প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত দবা খেল খেলিলে অলিম্পিয়াডৰ চেম্পিয়নে - CHESS OLYMPIAD 2024
PM Modi Meet Olympiad Champions: ইতিমধ্যে দবাত ইতিহাস ৰচিছে ভাৰতীয় দলে ৷ পুৰুষ-মহিলা উভয় শাখাতে খিতাপ দখল কৰি স্বৰ্ণপদক অৰ্জন কৰা দেশৰ দবা খেলুৱৈসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ এই প্ৰতিযোগিতাত চাৰিগৰাকী খেলুৱৈয়ে ব্যক্তিগতভাৱে লাভ কৰে স্বৰ্ণপদক ।

Published : September 26, 2024 at 1:13 PM IST
স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ: সদ্যসমাপ্ত দবা অলিম্পিয়াড 2024 ত ভাৰতীয় দলৰ ঐতিহাসিক বিজয়ৰ পিছত খেলুৱৈসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । 45 সংখ্যক দবা অলিম্পিয়াডত পুৰুষ আৰু মহিলা দুয়োটা দলে লাভ কৰিছে স্বৰ্ণপদক ।
পুৰুষৰ দলটোৱে শ্ল’ভেনিয়াক পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলে অন্তিমটো ৰাউণ্ডত আজাৰবাইজানক পৰাস্ত কৰে । লগতে ডি গুকেশ, অৰ্জুন এগাছি আৰু দিব্য দেশমুখে ব্যক্তিগতভাৱে লাভ কৰে স্বৰ্ণপদক ।
সামাজিক মাধ্যমত প্ৰকাশ পোৱা এক ভিডিঅ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেম্পিয়ন দল দুটাক সাক্ষাৎ কৰি আৰ বৈশালী, ডি হৰিকা, তানিয়া সচদেৱ, বিদিত গুজৰাথী, অৰ্জুন এৰিগাইছি, প্ৰাগনানন্ধা আদি খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে । এই আদান-প্ৰদানৰ সময়ত ভাৰতীয় খেলুৱৈসকলে প্ৰধানমন্ত্ৰী মোদীক দবা ব’ৰ্ড উপহাৰ দিয়ে ৷ পৰৱৰ্তী সময়ত প্ৰাগনানন্দা আৰু এৰিগায়ছিয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত এখন দবা খেলত অংশ লয় । এই মেচখনে আপ্লুত কৰে প্ৰধানমন্ত্ৰী মোদীক ।
ইয়াৰ পূৰ্বে ক্ৰীড়া মন্ত্ৰালয়ে সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল ৷ য’ত দেখা পোৱা গৈছিল যে, ভাৰতীয় খেলুৱৈসকলে নিজৰ হোটেলৰ পৰা ওলাই আহি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ ৰাওনা হৈছিল ৷
বুডাপেষ্টত ভাৰতীয় পুৰুষ দলটোৱে সম্ভাৱ্য 22 পইণ্টৰ ভিতৰত লাভ কৰিছিল 21 পইণ্ট ৷ তদুপৰি একমাত্ৰ উজবেকিস্তানৰ বিৰুদ্ধে এককভাৱে অমীমাংসিত খেল খেলাৰ বিপৰীতে বাকী দলৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰিছিল ৷ দলটোৱে বিশেষভাৱে এই বিজয় উদযাপন কৰাৰ লগতে প্ৰতিযোগিতাখনত জয়ী হোৱাৰ বাবে গুকেশ আৰু দিব্য দেশমুখক সন্মানিত কৰে ।
ভাৰতৰ দবা দলৰ এই অভিযানত গুকেশে নিৰ্ণায়কৰ ভূমিকা পালন কৰিছিল ৷ কিয়নো খেলুৱৈগৰাকীয়ে মুকলি শাখাত 11 টা ৰাউণ্ডৰ ভিতৰত 10 টাতে জয়লাভ কৰিছিল ।
লগতে পঢ়ক: অলিম্পিয়াড 2024: ৰোহিত শৰ্মা-লিঅ’নেল মেছিৰ ষ্টাইলত বিজয় উদযাপন - OLYMPIAD 2024

