ETV Bharat / sports

শচীন তেণ্ডুলকাৰকো চেৰ পেলালে ৰজত পাটিদাৰে, আশ্চৰ্যচকিত বিশ্ব ক্ৰিকেট - IPL 2025

RCB vs PBKS খেলখনত আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰে এক বৃহৎ সাফল্য লাভ কৰি সকলোকে আচৰিত কৰি তোলে ।

IPL 2025
ৰজত পাটিদাৰ (AP PHOTO)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 11:59 PM IST

2 Min Read

বেংগালুৰু : ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ অধিনায়ক ৰজত পাটিদাৰ আই পি এলত সৰ্বনিম্ন ইনিংছ খেলি ১০০০ ৰাণ সংগ্ৰহ কৰা দ্বিতীয়জন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে । আই পি এল ২০২৫ৰ ৩৪ সংখ্যক মেচত পঞ্জাব কিংছৰ বিৰুদ্ধে ৩০ সংখ্যক ইনিংছত তেওঁ এই কৃতিত্ব অৰ্জন কৰে । ৰজতে ১৮টা বলত ২৩ ৰাণৰ ইনিংছ খেলিছিল ।

আই পি এলত ভাৰতীয় বেটছমেনে সৰ্বনিম্ন ইনিংছ কৰাৰ অভিলেখ আছে ছাই সুদৰ্শনৰ নামত । তেওঁ মাত্ৰ ২৫ ইনিংছত এই কৃতিত্ব অৰ্জন কৰে । এতিয়া এই তালিকাত দ্বিতীয় স্থানত আহিছে ৰজত পাটিদাৰ । তেওঁ ৩০ ইনিংছত এই কৃতিত্ব অৰ্জন কৰি শচীন তেণ্ডুলকাৰক তৃতীয় স্থানলৈ ঠেলি দিছে, তেণ্ডুলকাৰে ৩১ ইনিংছত ১০০০ ৰাণ সংগ্ৰহ কৰিছিল ।

আই পি এলৰ ১০০০ ৰাণৰ সৰ্বনিম্ন ইনিংছ (ভাৰতীয়)

  • ২৫ - ছাই সুদৰ্শন
  • ৩০ – ৰজত পাটিদাৰ*
  • ৩১ – শচীন তেণ্ডুলকাৰ
  • ৩১- ঋতুৰাজ গাইকোৱাদ
  • ৩৩- তিলক বাৰ্মা

আৰ চি বিৰ হৈ ১০০০ৰো অধিক ৰাণ সংগ্ৰহ কৰা তৃতীয়জন ভাৰতীয় খেলুৱৈ

ইয়াৰ উপৰিও ৰজত পাটিদাৰে বিৰাট কোহলী আৰু দেৱদত্ত পাদিক্কালৰ পিছত আই পি এলত আৰ চি বিৰ হৈ ১০০০ৰো অধিক ৰাণ সংগ্ৰহ কৰা তৃতীয়জন ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হৈছে ।

পঞ্জাৱক ৯৬ ৰাণৰ লক্ষ্য দিয়ে আৰ চি বিয়ে

মেচখনৰ কথা ক’বলৈ গ’লে বৰষুণৰ মাজত বাধাপ্ৰাপ্ত ১৪ অভাৰৰ মেচখনত পঞ্জাব কিংছে (পি বি কে এছ) টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । ইফালে প্ৰথমে বেটিং কৰা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৱে ৯টা উইকেট হেৰুৱাই ৯৫ ৰাণ সংগ্ৰহ কৰে । যাৰ ভিতৰত আছে টীম ডেভিদৰ ৫০ ৰাণৰ উজ্জ্বল ইনিংছ । ইয়াৰ বাহিৰে আন কোনো আৰ চি বিৰ বেটছমেনে প্ৰদৰ্শন কৰিব নোৱাৰিলে ।

লগতে পঢ়ক : মুম্বাইৰ বিৰুদ্ধে অৱৰ্তীণ হোৱাৰ পূৰ্বে এজন বিস্ফোৰক বেটছমেনক দলত অন্তৰ্ভূক্ত চি এছ কেৰ

আই পি এলত ৰোহিত শৰ্মাই ৰচিলে এক অনন্য অভিলেখ

আই পি এল ইতিহাসত নিম্ন স্ক'ৰ কৰিও জয়লাভ কৰা 5 মেচ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.