পঞ্জাবক ৪ উইকেটত পৰাস্ত কৰি চলিত আই পি এলত প্ৰথমটো জয় বেংগালুৰুৰ - IPL 2024
RCB VS PBKS IPL 2024 LIVE : আইপিএল ২০২৪ৰ প্ৰথমটো জয় পঞ্জীয়ন কৰিছে আৰচিবিয়ে । সোমবাৰে পাঞ্জাব কিংছক ৪ উইকেটত পৰাস্ত কৰে আৰ চি বিয়ে । এই মেচখনৰ নায়ক হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী । কোহলীয়ে ৭৭ ৰানৰ এটা স্মৰণীয় ইনিংছ খেলে মেচখনত ।

Published : March 25, 2024 at 9:27 PM IST
|Updated : March 26, 2024 at 7:59 AM IST
স্পৰ্টছ ডেস্ক, ২৫ মাৰ্চ : আই পি এল ২০২৪ ৰ ষষ্ঠখন খেলত সোমবাৰে চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক ৪ উইকেটত পৰাস্ত কৰে । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চাৰিটা বল বাকী থকা অৱস্থাত পঞ্জাব কিংছে জয়ৰ বাবে বান্ধি দিছে ১৭৭ ৰানৰ লক্ষ্যত উপনীত হয় ৷ বিৰাট কোহলীৰ আগ্ৰাসী অৰ্ধশতকে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিজয়ৰ পথ প্ৰশস্ত কৰে ৷
কোহলীয়ে ১১টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৪৯টা বলত ৭৭ ৰান সংগ্ৰহ কৰে । খেলখনৰ শেষৰ ২৪টা বলত আৰচিবিক জয় বাবে ৪৭ ৰানৰ প্ৰয়োজন হৈছিল ৷ দীনেশ কাৰ্তিকে দহটা বলত অপৰাজিত ২৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ‘ইমপেক্ট প্লেয়াৰ’ মহিপাল লমৰ’য়ে ৮টা বলত অপৰাজিত ১৭ ৰান সংগ্ৰহ কৰে । কাৰ্তিকে ফিনিছাৰৰ ভূমিকা অতি সুন্দৰভাৱে পালন কৰি দলটোক নিজৰ লক্ষ্যলৈ লৈ যায় ।
উল্লেখ্য যে, সোমবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সমুখ সমৰত লিপ্ত হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছ ৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টছত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি পঞ্জাব কিংছে নিৰ্ধাৰিত নিৰ্ধাৰিত অভাৰত ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৭৬ ৰাণ ৷ দলৰ হৈ অধিনায়ক শিখৰ ধাৱানে সৰ্বাধিক ৪৫ ৰাণৰ বৰঙণি আগবঢ়ায় ৷ ধাৱানে ৩৭ টা বলৰ সন্মুখীন হৈ ১ টা ৬ আৰু পাঁচটা চাৰিৰে ৪৫ সংগ্ৰহ কৰি মেক্সৱেলৰ বলত পেভিলিয়নমুখী হয় ৷ উইকেট কীপাৰ বেটছমেন জীতেশ শৰ্মাই সংগ্ৰহ কৰে ২৭ ৰাণ ৷ প্ৰভসিমৰন সিঙে ২৫ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে চেম কাৰেনে সংগ্ৰহ কৰে ২৩ ৰাণ ৷
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ মহম্মদ চিৰাজ আৰু গ্লেন মেক্সৱেলে সাৰ্বাধিক ২ টা উইকেট দখল কৰে ৷ য়শ দয়াল আৰু আলজাৰি যোচেফে দখল কৰে ১ টাকৈ উইকেট ৷
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মূল একাদশ :
ফাফ ডু প্লেছিছ (অধিনায়ক), বিৰাট কোহলী, ৰজত পাটিদাৰ, গ্লেন মেক্সৱেল, কেমেৰুন গ্ৰীণ, দীনেশ কাৰ্তিক, অনুজ ৰাৱাট (উইকেট কীপাৰ), আলজাৰী জোচেফ, মায়ংক ডাগাৰ, মহম্মদ চিৰাজ, য়শ দয়াল ৷
পঞ্জাব কিংছৰ মূল একাদশ :
শিখৰ ধাৱান (অধিনায়ক), জনী বেইৰষ্টো, প্ৰভসিমৰন সিং, ছেম কাৰেন, জিতেশ শৰ্মা (উইকেট কীপাৰ), লিয়াম লিভিংষ্টন, শশাংক সিং, হৰপ্ৰীত ব্ৰাৰ, হৰ্ষল পেটেল, কাগিছ’ ৰাবাদা, ৰাহুল চাহাৰ ৷
উল্লেখ্য যে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছ দুয়োটা দলে এই ছিজনৰ প্ৰথমখন মেচত পৰাস্ত হৈছে ৷
লগতে পঢ়ক : IPL 2024 : পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি পৰাজয়ৰে অভিযান আৰম্ভ মুম্বাই ইণ্ডিয়ানছৰ - IPL 2024

