IPLৰ মাজতে পঞ্জাব কিংছ দলত মোক্ষম আঘাত, দলৰ পৰা আঁতৰিল অলৰাউণ্ডাৰ খেলুৱৈগৰাকী
পঞ্জাব কিংছে আনুষ্ঠানিকভাৱে এটা পোষ্টৰ জৰিয়তে ঘোষণা কৰে যে দলটোৰ অলৰাউণ্ডাৰগৰাকী আই পি এল ২০২৫ৰ পৰা আঁতৰি আহিছে ।

Published : May 1, 2025 at 9:25 PM IST
নতুন দিল্লী : খেল জগতৰ পৰা আহিছে এক বিশেষ খবৰ । আই পি এল ২০২৫ৰ মাজভাগত পঞ্জাব কিংছে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে । কিয়নো পঞ্জাব কিংছৰ তাৰকা অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেল আঙুলি ভঙাৰ বাবে আই পি এলৰ বাকী থকা মেছত খেলিব নোৱাৰিব । ইনষ্টাগ্ৰামত পোষ্ট কৰি পঞ্জাব কিংছে এই আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে ।
- আই পি এল ২০২৫ৰ পৰা বাহিৰ হ'ল গ্লেন মেক্সৱেলে
পঞ্জাব কিংছে পোষ্ট কৰি লিখিছে, ‘‘গ্লেন মেক্সৱেলে আঙুলিৰ আঘাতৰ বাবে এই ছিজনৰ বাকী থকা মেছৰ পৰা আঁতৰি আহিব লগাত পৰিল । তেখেতৰ আশু আৰোগ্য কামনা কৰিলো । বুধবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা মেছখনৰ অংশ নাছিল মেক্সৱেল । তেওঁ প্লেইং-১১ৰ অংশ নাছিল ।''
🚨 Glenn Maxwell has been ruled out of the remainder of the season due to a finger injury. We wish him a speedy recovery. pic.twitter.com/2pHCxuAOoK
— Punjab Kings (@PunjabKingsIPL) May 1, 2025
- আই পি এল ২০২৫ত মেক্সৱেলক শেঁতা দেখা গৈছিল
অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰগৰাকীৰ সোঁহাতৰ আঙুলি ভাঙি যায় । মেগা নিলামত পঞ্জাব কিংছে ৪.২ কোটি টকাত মেক্সৱেলক বাছি লৈছিল । ২০২৫ চনৰ আই পি এলত ৬ ইনিংছত মাত্ৰ ৪৮ ৰাণহে কৰিবলৈ সক্ষম হৈছে ।
যোৱা বুধবাৰে পঞ্জাব কিংছৰ দলটোৱে মেক্সৱেলৰ অবিহনেই খেলপথাৰলৈ নামি আহিছিল । য’ত চেন্নাই ছুপাৰ কিংছৰ সৈতে ৰণত অৱতীৰ্ণ হৈছিল । এই মেছখনত পঞ্জাব কিংছে টছত জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ।
প্ৰথমে বেটিং কৰি চি এছ কেয়ে ১৯.২ অভাৰত ১০টা উইকেট হেৰুৱাই ১৯০ ৰাণ সংগ্ৰহ কৰে । পঞ্জাবে ১৯.৪ অভাৰত ৬টা উইকেট হেৰুৱাই ১৯১ ৰাণৰ লক্ষ্য অৰ্জন কৰি ৪ উইকেটত জয়লাভ কৰে ।

