বেংগালুৰু : চিন্নাস্বামী খেলপথাৰত দেখা গ’ল পঞ্জাৱ কিংছৰ আধিপত্য । একপক্ষীয় খেলত পঞ্জাবে আৰ চি বিক ৫ উইকেটত পৰাস্ত কৰে । বৰষুণ প্ৰভাৱিত মেচখনত প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ৯টা উইকেট হেৰুৱাই কোনোমতে ৯৫ ৰাণ স্ক’ৰব’ৰ্ডত ৰাখিবলৈ সক্ষম হয় । ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ টিম ডেভিদে অকলে যুঁজি ২৬টা বলত ৫০ ৰাণৰ দ্ৰুত ইনিংছ খেলিছিল । পঞ্জাবে ১২.১ অভাৰত ৫টা উইকেট হেৰুৱাই ৯৬ ৰাণৰ লক্ষ্যত উপনীত হয় । আৰ চি বিৰ পক্ষত থকা মেচখন ১৯ বলত ৩৩ ৰাণৰ অপৰাজিত ইনিংছ খেলি নেহাল বাধেৰাই পঞ্জাৱৰ পক্ষত ঘূৰাই আনে ।
নেহালে এটা ডাঙৰ ইনিংছ খেলিলে
৯৬ ৰাণৰ লক্ষ্য খেদি ষ্টেডিয়ামলৈ অহা পঞ্জাৱৰ আৰম্ভণি বেয়া হয় । প্ৰভসিমৰণ সিঙে ১৩ ৰাণ সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছত প্ৰিয়ংশ আৰ্যও ১১টা বলত ১৬ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । পঞ্জাৱৰ স্ক’ৰে মাত্ৰ ৫০ ৰাণ অতিক্ৰম কৰিছিল যেতিয়া জোছ হেজলউডে একেটা অভাৰতে দলটোক দুটা ডাঙৰ আঘাত দিছিল । একেটা অভাৰতে হেজলউডে অধিনায়ক শ্ৰেয়াছ আয়াৰ (৭) আৰু জোছ ইংলিছ (১৪)ক আউট কৰে ।
মেচখনত আৰ চি বিয়ে আধিপত্য বিস্তাৰ কৰিছিল যদিও নেহাল বাধেৰাই ঘৰুৱা দলটোক সপোন বাস্তৱায়িত কৰিবলৈ নিদিলে । কম স্ক’ৰ কৰা মেচখনত নেহালে ১৯টা বলত ১৭৩ ৰাণ ষ্ট্ৰাইক ৰেটত অপৰাজিত ৩৩ ৰাণ সংগ্ৰহ কৰি ১২.১ অভাৰত লক্ষ্যত উপনীত হয় । বধেৰাৰ বেটে ৩ চাৰি আৰু সমানসংখ্যক গগণচুম্বী ছয় মাৰিলে । বলিঙত ভুৱনেশ্বৰ কুমাৰে দুটা আৰু হেজলউডে তিনিটা উইকেট দখল কৰে যদিও দলটোক জয়ৰ দিশত আগুৱাই নিব নোৱাৰিলে ।
টিম ডেভিদে অকলে যুঁজিছিল
টছত পৰাস্ত হোৱাৰ পিছত আৰ চি বিয়ে প্ৰথমে বেটিং কৰিবলৈ সোমাইছিল যদিও তেওঁলোকৰ বেটিং অৰ্ডাৰ কাৰ্ডৰ পেকেটৰ দৰে ভাঙি পৰিল । প্ৰথম অভাৰত ৪ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল ফিল ছল্ট । একে সময়তে ৰজা কোহলীৰ একাউণ্টত মাত্ৰ এটা ৰাণহে আহিছিল । লিয়াম লিভিংষ্টনেও বাউণ্ডেৰী মাৰি পেভিলিয়নলৈ উভতি আহিছিল, আনহাতে ক্ৰুনাল পাণ্ডিয়াই কেৱল নিজৰ একাউণ্ট খুলিব পাৰিছিল । অধিনায়ক ৰজত পাটিদাৰে ১৮টা বলত ২৩ ৰাণ সংগ্ৰহ কৰে । এটা পৰ্যায়ত আৰ চি বিয়ে ৪২ ৰাণত ৭টা উইকেট হেৰুৱাইছিল আৰু দলটোৱে আই পি এলৰ সৰ্বনিম্ন ৰাণত অল আউটৰ দিশে আগবাঢ়িছিল ।
অৱশ্যে অন্তিম অভাৰত টিম ডেভিদে দায়িত্ব ল’লে আৰু আৰ চি বিৰ হৈ এককভাৱে যুঁজ দিয়ে । ডেভিদে ২৬ বলত ৫০ ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল । ১৯২ ষ্ট্ৰাইক ৰেটত খেলি ডেভিদে ৫টা চাৰি আৰু তিনিটা ছয় মাৰে । পঞ্জাৱৰ প্ৰতিজন বলাৰে বলিঙত নিজৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰে । আৰ্শদীপ সিং, মাৰ্কো জান্সেন, যুজবেন্দ্ৰ চাহাল আৰু হৰপ্ৰীত ব্ৰাৰে দুটাকৈ উইকেট দখল কৰে । এই ছিজনত আৰ চি বিৰ এয়া তৃতীয়টো পৰাজয়ৰ বিপৰীতে পঞ্জাবে পঞ্চমটো জয়ৰ সোৱাদ লৈছে ।