লক্ষ্ণৌ: আই পি এল ২০২৫ৰ ত্ৰয়োদশ মেচত পঞ্জাব কিংছে নিজৰ গৃহভূমিত ২২টা বল বাকী থকা অৱস্থাত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৮ উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত পঞ্জাব কিংছে দ্বিতীয়খন খেলত জয়লাভ কৰে । এই মেচখনত কৰা উজ্জ্বল প্ৰদৰ্শনৰ বাবে প্ৰভসীমৰণ সিং প্লেয়াৰ অৱ দা মেচ নিৰ্বাচিত হয় ।
ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত হোৱা খেলখনত শ্ৰেয়াছ আয়েৰে টছত জয়লাভ কৰি ঋষভ পণ্টক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । লক্ষ্ণৌ দলে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭১ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত পঞ্জাবে ১৬.২ অভাৰত ১৭৭ ৰাণ সংগ্ৰহ কৰি ২ উইকেট হেৰুৱাই ৮ উইকেটত জয়লাভ কৰে । পঞ্জাৱৰ হৈ প্ৰভসীমৰণ সিঙে অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে আৰ্শদীপ সিঙে তিনিটা উইকেট দখল কৰে ।
Stamping his authority 😎
— IndianPremierLeague (@IPL) April 1, 2025
Prabhsimran Singh bags the Player of the Match award for his power-packed 6⃣9⃣(34) in the chase 🔝#TATAIPL | #LSGvPBKS | @PunjabKingsIPL | @prabhsimran01 pic.twitter.com/TSWQTgZexX
খেলখনৰ নায়ক হিচাপে পৰিগণিত হয় প্ৰভসীমৰণ সিং
লক্ষ্ণৌৰ ১৭২ ৰাণৰ লক্ষ্য খেদিবলৈ পঞ্জাৱৰ হৈ ইনিংছ মুকলি কৰে প্ৰভসীমৰণ সিং আৰু প্ৰিয়ংশ আৰ্য্যই । ৮ ৰাণ সংগ্ৰহ কৰি আৰ্য আউট হৈছিল যদিও সিঙে বিস্ফোৰক ইনিংছ খেলি অৰ্ধশতক অৰ্জন কৰে । তেওঁ ২৩টা বলত ৬টা চাৰি আৰু ৩টা ছয়ৰে অৰ্ধশতক সম্পূৰ্ণ কৰে । প্ৰভসীমৰণে ৯টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৩৪টা বলত ৬৯ ৰাণৰ ইনিংছ খেলে ।
Pure class from Prabh! 🙌🏻#PrabhsimranSingh expertly guides #AaveshKhan’s pace, scooping it over short third for a cheeky boundary! 🔥
— Star Sports (@StarSportsIndia) April 1, 2025
Watch LIVE action of #LSGvPBKS ➡ https://t.co/GLxHRDQajv#IPLOnJiostar | LIVE NOW on Star Sports 1, Star Sports 1 Hindi & JioHotstar! |… pic.twitter.com/XxFK45kgXu
শ্ৰেয়াছ আয়াৰৰ অৰ্ধশতক
প্ৰভসিমৰন সিঙৰ উপৰিও শ্ৰেয়াছ আয়েৰে অৰ্ধশতকৰো অৰ্জন কৰে । তেওঁ ৩০টা বলত ৩টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ৫২ ৰাণৰ অপৰাজিত ইনিংছ খেলে । দলটোৰ হৈ নেহাল ৱাধেৰাই ২৫টা বলত ৪৩ ৰাণ অৰিহণা যোগাইছিল, য’ত ৩টা চাৰি আৰু ৪টা ছয় আছিল । লক্ষ্ণৌৰ হৈ দিগবেশ ৰাথীয়ে দুয়োটা উইকেট দখল কৰে ।
Statement victory ✅
— IndianPremierLeague (@IPL) April 1, 2025
Skipper's second 5⃣0⃣ this season ✅
Consecutive wins ✅
Punjab Kings cap off a perfect day 🙌#TATAIPL | #LSGvPBKS | @PunjabKingsIPL pic.twitter.com/HSrX8KwiY4
আৰ্শদীপ সিঙে ৩টা উইকেট লয়
ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বেটছমেনে মাত্ৰ ১৭১ ৰাণহে কৰিবলৈ সক্ষম হয় । কোনো এজন বেটছমেনে দলটোৰ হৈ অৰ্ধশতকও কৰিব নোৱাৰিলে । লক্ষ্ণৌৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে নিকোলাছ পুৰাণে । তেওঁ ৩০টা বলত ৫টা চাৰি আৰু ২টা ছয়ৰে ৪৪ ৰাণৰ ইনিংছ খেলে । তেওঁৰ বাহিৰেও আয়ুষ বদোনিয়ে ৩৩টা বলত ১ চাৰি আৰু ৩টা ছয়ৰে ৪১ ৰাণৰ ইনিংছ খেলি পেভিলিয়নলৈ উভতি আহে । পঞ্জাৱৰ হৈ আৰ্শদীপ সিঙে সৰ্বাধিক উইকেট দখল কৰে । তেওঁ ৪ অভাৰত ৪৩ ৰাণত ৩ উইকেট দখল কৰে ।
𝙁𝙡𝙮𝙞𝙣𝙜 start for #PBKS ❤️
— IndianPremierLeague (@IPL) April 1, 2025
Arshdeep Singh strikes in the opening over to dismiss the in-form Mitchell Marsh 💪
Updates ▶️ https://t.co/j3IRkQFZpI#TATAIPL | #LSGvPBKS | @PunjabKingsIPL pic.twitter.com/0odWyuSAX0