ETV Bharat / sports

আৰ চি বিৰ বিজয় উৎসৱত অঘটন: পদপিষ্ট হৈ ১১ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ৪৭ গৰাকী আহত - STAMPEDE IN RCB CELEBRATIONS

আই পি এলৰ প্ৰথমটো খিতাপ দখল কৰাৰ পিছত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয়োৎসৱত অংশগ্ৰহণ কৰিবলৈ এম চিন্নাস্বামী ষ্টেডিয়ামত সমবেত হৈছিল হাজাৰ হাজাৰ অনুৰাগী ।

STAMPEDE IN RCB CELEBRATIONS
আই পি এল ২০২৫ ৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক অভিনন্দন জনাবলৈ বুধবাৰে বেংগালুৰুৰ বিধানসৌধৰ বাহিৰত অনুৰাগীৰ ভিৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : June 4, 2025 at 6:38 PM IST

2 Min Read

বেংগালুৰু: বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সংঘটিত হৈছে ভয়ংকৰ পদপিষ্টৰ ঘটনা ৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দলটো প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰাৰ পিছত বুধবাৰে উপস্থিত হৈছিল বেংগালুৰুত ৷ দলটোক অভিবাদন জনাবলৈ ষ্টেডিয়ামত উপস্থিত হয় হাজাৰ হাজাৰ অনুৰাগী ৷

আৰ চি বিৰ জয়ৰ উপলক্ষে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰলৈ ঢাপলি মেলিছিল সহস্ৰাধিক অনুৰাগী ৷ পিছে আনন্দৰ এই উৎসৱ মুহূৰ্ততে পৰ্যবসিত হয় কৰুণ ঘটনালৈ ৷

জনতাৰ ভিৰ নিয়ন্ত্ৰণ নোহোৱাত সংঘটিত হয় পদপিষ্টৰ ঘটনা ৷ এই ঘটনাত এগৰাকী মহিলাকে ধৰি ১১ গৰাকীয়ে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ৪৭ গৰাকীকৈ লোক ৷ মৃত তথা আহত লোকসকলৰ পৰিচয় পোহৰলৈ অহা নাই ৷

আৰক্ষীৰ সূত্ৰই ই টিভি ভাৰতক জনোৱা মতে, এই হুলস্থুলত এগৰাকী মহিলাকে ধৰি ১১ জন লোকে প্ৰাণ হেৰুৱাইছে যদিও এতিয়ালৈকে নিহত বা আহত লোকৰ সংখ্যাৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা নাই ৷ আহতসকলক ব’ৰিং হাস্পতাললৈ নিয়া হয় যদিও কমেও তিনিজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

ঘটনাটো কেনেদৰে সংঘটিত হ’ল ?

অনুৰাগীৰ ভিৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰি আৰক্ষীয়ে লাঠীচালনা কৰাৰ পাছতো সহস্ৰাধিক অনুৰাগীয়ে বেৰিকেড ভাঙি ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে ৷ এনে সময়তে সংঘটিত হয় পদপিষ্টৰ ঘটনা ।

বুধবাৰে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ উদ্যোগত আৰ চি বি দলৰ বাবে ষ্টেডিয়ামত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । প্ৰত্যক্ষদৰ্শীৰ মতে, সম্বৰ্ধনা অনুষ্ঠানত অনুৰাগীৰ ভিৰ হোৱাৰ লগে লগে হুলস্থুল সৃষ্টি হৈ পদপিষ্টৰ ঘটনা সংঘটিত হয় । আৰক্ষীয়ে আহত আৰু অচেতন হৈ পৰা লোকসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: ১৮ বছৰীয়া প্ৰতীক্ষাৰ অন্তত আৰচিবিৰ বিজয়ত আনন্দৰ লহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.