ETV Bharat / sports

চেন্নাইক ৬ ৰাণত পৰাস্ত কৰি আই পি এলত প্ৰথমটো বিজয় ৰাজস্থানৰ - IPL 2025

আনহাতে একেৰাহে দ্বিতীয়খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে চেন্নাই । ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হাতত পৰাস্ত হৈছিল দলটো ।

RR vs CSK
চেন্নাইক ৬ ৰাণত পৰাস্ত কৰি আই পি এলত প্ৰথমটো বিজয় ৰাজস্থানৰ (@rajasthanroyals)
author img

By ETV Bharat Assamese Team

Published : March 31, 2025 at 7:18 AM IST

2 Min Read

হায়দৰাবাদ: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছক ৬ ৰাণত পৰাস্ত কৰি ৰাজস্থান ৰয়েলছে আই পি এলত প্ৰথমটো বিজয় সাব্যস্ত কৰে । ৰাজস্থানৰ বাবে বিজয়ৰ সৰ্ববৃহৎ নায়ক আছিল নীতিশ ৰাণা আৰু ৱানিন্দু হাছৰংগা । প্ৰথমে বেটিং কৰি নীতিশে ৩৬টা বলত ৮১ ৰাণ সংগ্ৰহ কৰে । বলিং কৰাৰ সময়ত হাছৰংগাই ৪ অভাৰত ৩৫ ৰাণত ৪ উইকেট দখল কৰে ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ একাদশ মেচখনত ৰাজস্থানে টছত হাৰি প্ৰথমে বেটিং কৰি ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৮২ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত চেন্নাইয়ে নিৰ্ধাৰিত অভাৰত ৬ উইকেটৰ বিনিময়ত মাত্ৰ ১৭৬ ৰাণহে কৰিব পাৰিছিল । চেন্নাইৰ হৈ ৰুতুৰাজ গাইকোৱাদে সৰ্বাধিক ৬৩ ৰাণ সংগ্ৰহ কৰে ।

চলিত প্রতিযোগিতাত তিনিখন মেচত ৰাজস্থানৰ এয়া প্রথম জয়৷ আনহাতে চেন্নাইৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয় । আমোদজনক কথাটো হ’ল এই জয়ৰ জৰিয়তে ৰাজস্থানে পইণ্ট তালিকাৰ নৱম স্থান দখল কৰিছে । আনহাতে, চি এছ কে সপ্তম স্থানত আছে । আৰ চি বি চাৰি পইণ্ট আৰু নেট ৰাণ ৰেট ২.২২৬ সৈতে শীৰ্ষত আছে ।

ৰাজস্থানে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য অনুসৰণ কৰি বেটিং কৰিবলৈ অহা চি এছ কেৰ আৰম্ভণি বেয়া আছিল । প্ৰথম অভাৰতে জফ্ৰা আৰ্চাৰে ৰচিন ৰবিন্দ্ৰৰ উইকেট লৈ দলটোক প্ৰথমটো আঘাত দিয়ে । ৰচিনে নিজৰ একাউণ্টো খুলিব নোৱাৰিলে । ইয়াৰ পিছত ৰাহুল ত্ৰিপাঠী আৰু অধিনায়ক ৰুতুৰাজ গাইকৱাদে ফ্ৰণ্টৰ দায়িত্ব লয় । দ্বিতীয়টো উইকেটৰ বাবে ৩৯টা বলত ৪৬ ৰাণৰ অংশীদাৰিত্ব আছিল দুয়োৰে । ২৩ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল ত্ৰিপাঠী ।

একে সময়তে গাইকৱাদে ৪৪টা বলত ৬৩ ৰাণ সংগ্ৰহ কৰে ৷ শিৱম ডুবেই ১৮ ৰাণ, বিজয় শংকৰে ৯, মহেন্দ্ৰ সিং ধোনীয়ে ১৬ ৰাণ সংগ্ৰহ কৰে । ৰবীন্দ্ৰ জাডেজা আৰু জেমী অভাৰটনে ক্ৰমে ৩২ আৰু ১১ ৰাণত অপৰাজিত হৈ থাকে । এই খেলখনত ৰাজস্থানৰ হৈ ৱানিন্দু হাছৰংগাই ৪টা উইকেট দখল কৰে । তেওঁৰ উপৰিও জোফ্ৰা আৰ্চাৰ আৰু সন্দীপ শৰ্মাই এটাকৈ সফলতা লাভ কৰে ।

লগতে পঢ়ক: বৰ্ষাপাৰাত চেন্নাই চুপাৰ কিংছৰ সন্মুখত 183 ৰাণৰ লক্ষ্য

ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি দিল্লী কেপিটেলছৰ দ্বিতীয়টো জয়

36 ৰাণত জয়ী গুজৰাট; একেৰাহে দ্বিতীয়বাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হাৰ্দিকৰ দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.