ETV Bharat / sports

WTCৰ ফাইনেলত পেট কামিন্সৰ যাদু, টেষ্টৰ ৩০০ উইকেট সম্পূৰ্ণ, লগতে গঢ়িলে এই ডাঙৰ অভিলেখ - PAT CUMMINS CREATE HISTORY

পেট কামিন্সৰ ধুমুহাময় বলিঙৰ বাবে দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ ১৩৮ ৰাণত সীমাবদ্ধ আছিল ।

PAT CUMMINS CREATE HISTORY
পেট কামিন্স (AP)
author img

By ETV Bharat Assamese Team

Published : June 13, 2025 at 12:31 AM IST

3 Min Read

লৰ্ডছ : লণ্ডনৰ লৰ্ডছ ক্ৰিকেট খেলপথাৰত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তৃতীয় ৰাউণ্ডৰ (২০২৩-২৫) ফাইনেল । এই মেচখনত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে বলৰ সৈতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছত কামিন্সে ৬টা উইকেট দখল কৰে । কামিন্সৰ ধুমুহাময় বলিঙৰ বাবে দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ ১৩৮ ৰাণলৈ হ্ৰাস পায় । অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ২১২ ৰাণ সংগ্ৰহ কৰিছিল । অৰ্থাৎ প্ৰথম ইনিংছৰ ভিত্তিত কেংগাৰু দলটোৱে ৭৪ ৰাণৰ অগ্ৰগতি লাভ কৰে ।

পেট কামিন্সে নৱমবাৰৰ বাবে টেষ্ট ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰিছে । টেষ্ট ক্ৰিকেটত অধিনায়ক হিচাপে এটা ইনিংছত পাঁচটা উইকেট লাভ কৰাৰ ক্ষেত্ৰত এতিয়া যৌথভাৱে দ্বিতীয় স্থানত আছে কামিন্স । কামিন্সে ভাৰতৰ প্ৰয়াত স্পিনাৰ বিষান সিং বেদীক চেৰ পেলাইছে । পাকিস্তানৰ অধিনায়ক হিচাপে ইমৰাণ খানে ১২ বাৰকৈ এটা ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰি শীৰ্ষত আছে ।

অধিনায়ক হিচাপে সৰ্বাধিক ৫ উইকেট লাভ

  • ১২- ইমৰাণ খান (পাকিস্তান)
  • ৯- ৰিচি বেনাউড (অষ্ট্ৰেলিয়া)
  • ৯- পেট কামিন্স (অষ্ট্ৰেলিয়া)
  • ৮- বিষান সিং বেদী (ভাৰত)
  • ৭- কৰ্টনী ৱালছ (ৱেষ্ট ইণ্ডিজ)

ইফালে পেট কামিন্সেও টেষ্ট ক্ৰিকেটত নিজৰ ৩০০ উইকেট সম্পূৰ্ণ কৰিছে । পেট কামিন্স হৈছে ৩০০ টেষ্ট উইকেট দখল কৰা অষ্টমজন অষ্ট্ৰেলিয়ান বলাৰ । টেষ্ট ক্ৰিকেটত কামিন্সে ৪৫.৭ ষ্ট্ৰাইক ৰেটেৰে এই কৃতিত্ব অৰ্জন কৰিছে । টেষ্ট ক্ৰিকেটত নূন্যতম ৩০ উইকেট দখল কৰাৰ ক্ষেত্ৰত কামিন্সৰ ষ্ট্ৰাইক ৰেট চতুৰ্থ শ্ৰেষ্ঠ ।

টেষ্টত শ্ৰেষ্ঠ ষ্ট্ৰাইক ৰেট (নূন্যতম ৩০০ উইকেট)

  • ৩৯.১- কাগিছ’ ৰাবাডা (দক্ষিণ আফ্ৰিকা)
  • ৪২.৩- ডেল ষ্টেইন (দক্ষিণ আফ্ৰিকা)
  • ৪৩.৪- ৱাকাৰ ইউনাছ (পাকিস্তান)
  • ৪৫.৭- পেট কামিন্স (অষ্ট্ৰেলিয়া)
  • ৪৬.৭- মেলকম মাৰ্শ্বেল (ৱেষ্ট ইণ্ডিজ)

লৰ্ডছ ক্ৰিকেট খেলপথাৰত টেষ্ট ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰা চতুৰ্থজন অধিনায়ক পেট কামিন্স । ইংলেণ্ডৰ গাবি এলেনে ১৯৩৬ চনত ভাৰতৰ বিৰুদ্ধে টেষ্ট খেলত দুবাৰকৈ এই কৃতিত্ব অৰ্জন কৰিছিল । তাৰ পিছত বব উইলিছ আৰু ডেনিয়েল ভেট্টৰীয়েও এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছিল ।

লৰ্ডছত পাঁচ উইকেটৰ অধিনায়ক (টেষ্ট ইনিংছ)

  • ৫/৩৫ আৰু ৫/৪৩- গাবি এলেন (ইংলেণ্ড) বনাম ভাৰত, ১৯৩৬
  • ৬/১০১- বব উইলিছ (ইংলেণ্ড) বনাম ভাৰত, ১৯৮২
  • ৫/৬৯- ডেনিয়েল ভেট্টোৰি (নিউজীলেণ্ড) বনাম ইংলেণ্ড, ২০০৮
  • ৫/২৮- পেট কামিন্স (অষ্ট্ৰেলিয়া) বনাম দক্ষিণ আফ্ৰিকা, ২০২৫ চনত

লগতে পঢ়ক : জাদেজাক দলত স্থান নিদিলে সঞ্জয় বাংগাৰে, পৰিৱৰ্তে কাক দিলে স্থান ?

ভংগ হ'ল মহম্মদ ছামীৰ ৰেকৰ্ড; WTC ফাইনেলত ষ্টাৰ্কৰ ইতিহাস

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল: ক্ৰিকেটৰ মক্কাত বতৰে বিধিপথালি দিব নেকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.