শাৰীৰিক বাধাও হ'ব নোৱাৰে হেঙাৰ: প্ৰ' কাবাডী লীগত তাৰেই প্ৰতিফলন
দুৰ্ঘটনাত পতিত হৈ বা চিকিৎসকৰ অৱহেলাৰ বাবে ঘূণীয়া হোৱা খেলুৱৈৰ সাহসক শলাগ ।

Published : September 24, 2025 at 8:22 PM IST
জয়পুৰ : ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত প্ৰ' কাবাডী লীগ ২০২৫ৰ সময়ত এক অনন্য দৃশ্যৰ সাক্ষী হ'ল দেশবাসী । এই প্ৰতিযোগিতাত অংশ ল'লে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষভাৱে সক্ষম কাবাডী খেলুৱৈয়ে । এই প্ৰতিযোগিতাত পেৰা ৱাৰিয়ৰ্ছ আৰু পেৰা ঢাকাড়ছৰ মাজত অনুষ্ঠিত হয় ঐতিহাসিক মেচ । য'ত জয়ী হয় পেৰা ঢাকাড়ছ । এই প্ৰতিযোগিতাৰ গুৰুত্ব আছিল দেশৰ বিভিন্ন ৰাজ্যৰ বিশেষভাৱে সক্ষম খেলুৱৈৰ অংশগ্ৰহণ । আন খেলুৱৈৰ দৰে বিশেষভাৱে সক্ষম খেলুৱৈসকলৰো অসাধাৰণ প্ৰদৰ্শন আছিল কাবাডী খেলপথাৰত ।
আয়োজকসকলে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে বিশেষভাৱে সক্ষম খেলুৱৈসকলক মূলসুঁতিৰ ক্ৰীড়াৰ সৈতে সংযোগ কৰা আৰু তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰা । এনে প্ৰতিযোগিতাসমূহে বিশেষভাৱে সক্ষম খেলুৱৈসকলক আত্মবিশ্বাস প্ৰদান কৰে আৰু ক্ৰীড়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে ।
দুৰ্ঘটনাত হেৰুৱাইছিল হাত
এই মেচত অংশগ্ৰহণ কৰা উদয়পুৰৰ মনীষ সিং চৌহানে কয় যে স্কুলীয়া দিনৰ পৰাই তেওঁ কাবাডী খেলৰ প্ৰতি আকৰ্ষিত আছিল । দশম শ্ৰেণীত পঢ়ি থাকোঁতে ১১ হাজাৰ কেভিৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি তেওঁ এখন হাত হেৰুৱাইছিল । দুৰ্ঘটনাটোৰ বাবে দীৰ্ঘদিন ধৰি মানসিক চাপত আছিল মনীষ । আনকি তেওঁৰ পৰিয়ালৰ লোকেও ক'বলৈ ধৰিলে যে এতিয়া তেওঁ তেওঁলোকৰ ওপৰত বোজা হৈ পৰিছে । তেওঁ কয়, "কিন্তু মই ইয়াক প্ৰত্যাহ্বান হিচাপে লৈছিলোঁ । মই আকৌ কাবাডী খেলপথাৰত প্ৰৱেশ কৰিলোঁ ।"

উদয়পুৰৰ কাবাডী দলৰ অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি আহিছে মনীষে । তেওঁ ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশ লৈছে । ইয়াৰ উপৰি তেওঁ শৰীৰচৰ্চাৰ প্ৰতিও আকৰ্ষিত আছিল । তেওঁ দুবাৰকৈ মিষ্টাৰ ৰাজস্থান আছিল । তেওঁ কয়, "প্ৰ' কাবাডীত অংশ লৈ বৰ ভাল লাগিল ।"

মল্লযুঁজত হাত হেৰুৱাইছিল
হিমাচলৰ পৰা কাবাডী লীগত অংশগ্ৰহণ কৰিবলৈ অহা আৰিয়ান পাৰমাৰে কয় যে প্ৰ' কাবাডী লীগৰ অংশ হোৱাটো তেওঁৰ সপোন আছিল, যিটো আজি পূৰণ হৈছে । তেওঁ কয়, "আমি বিচাৰো যে বিশেষভাৱে সক্ষম খেলুৱৈসকলৰ বাবেও এনে এখন লীগ হওক যাতে তেওঁলোকে নিজৰ প্ৰতিভা দেখুৱাব পাৰে ।"

এই ক্ষেত্ৰত আৰিয়ানৰ যাত্ৰা অতি কঠিন আছিল । তেওঁ কয় যে দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোঁতে মল্লযুঁজ খেলত হাতখন ভাঙিছিল । চিকিৎসকে টানকৈ প্লাষ্টাৰ লগাইছিল, যাৰ বাবে হাতখনৰ তেজৰ সঞ্চালন বন্ধ হৈ গ'ল । যাৰ ফলত এখন হাত অচল হৈ পৰিছিল । চতুৰ্থ শ্ৰেণীৰ পৰাই আৰিয়ানে কাবাডী খেলিবলৈ আৰম্ভ কৰে, কিন্তু স্কুলৰ দলত নিৰ্বাচিত হোৱা নাছিল । স্কুল কৰ্তৃপক্ষই কয় যে তেওঁ কাবাডী খেলিব নোৱাৰে, কিন্তু "মই হাৰ নামানিলোঁ "। এই পৰ্যন্ত আৰিয়ানে চাৰিখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ মেচ খেলিছে ।
লগতে পঢ়ক :আজি ভাৰত-বাংলাদেশে এছিয়া কাপত প্ৰদৰ্শন কৰিব নিজৰ শক্তি

