ETV Bharat / sports

চেন্নাই ছুপাৰ কিংছক ১৮ ৰাণত পৰাস্ত পঞ্জাব কিংছৰ, প্ৰিয়ংশ আৰ্যক মেন অৱ দা মেচ - IPL 2025

আই পি এলৰ চতুৰ্থখন মেচত পৰাস্ত চেন্নাই ছুপাৰ কিংছ ৷ পঞ্জাৱৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল প্ৰিয়ংশ আৰ্যই ।

IPL 2025
চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰিলে পঞ্জাব কিংছে (AP)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 7:31 AM IST

2 Min Read

চণ্ডীগড়: আই পি এল ২০২৫ৰ ২২ সংখ্যক মেচত পঞ্জাব কিংছে ঘৰুৱা খেলপথাৰত চেন্নাই ছুপাৰ কিংছক ১৮ ৰাণত পৰাস্ত কৰে । ৪খন মেচত পঞ্জাব কিংছৰ এয়া তৃতীয়টো জয়, আনহাতে চেন্নাই ছুপাৰ কিংছৰ ৫খন মেচত চতুৰ্থটো পৰাজয় । এই পৰাজয়ৰ লগে লগে চেন্নাই ২ পইণ্টেৰে পইণ্ট তালিকাৰ নৱম স্থানত থকাৰ বিপৰীতে পঞ্জাব ৬ পইণ্টেৰে ৪ নম্বৰ স্থানত আছে ।

চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰিলে পঞ্জাব কিংছে

চণ্ডীগড়ৰ মুল্লাপুৰত অনুষ্ঠিত এই খেলখনত টছত জিকি পঞ্জাব কিংছে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২১৯ ৰাণ সংগ্ৰহ কৰে । চেন্নাই ছুপাৰ কিংছে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই মাত্ৰ ২০১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু মেচখনত ১৮ ৰাণত পৰাস্ত হয় ।

পঞ্জাবে নিৰ্ধাৰণ কৰি দিয়া ২২০ ৰাণৰ লক্ষ্য খেদি খেদি চি এছ কেৰ হৈ সৰ্বাধিক ৬৯ ৰাণ সংগ্ৰহ কৰে ডেভন কনৱেই । এই সময়ছোৱাত তেওঁ ৪৯টা বলৰ মুখামুখি হৈছিল আৰু ৬টা চাৰি আৰু ২টা ছয় মাৰিছিল । তেওঁৰ বাহিৰেও ৰচিন ৰবিন্দ্ৰই ২৩টা বলত ৬টা চাৰিৰে ৩৬ ৰাণ সংগ্ৰহ কৰে ।

চি এছ কেৰ হৈ ইমপেক্ট খেলুৱৈ শিৱম ডুবেই ২৭টা বলত ৩টা চাৰি আৰু ২টা ছয়ৰে ৪২ ৰাণৰ ইনিংছ খেলিছিল । ধোনীয়ে ১ চাৰি আৰু ২ ছয়ৰে ২৭ ৰাণ অৰিহণা যোগাইছিল যদিও নিজৰ দলটোক জয়ত সহায় কৰিব নোৱাৰিলে । পঞ্জাৱৰ হৈ লকি ফাৰ্গুচনে ২টা, যশ ঠাকুৰ আৰু গ্লেন মেক্সৱেলে ১টাকৈ উইকেট দখল কৰে ।

খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয় প্ৰিয়ংশ আৰ্য

ইয়াৰ পূৰ্বে প্ৰিয়ংশ আৰ্যই মাত্ৰ ৩৯টা বলত শতক সম্পূৰ্ণ কৰিছিল । প্ৰিয়ংশে ৭টা চাৰি আৰু ৯টা ছয়ৰে তেওঁৰ দলটোৰ হৈ ১০৩ ৰাণৰ ইনিংছ খেলিছিল, যাৰ বাবে তেওঁ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰিছিল । তেওঁৰ বাহিৰেও শশাংক সিঙে ৩৬টা বলত ২টা চাৰি আৰু ৩টা ছয়ৰে ৫২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে মাৰ্কো জান্সেনে ১৯টা বলত ২টা চাৰি আৰু ২টা ছয়ৰে ৩৪ ৰাণ সংগ্ৰহ কৰে । চি এছ কেৰ হৈ ৰবিচন্দ্ৰন অশ্বিন আৰু খলিল আহমেদে ২টাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক: আৰ চি বিৰ হাতত ১২ ৰাণত পৰাস্ত মুম্বাই, মেচখনৰ নায়কত পৰিণত ৰজত পাটিদাৰ

RCB-এ দখল কৰিব IPL২০২৫ৰ খিতাপ, ললিত মোদীৰ ভৱিষ্যদ্বাণী

শুভমন গিলৰ অৰ্ধশতক-চিৰাজৰ ৪ উইকেট, গুজৰাট টাইটানছৰ ৭ উইকেটত জয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.