ETV Bharat / sports

চাহালৰ স্পিনত আবদ্ধ কলকাতা, ১১১ ৰাণ ৰক্ষা কৰি ইতিহাস ৰচনা পঞ্জাবৰ

পঞ্জাৱে নিৰ্ধাৰণ কৰি দিয়া ১১১ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ ৯৫ ৰাণত স্তব্ধ কলকাতা ।

IPL 2025
চাহালৰ স্পিনত আবদ্ধ কলকাতা (IANS)
author img

By ETV Bharat Assamese Team

Published : April 15, 2025 at 11:42 PM IST

|

Updated : April 16, 2025 at 12:26 AM IST

2 Min Read
Choose ETV Bharat

চণ্ডীগড় : আই পি এলৰ ইতিহাসত এতিয়ালৈকে সৰ্বনিম্ন স্ক’ৰ ৰক্ষা কৰি পঞ্জাবে ইতিহাসৰ ৰচনা কৰিছে। মুল্লাপুৰত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ ৩১ সংখ্যক মেচত পঞ্জাবে প্ৰথমে ১১১ ৰাণ সংগ্ৰহ কৰাৰ পিছত ১৫.১ অভাৰত কলকাতাক ৯৫ ৰাণত অল আউট কৰে । পঞ্জাৱৰ হৈ চাহালে ৪ অভাৰত ৪টা উইকেট দখল কৰি কে কে আৰক পৰাজয়ৰ দিশে ঠেলি দিয়ে আৰু কম স্ক’ৰ কৰা ৰোমাঞ্চকৰ মেচত কলকাতাক ১৬ ৰাণত পৰাস্ত কৰি পঞ্জাবে নতুন ইতিহাসৰ সৃষ্টি কৰে ।

ইয়াৰ পূৰ্বে হৰ্ষিত ৰাণাৰ তিনিটা উইকেট আৰু বৰুণ চক্ৰৱৰ্তী আৰু সুনীল নাৰিনৰ স্পিন যুটিয়ে দুটাকৈ উইকেটৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছে পঞ্জাব কিংছক ১৫.৩ অভাৰত ১১১ ৰাণত আল আউট কৰে । টছত জয়ী হৈ প্ৰথমে বেটিং কৰা আয়োজক দল পঞ্জাৱৰ পঞ্জাৱৰ এজনো বেটছমেনে ধাৰাবাহিকভাৱে খেলিব পৰা নাছিল । সৰ্বাধিক ৩০ ৰাণৰ বৰঙণি আগবঢ়াইছিল প্ৰভসীমৰণে ।

ইয়াৰ পূৰ্বে আই পি এলত সৰ্বনিম্ন স্ক’ৰ ৰক্ষা কৰাৰ অভিলেখ আছিল চেন্নাই ছুপাৰ কিংছৰ নামত । ২০০৯ চনৰ আই পি এলত চি এছ কেয়ে ১১৬/৯ ৰাণৰ স্ক’ৰ ৰক্ষা কৰিছিল । এতিয়া পঞ্জাবে চি এছ কেৰ এই অভিলেখ ভংগ কৰিছে । আপুনি জানি আচৰিত হ’ব যে আই পি এলত আটাইতকৈ ডাঙৰ টাৰ্গেট খেদি যোৱাৰ অভিলেখ পঞ্জাৱ কিংছৰ নামতে পঞ্জীয়ন হৈছে । আমোদজনক কথাটো হ’ল যে আই পি এল ২০২৪তেই পঞ্জাবে কলকাতাৰ বিৰুদ্ধে এই ডাঙৰ কৃতিত্ব কৰিছিল ।

লগতে পঢ়ক : লক্ষ্ণৌক ৫ উইকেটত পৰাস্ত চেন্নাইৰ; ধোনীয়ে খেলিলে বিজয়ী ইনিংছ

Last Updated : April 16, 2025 at 12:26 AM IST