা উইকেট হেৰুৱাই ১৫৭ ৰাণ সংগ্ৰহ কৰে । মাত্ৰ ৩টা উইকেট হেৰুৱাই ১৯ অভাৰত বেংগালুৰুৱে লক্ষ্য অৰ্জন কৰে ।

RCB ৰ পৰা বিৰাট কোহলী আৰু দেৱদত্ত পাদিক্কেলে পঞ্চাশৰ গ’ল দিয়ে । IPLত সৰ্বাধিক ৬৭ বাৰ ৫০ প্লাছ স্ক’ৰ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় কোহলি । তেওঁ ডেভিদ ৱাৰ্নাৰক এৰি থৈ গ’ল ।

ক্ৰুনাল পাণ্ডিয়া আৰু সুয়াশ শৰ্মাই ২টাকৈ উইকেট দখল কৰে । পঞ্জাবৰ পৰা প্ৰভসিমৰণ সিঙে ৩৩ ৰাণ আৰু শশাংক সিঙে ৩১ ৰাণ সংগ্ৰহ কৰে । আৰ্শদীপ সিং, হৰপ্ৰীত ব্ৰাৰ আৰু যুজবেন্দ্ৰ চাহালে ১টাকৈ উইকেট লাভ কৰে ।

লগতে পঢ়ক : IPL ৰ পৰা বাহিৰ হ'ব নেকি ধোনী ?

Last Updated : April 20, 2025 at 8:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.