ETV Bharat / sports

ভংগ হ’ল শচীন তেণ্ডুলকাৰ আন এক অভিলেখ ! এই কাম কৰিলে এজন উদীয়মান ভাৰতীয় বেটছমেনে - RAJAT PATIDAR RECORD

আই পি এলত সুন্দৰ ফৰ্মত আছে আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰ । ৰচিলে আন এক অভিলেখ ।

Rajat Patidar breaks Sachin Tendulkar's Record
শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰিলে ৰজত পাটিদাৰে (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 2:18 PM IST

3 Min Read

বেংগালুৰু : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) ৩৪ সংখ্যক খেলখন বৰষুণৰ দ্বাৰা প্ৰভাৱিত হয় । বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ঘৰুৱা দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) পাঞ্জাৱ কিংছৰ (পি বি কে এছ) হাতত ৫ উইকেটত পৰাজিত হয় । আইপিএল ২০২৫ত ঘৰুৱা খেলপথাৰত আৰচিবিৰ এয়া তৃতীয় পৰাজয় আছিল । দলৰ পৰাজয় স্বত্বেও আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰে অতিক্ৰম কৰিলে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক । শচীনৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে পাটিদাৰে ।

শচীনৰ অভিলেখ ভংগ পাটিদাৰৰ

পাঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলখনত ৰজত পাটিদাৰে ১৮ টা বলত ২৩ ৰাণ সংগ্ৰহ কৰে । এই ইনিংছৰ সৈতে ৰজত পাটিদাৰে মাত্ৰ ৩০ টা ইনিংছত তেওঁৰ ১০০০ আইপিএল ৰাণ সম্পূৰ্ণ কৰে । ইয়াৰ লগে লগে পাটিদাৰে ৰুতুৰাজ গায়কৱাড়ৰ আৰু কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে । দুয়োগৰাকী খেলুৱৈয়ে ৩১ টা ইনিংছত আইপিএলৰ ১০০০ ৰাণ সংগ্ৰহ কৰিছিল । ইফালে মুম্বাই ইণ্ডিয়ানছৰ তিলক বৰ্মাই ৩৩ টা ইনিংছ খেলি ১০০০ আইপিএল ৰাণৰ সীমা অতিক্ৰম কৰে । গুজৰাট টাইটানছৰ ছাই সুদৰ্শনৰ পিছত আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰে এই অভিলেখ ৰচিলে । আইপিএলত ১০০০ ৰাণ সংগ্ৰহ কৰা দ্বিতীয় দ্ৰুততম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় পাটিদাৰ । এই তালিকাৰ শীৰ্ষত আছে গুজৰাট টাইটানছৰ তাৰকা বেটছমেন ছাই সুদৰ্শন । সুদৰ্শনে ২৫ টা ইনিংছতে ১০০০ আইপিএল ৰাণ সংগ্ৰহ কৰিছিল ।

আইপিএলত আটাইতকৈ কম ইনিংছত ১০০০ ৰাণ সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন

ছাই সুদৰ্শন-২৫ ইনিংছ

ৰজত পাটিদাৰ-৩০ ইনিংছ

শচীন তেণ্ডুলকাৰ-৩১ ইনিংছ

ৰুতুৰাজ গায়কৱাড় -৩১ ইনিংছ

তিলক বৰ্মা-৩৩ ইনিংছ

এই ইনিংছৰ সৈতে ৰজত পাটিদাৰে আন এক সফলতা অৰ্জন কৰে । পাটিদাৰ আই পি এল ইতিহাসৰ প্ৰথম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় যিয়ে ৩৫ তকৈ অধিক গড়ত আৰু ১৫০ তকৈ অধিক ষ্ট্ৰাইক ৰেটৰ সৈতে ১০০০ ৰাণ সংগ্ৰহ কৰিছে । তেওঁ বৰ্তমান টি-২০ ক্ৰিকেটৰ আটাইতকৈ প্ৰতিশ্ৰুতিশীল ভাৰতীয় বেটছমেনসকলৰ মাজৰ অন্যতম ।

আৰ চি বি বনাম পি বি কে এছ

শুকুৰবাৰে বৰষুণৰ ফলত ব্যাহত হোৱা খেলখনত পাঞ্জাৱ কিংছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৫ উইকেটত পৰাস্ত কৰে । বৰষুণৰ বাবে পলমকৈ আৰম্ভ হোৱাৰ পিছত মেচখনত ২০ অভাৰৰ পৰা হ্ৰাস কৰা হয় আৰু দুয়োপক্ষই ১৪ অভাৰৰ খেল খেলে । আৰচিবিয়ে প্ৰথমে বেটিং কৰে যদিও দুৰ্বল আৰম্ভণিৰ সৈতে ৯ উইকেট হেৰুৱাই ৯৫ ৰাণ সংগ্ৰহ কৰে । ইফালে নেহাল ৱাদেৰাৰ ১৯ টা বলত ৩৩ ৰাণৰ দ্ৰুত ইনিংছৰ বাবে পাঞ্জাৱ কিংছে ১২.১ অভাৰতে ৯৬ ৰাণৰ লক্ষ্যত উপনীত হয় । জছ হেজলউডে (৩/১৪) আৰচিবিৰ হৈ সুন্দৰ বলিং কৰে কিন্তু সেয়া দলটোৰ বাবে পৰ্যাপ্ত নাছিল ।

লগতে পঢক :পঞ্জাব কিংছে ছিজনৰ পঞ্চমটো জয় নিশ্চিত কৰিছে; ৫ উইকেটত পৰাস্ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু - IPL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.