ঝেজিয়াং : ঝেজিয়াঙৰ নিংবোত অনুষ্ঠিত হোৱা বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপ ২০২৫ত বৃহস্পতিবাৰে ভাৰতে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হয় । দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু দ্বিতীয় ৰাউণ্ডত পৰাস্ত হোৱাৰ পিছত প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয় । বৃহস্পতিবাৰে মহিলা একক শাখাৰ দ্বিতীয় ৰাউণ্ডত ১৭ নং স্থানৰ পি ভি সিন্ধু তৃতীয় স্থানৰ জাপানী শ্বাটলাৰ আকানে ইয়ামাগুচিৰ হাতত ২-১ ত পৰাস্ত হয় ।
এছিয়ান চেম্পিয়নশ্বিপৰ পৰা বাহিৰ পি ভি সিন্ধু
ইণ্ডোনেছিয়াৰ এষ্টাৰ নুৰমি ট্ৰাই ৱাৰ্ডোয়’ৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাখনত নিজৰ অভিযান আৰম্ভ কৰিছিল যদিও ভাৰতীয় শ্বাটলাৰগৰাকীয়ে দ্বিতীয় ৰাউণ্ডত বিজয় ধাৰা অক্ষুণ্ণ ৰাখিব নোৱাৰিলে । আকানে ইয়ামাগুচিৰ বিৰুদ্ধে এঘণ্টা ছয় মিনিটৰ খেলখনত ২১-১২, ১৬-২১, ২১-১৬ ত পৰাস্ত হয় সিন্ধু ।
#BadmintonAsiaChampionships2025
— Vinayakk (@vinayakkm) April 10, 2025
Ah well, PV Sindhu fights back in the decider but Akane Yamaguchi had a big enough lead to hold on, 21-16. Some really good rallies b/w these 2 old foes, but not to be for Sindhu. With a better start to Game 3, she could have actually won this. pic.twitter.com/4bBgdIT4G0
জাপানী শ্বাটলাৰগৰাকীয়ে প্ৰথম ছেটত সহজেই ২১-১২ ত জয়লাভ কৰে যদিও দ্বিতীয় ছেটত সুন্দৰ প্ৰত্যাৱৰ্তন কৰে আৰু নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই ২১-১৬ ত ছেটতো নিজৰ নামত কৰে । কন্তু তৃতীয় আৰু নিৰ্ণায়ক ছেটত সিন্ধুৱে ১৬-২১ ত পৰাস্ত হয় ।
২০২৫ চনত পি ভি সিন্ধুৰ নিৰাশজনক প্ৰদৰ্শন অব্যাহত
দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৰ দুৰ্বল প্ৰদৰ্শন ২০২৫ বৰ্ষতো অব্যাহত আছে । বিগত চাৰিখন প্ৰতিযোগিতাত সিন্ধুৱে দ্বিতীয় ৰাউণ্ডৰ পৰা অগ্ৰগতি লাভ কৰিব পৰা নাই । জানুৱাৰী মাহত ইণ্ডিয়া অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছত ইণ্ডোনেছিয়া মাষ্টাৰছ, অল ইংলেণ্ড অ’পেন আৰু ছুইছ অ’পেনত প্ৰথম ৰাউণ্ডত সিন্ধু পৰাজয়ৰ সন্মুখীন হয় ।
সিন্ধুৰ বাহিৰ হোৱাৰ লগে লগে বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপত ভাৰতৰ একক অভিযানৰ অন্ত পৰিল, কিয়নো কিৰণ জৰ্জ আৰু প্ৰিয়ংশু ৰাজাৱটেও দ্বিতীয় ৰাউণ্ডৰ মেচত পৰাস্ত হয় । ইয়াৰ পূৰ্বে বুধবাৰে এইচ এছ প্ৰণয় আৰু লক্ষ্য সেন প্ৰথম ৰাউণ্ডত বাহিৰ হৈছিল ।
অৱশ্যে মিক্সড ডাবলছৰ যুটি ধ্ৰুৱ কপিলা আৰু তানিছা ক্ৰাষ্টোৱে চাইনিজ টাইপেইৰ য়ে হংৱেই আৰু নিকোল গনজালেছ চানক ১২-২১, ২১-১৬, ২১-১৮ ত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । তেওঁলোক পৰৱৰ্তী পৰ্যায়ত কপিলা আৰু ক্ৰাষ্টোৰ বিৰুদ্ধে হংকঙৰ পঞ্চম ছিড চুন মান টাং আৰু ইং ছুয়েট চেৰ মুখামুখি হ’ব ।
লগতে পঢ়ক : পুনৰ এবাৰ চেন্নাই চুপাৰ কিংছৰ নেতৃত্ব দিবলৈ সাজু এম এছ ধোনী