এইজন খেলুৱৈৰ অবিহনে ভাৰতে চেম্পিয়নছ ট্ৰফী লাভ নকৰিলেহেঁতেন: ৰবিচন্দ্ৰন অশ্বিন
চেম্পিয়নছ ট্ৰফী ২০২৫ত প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা প্ৰদানৰ আই চি চিৰ সিদ্ধান্তৰ সৈতে একমত নহয় ৰবিচন্দ্ৰন অশ্বিন ।

Published : March 11, 2025 at 1:56 PM IST
নতুন দিল্লী: চেম্পিয়নছ ট্ৰফী ২০২৫ত প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা প্ৰদান কৰাৰ আই চি চিৰ সিদ্ধান্তৰ সৈতে একমত নহয় ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন । অশ্বিনৰ মতে চেম্পিয়নছ ট্ৰফী প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা ভাৰতৰ ‘মিষ্ট্ৰী স্পিনাৰ’ বৰুণ চক্ৰৱৰ্তীক প্ৰদান কৰিব লাগিছিল ।
শেহতীয়াকৈ সমাপ্ত হোৱা আই চি চি চেম্পিয়নছ ট্ৰফীত টীম ইণ্ডিয়াই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই অপৰাজিত হৈ ট্ৰফী দখল কৰে । অধিনায়ক ৰোহিত শৰ্মাক তেওঁ আকৰ্ষণীয়া প্ৰদৰ্শনৰ বাবে ফাইনেলত ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হয় । একে সময়তে সমগ্ৰ প্ৰতিযোগিতাখনতে বেট আৰু বল দুয়োটাৰে উজ্জ্বল প্ৰদৰ্শন কৰা নিউজীলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ ৰচিন ৰবিন্দ্ৰক ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ বঁটা প্ৰদান কৰা হয় । কিন্তু, এতিয়া অশ্বিনে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এই বঁটা ৰচিন ৰবীন্দ্ৰৰ সলনি বৰুণ চক্ৰৱৰ্তীক দিব লাগিছিল ।

এই বিষয়ে নিজৰ ইউটিউব চেনেল ‘এছ কি বাত’ত অশ্বিনে বৰুণক বহুত প্ৰশংসা কৰে । তেওঁ কয়, ‘মোৰ মতে বৰুণ চক্ৰৱৰ্তীয়ে ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ বঁটা লাভ কৰিব লাগিছিল । সম্ভৱত তেওঁ হয়তো গোটেই প্ৰতিযোগিতাখন খেলিব নোৱাৰিলে, কিন্তু, তেওঁ খেলা মেচবোৰত ডাঙৰ প্ৰভাৱ পেলাইছিল । বৰুণৰ অবিহনে ভাৰতে কাপ জয় নকৰিলেহেঁতেন । ফাইনেলত তেওঁ গ্লেন ফিলিপছক যিদৰে আউট কৰিছিল সেয়া আশ্চৰ্যজনক আছিল । মই বিচাৰক হ’লে বৰুণক প্লেয়াৰ অৱ দ্য ছিৰিজৰ বঁটা দিলোঁহেঁতেন । বৰুণ যোগ্য ।
ফাইনেলত ২টা উইকেট দখল কৰি বৰুণ চক্ৰৱৰ্তীয়ে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সামগ্ৰিকভাৱে তেওঁ প্ৰতিযোগিতাখনৰ ৩খন মেচত ৯টা উইকেট দখল কৰাৰ লগতে সৰ্বকালৰ সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত মেট হেনৰীৰ পিছতে দ্বিতীয় স্থান দখল কৰে । প্ৰথম ২ খন মেচত তেওঁ টীম ইণ্ডিয়াৰ প্লেইং-১১ৰ অংশ নাছিল ।
চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতে নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি কিৱি দলটোৱে ৫০ অভাৰত ২৫১ ৰাণ সংগ্ৰহ কৰে । ভাৰতে এই লক্ষ্য অনুসৰণ কৰি এটা অভাৰ বাকী থকা অৱস্থাত ৪ উইকেটত জয়লাভ কৰি সপ্তম আই চি চি ট্ৰফী লাভ কৰে ।

