আহমেদাবাদ : জয়েৰে আই পি এল অভিযান আৰম্ভ পঞ্জাব কিংছৰ । শ্ৰেয়স আয়াৰৰ নতুন অধিনায়কত্বত পঞ্জাবে আই পি এলৰ অষ্টদশ সংস্কৰণৰ পঞ্চম মেচত গুজৰাট টাইটাইনছৰ বিৰুদ্ধে ১১ ৰাণত জয়লাভ কৰে । পঞ্জাব কিংছৰ হৈ ৪২ বলত অপৰাজিত ৯৭ ৰাণৰ এক অধিনায়কোচিত ইনিংছ উপহাৰ দিয়ে শ্ৰেয়স আয়াৰে ।
আনহাতে, শশাংক সিঙৰ বেটেৰে এক ধুমুহাৰ সৃষ্টি কৰে । আয়াৰৰ উজ্জ্বল প্ৰদৰ্শনৰ পিছত শশাংক শৰ্মাই মাত্ৰ ১৬ টা বলত ৪৪ ৰাণ সংগ্ৰহ কৰে । যাৰ দ্বাৰা পঞ্জাবে নিৰ্ধাৰিত অভাৰত পাঁচ উইকেটত ২৪৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ইয়াৰ প্ৰত্যুত্তৰত গুজৰাট টাইটানছৰ ইনিংছ পাঁচ উইকেটত ২৩২ ৰাণতে সীমাবদ্ধ ৰাখে । গুজৰাটৰ হৈ সাই সুদৰ্শনে ৪১ বলত ৭৪ আৰু জছ বাটলাৰে ৩৩ বলত ৫৪ ৰাণ সংগ্ৰহ কৰে ।
আয়াৰে নিজৰ ইনিংছটো নটা ছয় আৰু পাঁচটা চাৰিৰে সজায় । কিন্তু প্ৰথম আই পি এল শতকৰ পৰা তেওঁ পুনৰ এবাৰ বঞ্চিত হ'বলগা হয় । কিয়নো শশাংক শৰ্মাই অন্তিম অভাৰত 23 ৰাণ সংগ্ৰহ কৰি শ্ৰেয়সক ক্ৰিজলৈ অহাৰ সুবিধাই নিদিলে । শশাংকই নিজৰ মাৰমুখী ইনিংছটোত ছয়টা চাৰি আৰু দুটা ছয় কোবায় ।
উল্লেখ্য যে ডেথ অভাৰত গুজৰাট টাইটানছৰ বলাৰসকলক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰে শশাংক আৰু শ্ৰেয়সে । যাৰ ফলত পঞ্জাবে অন্তিম আঠ অভাৰত ১৩৫ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ উপৰি গুজৰাটৰ ফিল্ডিঙো সিমান এটা চকুত পৰা বিধৰ নাছিল ।
২৪৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটেও শুভমন গিল আৰু সাই সুদৰ্শনৰ দৃঢ়তাপূৰ্ণ আৰম্ভণিৰে মাত্ৰ ছয় অভাৰতে ৬১ ৰাণ সংগ্ৰহ কৰে । কিন্তু ঘৰুৱা দলটোৰ অধিনায়কগৰাকী ১৪ বলত ৩৩ ৰাণত গ্লেন মেক্সৱেলৰ চিকাৰ হয় ।
ইয়াৰ পিছত জছ বাটলাৰে সুদৰ্শনৰ সৈতে মিডল অৰ্ডাৰত যোগ দি দুয়োৱে দলৰ বাবে দ্ৰুতগতিত ৰাণ সংগ্ৰহ অব্যাহত ৰাখে । অৱশ্যে বাটলাৰৰ সৈতে দ্বিতীয় উইকেটত ৮৪ ৰাণৰ যুটি বন্ধাৰ পিছত সুদৰ্শনে অৰ্শদীপ সিঙৰ এটি সাধাৰণ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে ।
কিন্তু বাটলাৰ ক্ৰীজত থকালৈকে গুজৰাটৰ জয়ৰ আশাও সজীৱ হৈ আছিল । সুদৰ্শনৰ উইকেট হেৰুওৱা সত্ত্বেও দলটোৱে শ্বেৰফানে ৰাডাৰফ'ৰ্ডৰ দৃঢ়তাপূৰ্ণ ইনিংছত জয়ৰ দিশে ক্ৰমশ অগ্ৰসৰ হয় । মাৰ্কাছ ষ্টইনিছৰ এটা অভাৰত দুটা ছয় আৰু এটা চাৰি কোবাই ঘৰুৱা দলটোৰ জয়ৰ সম্ভাৱনা জীয়াই ৰাখে ।
কিন্তু ইম্পেক্ট প্লেয়াৰ হিচাপে খেলপথাৰত বিজয়কুমাৰ বৈশাকে অসাধাৰণ মিডিয়াম পেচাৰৰ ৰূপত অৱতীৰ্ণ হয় । তেওঁ 15 নম্বৰ অভাৰত মাত্ৰ পাঁচ ৰাণ দি পঞ্জাবক পুনৰ জয়ৰ দিশলৈ এখোজ আগবঢ়াই নিয়ে ।
ইফালে মাৰ্কো জানচেনক আক্ৰমণলৈ অনাৰ সময়ত গুজৰাটক জয়ৰ বাবে অন্তিম 30 টা বলত 70 ৰাণৰ প্ৰয়োজন হৈছিল । কিন্তু দক্ষিণ আফ্ৰিকান বাওঁহতীয়া পেচাৰজনে নিজৰ অভাৰটোত মাত্ৰ ৮ ৰাণ দি বেটিং দলৰ সমস্যা অধিক জটিল কৰি তোলে । অৱশেষত জয়ৰ বাবে ১২ ৰাণৰ প্ৰয়োজন হৈ থকা অৱস্থাতে গুজৰাটৰ ইনিংছৰ নিৰ্ধাৰিত অ'ভাৰ সমাপ্ত হয় । ফলত মেচখনত শ্ৰেয়স বাহিনীয়ে ১১ ৰাণত বিজয় সাব্যস্ত কৰে ।