ETV Bharat / sports

ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ'ব ৰিয়ান; যোগ্যতা প্ৰদৰ্শনৰ সুৱৰ্ণ সুযোগ - RR NEW CAPTAIN RIYAN PARAG

ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ দায়িত্ব লাভ কৰিলে ৰিয়ান পৰাগে । প্ৰথম ৩ খন মেচত পৰাগে দলটোক নেতৃত্ব দিব ।

Riyan Parag Appointed as Rajasthan Royals Captain
ৰাজস্থান ৰয়েলছৰ অধিনায়ক হ'ব ৰিয়ান (ANI)
author img

By ETV Bharat Assamese Team

Published : March 20, 2025 at 1:50 PM IST

2 Min Read

হায়দৰাবাদ : সমাগত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ । প্ৰতিটো দলে ইতিমধ্যে তেওঁলোকে ঘৰুৱা খেলপথাৰত প্ৰস্তুতি চলাই আছে । ইয়াৰ মাজতে ৰাজস্থান ৰয়েলছৰ অনুৰাগীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ । অসমৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগ হ'ব দলটোৰ নতুন অধিনায়ক । আইপিএলৰ আগন্তুক ছিজনৰ প্ৰথম ৩ খন মেচত দলটোক নেতৃত্ব দিব ৰিয়ান পৰাগে ।

ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক

ৰাজস্থান ৰয়েলছে ঘোষণা কৰিছে যে ৰিয়ান পৰাগে আইপিএল ২০২৫ৰ প্ৰথম তিনিখন খেলৰ বাবে দলটোক নেতৃত্ব দিব । যুৱ অলৰাউণ্ডাৰে ২৩ মাৰ্চত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে উদ্বোধনী খেলত দায়িত্ব গ্ৰহণ কৰিব । তাৰ পিছত ২৬ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰু ৩০ মাৰ্চত ৫ বাৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত মুখামুখি হ'ব ।

অৱশ্যে খেলখনত সঞ্জু ছেমচনো উপলব্ধ থাকিব । বেটাৰ হিচাপেহে ছেমচনো খেলকেইখন খেলিব । সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত ছেমচনে পুনৰ দলৰ নেতৃত্ব ল'ব ।

ৰিয়ানৰ সন্মুখত সুৱৰ্ণ সুযোগ

অৱশ্যে যুৱ অলৰাউণ্ডাৰ ৰিয়ান পৰাগৰ ওপৰত যে ফ্ৰেঞ্জাইজিৰ আস্থা বৰ্তি আছে সেই কথা তেওঁক অধিনায়কত্ব প্ৰদান কৰাৰ লগে লগে স্পষ্ট হৈ পৰিছে । অধিনায়ক হিচাপে অসমৰ ৰঞ্জি দলৰ হৈ ৰিয়ানৰ প্ৰদৰ্শনো সম্ভৱত বিবেচনা কৰিছে ফ্ৰেঞ্জাইজিয়ে । গতিকে ৰিয়ান পৰাগৰ বাবে আইপিএলৰ আগন্তুক ছিজনৰ প্ৰথম ৩ খন মেচ হ'ব অতি গুৰুত্বপূৰ্ণ । কেৱল অলৰাউণ্ডাৰ হিচাপে নহয়, অধিনায়ক হিচাপেও তেওঁৰ যোগ্যতা প্ৰদৰ্শনৰ এয়া সুন্দৰ সুযোগ হ'ব ।

ৰিয়ান পৰাগক ৰাজস্থানৰ অধিনায়ক হিচাপে মনোনীত কৰাৰ লগে লগে অসমত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । কিয়নো ৰিয়ানে ঘৰুৱা খেলপথাৰ অৰ্থাৎ গুৱাহাটীত হ'বলগীয়া দুয়োখন মেচতে দলটোৰ অধিনায়কৰ দায়িত্বত থাকিব ।

ৰাজস্থান ৰয়েলছে ২০০৮ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণত ট্ৰফী লাভ কৰিছিল । তেতিয়া দলটোৰ অধিনায়ক আছিল অষ্ট্ৰেলিয়াৰ তাৰকা স্পিনাৰ শ্বেন ৱাৰ্ণ ।

উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নতুন ছিজন ২২ মাৰ্চৰ পৰা আৰম্ভ হ'ব । ছিজনৰ প্ৰথম খেল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰচিবি) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ)ৰ মাজত হ'ব ।

লগতে পঢ়ক :হাৰ্দিক পাণ্ডিয়াৰ ওপৰত নিষেধাজ্ঞা; মুম্বাই ইণ্ডিয়ানছক চম্ভালিব সূৰ্যকুমাৰ যাদৱে - IPL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.