ETV Bharat / sports

অটুট আছে জনপ্ৰিয়তা, নিৰাপত্তাৰ বেহু ভাঙি কোহলীৰ দুভৰি স্পৰ্শ অনুৰাগীৰ

দিল্লী বনাম ৰে'লৱেৰ ৰঞ্জি ট্ৰফীৰ খেলৰ সময়ত অনুৰাগীয়ে খেলপথাৰত প্ৰৱেশ কৰি বিৰাট কোহলীৰ ভৰি স্পৰ্শ কৰে ৷ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো ৷

Virat Kohli Viral Video
বিৰাট কোহলীৰ ভাইৰেল ভিডিঅ’ (x video screengrab)
author img

By ETV Bharat Sports Team

Published : January 30, 2025 at 1:51 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জি ট্ৰফী 2024-25 ৰ এলিট গ্ৰুপৰ ডি পৰ্যায়ৰ এখন খেলত ৰে'লৱেৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিছে ৷

12 বছৰতকৈও অধিক সময়ৰ মূৰকত কোহলীয়ে ৰঞ্জি মেচ খেলা দেখি বহু অনুৰাগীয়ে ক্ৰিকেটাৰগৰাকীৰ খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামলৈ আহে ৷

অনুৰাগীয়ে স্পৰ্শ কৰিলে কোহলীৰ দুভৰি

বৃহস্পতিবাৰে প্ৰথম দিনাৰ খেলৰ পুৱাৰ ছেচনৰ সময়তে এজন অনুৰাগীয়ে নিৰাপত্তা বেষ্টনী ভাঙি খেলপথাৰৰ মাজভাগত প্ৰৱেশ কৰে ৷ তাৰপিছতে অনুৰাগীজনে বিৰাট কোহলীৰ দুভৰি স্পৰ্শ কৰি আশীৰ্বাদ লয় ।

ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এনে কেইবাটাও ভিডিঅ’ত দেখা গৈছে যে এজন অনুৰাগীয়ে নিৰাপত্তা বেষ্টনীৰ মাজতে খেলপথাৰত প্ৰৱেশ কৰিছে ৷ তাৰপিছতে অনুৰাগীজনে বিৰাটৰ দুভৰি স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰিছে ৷

এই ঘটনাৰ ঠিক পিছতে অনুৰাগীজনক নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকলে আটক কৰে ৷ কিন্তু ভাইৰেল ভিডিঅ’বোৰত দেখা গৈছে যে কোহলীয়ে অনুৰাগীজনক প্ৰহাৰ নকৰিবলৈ নিৰাপত্তা বিষয়াসকলক অনুৰোধ কৰে ৷

ষ্টেডিয়ামত সমবেত 15,000 দৰ্শক

2012 চনৰ নৱেম্বৰৰ পিছত কোহলীৰ প্ৰথমখন ৰঞ্জি ট্ৰফী খেলৰ বাবে বৃহস্পতিবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত উপস্থিত আছিল 15,000 ৰো অধিক অনুৰাগী । ডি ডি চি এ (দিল্লী আৰু জিলা ক্ৰিকেট সংস্থা) য়ে কোহলীৰ প্ৰত্যাৱৰ্তনৰ বাবে প্ৰায় 10,000 দৰ্শকৰ উপস্থিতি কামনা কৰিছিল যদিও এই সীমা নভবাকৈয়ে অতিক্ৰম কৰিছিল ৷ যিটো আছিল ৰঞ্জি ট্ৰফীৰ এখন খেলৰ বাবে অভূতপূৰ্ব ।

অৱশ্যে, কোহলীৰ বাবে অনুৰাগীৰ উন্মাদনা ইমানেই বেছি আছিল যে পুৱতি নিশা 3 বজাৰ লগে লগে অনুৰাগীসকলে ষ্টেডিয়ামৰ বাহিৰত সমবেত হ'বলৈ আৰম্ভ কৰিছিল । অনুমান কৰা হৈছে যে, প্ৰায় 15,000 লোক ষ্টেডিয়ামৰ ভিতৰত-বাহিৰত সমবেত হৈছিল ৷

প্ৰথমে ফিল্ডিং কৰিছে বিৰাট কোহলীৰ দলে

বৰ্তমানৰ দিল্লীৰ অধিনায়ক আয়ুষ বাডোনীয়ে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই সময়ত ৰে'লৱেৰ স্ক’ৰ হৈছে (66/5) । আশা কৰা হৈছে যে, এই সোঁহতীয়া তাৰকা বেটছমেনগৰাকীয়ে শনিবাৰে বেটিং কৰিবলৈ ক্ৰিজলৈ আহিব । দিল্লীৰ অধিনায়কজনে ইতিমধ্যে নিশ্চিত কৰিছে যে কোহলীয়ে তেওঁৰ নিয়মীয়া চতুৰ্থ স্থানত বেটিং কৰিব ।

দুয়োটা দলৰ প্লেয়িং 11

দিল্লী: সনত চাংৱান, অৰ্পিত ৰাণা, যশ ধুল, বিৰাট কোহলী, আয়ুষ বাডোনি (অধিনায়ক), প্ৰণৱ ৰাজবংশী (উইকেটকীপাৰ), সুমিত মাথুৰ, শিৱম শৰ্মা, নৱদীপ চাইনী, মণি গ্ৰেৱাল আৰু সিদ্ধান্ত শৰ্মা ৷

ৰে'লৱে: অংচিত যাদৱ, বিবেক সিং, মহম্মদ চৈফ, সুৰজ আহুজা (অধিনায়ক), উপেন্দ্ৰ যাদৱ (উইকেটকীপাৰ), ভাৰ্গৱ মেৰাই, কৰণ শৰ্মা, আয়ান চৌধুৰী, হিমাংশু চাংৱান, কুনাল যাদৱ আৰু ৰাহুল শৰ্মা ।

লগতে পঢ়ক: মহাকুম্ভতে নহয়, অৰুণ জেটলী ষ্টেডিয়ামতো সংঘটিত হৈছে পদপিষ্টৰ ঘটনা