ETV Bharat / sports

বৰ্ষাপাৰাত চেন্নাই চুপাৰ কিংছৰ সন্মুখত 183 ৰাণৰ লক্ষ্য

আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মুখামুখি ৷ হালধীয়া দলটোক ৰাজস্থান ৰয়েলছে বান্ধি দিয়ে 183 ৰাণৰ লক্ষ্য ৷

IPL 2025
ৰাজস্থান ৰয়েলছ বনাম চেন্নাই চুপাৰ কিংছ (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 10:11 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী: দেওবাৰে আই পি এল 2025 ৰ আন এখন মেচ অনুষ্ঠিত হৈছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৷ এই মেচখন ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হয় ৷

মেচৰ পূৰ্বে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চেন্নাই চুপাৰ কিংছে ৷ প্ৰতিপক্ষৰ আমন্ত্ৰণমৰ্মে বেটিং কৰিবলৈ প্ৰথমে ক্ৰিজলৈ অহা ৰাজস্থানৰ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 182 ৰাণ ৷

ৰাজস্থান ৰয়েলছৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে নীতিশ ৰাণাই ৷ ক্ৰিকেটাৰগৰাকীয়ে 10 টা চাৰি আৰু 5 টা ছয়ৰ সহায়ত 36 টা বলত সংগ্ৰহ কৰে 81 ৰাণ ৷ অৱশ্যে ৰবিচন্দ্ৰন অশ্বিনৰ বলত এম এছ ধোনীৰ হাতত কেচ তুলি দি ক্ৰিজৰ পৰা বিদায় লয় ক্ৰিকেটাৰগৰাকীয়ে ৷

চেন্নাই চুপাৰ কিংছৰ হৈ খলিল আহমেদ, নুৰ আহমেদ আৰু মথিশা পথিৰাণে দখল কৰে দুটাকৈ উইকেট ৷ লগতে ৰবীন্দ্ৰ জাদেজা আৰু ৰবিচন্দ্ৰন অশ্বিনে লাভ কৰে এটাকৈ উইকেট ৷

এই বাতৰি লিখাৰ পৰলৈকে চেন্নাই চুপাৰ কিংছৰ দলটোৱে ক্ৰিজত বেটিং কৰি আছে ৷ দলটোৰ হৈ 6 অভাৰত দলটোৱে এটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 42 ৰাণ ৷

লগতে পঢ়ক: ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি দিল্লী কেপিটেলছৰ দ্বিতীয়টো জয়