পেৰা আৰ্চাৰীত এটা বিশেষ সোণ... প্ৰধানমন্ত্ৰীয়ে কাক অভিনন্দন জনাই লিখিলে এনেদৰে - PARIS PARALYMPICS 2024
Archer Harvinder Singh makes History: অৱশেষত ভাৰতে আৰ্চাৰীত লাভ কৰিছে প্ৰথমটো স্বৰ্ণপদক ৷ গ্ৰীষ্মকালীন পেৰিছ পেৰালিম্পিকত হাৰিয়ানাৰ এগৰাকী আৰ্চাৰে সোণৰ পদক লাভেৰে সৃষ্টি কৰে ইতিহাস ৷ পূৰ্বে কোনো খেলুৱৈয়ে এই ইভেণ্টত লাভ কৰা নাছিল স্বৰ্ণপদক ৷

Published : September 5, 2024 at 1:29 PM IST
স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ: পেৰিছ পেৰালিম্পিকত অব্যাহত আছে ভাৰতৰ চমৎকাৰ প্ৰদৰ্শন ৷ বুধবাৰৰ দিনটোত ভাৰতীয় খেলুৱৈসকলে অৰ্জন কৰে দুটাকৈ স্বৰ্ণপদক ৷
ভাৰতে প্ৰথমবাৰৰ বাবে পেৰালিম্পিকত আৰ্চাৰীৰ জৰিয়তে লাভ কৰিছে প্ৰথমটো স্বৰ্ণপদক ৷ ইয়াৰ লগে লগে পেৰিছ পেৰালিম্পিকত দেশখনে লাভ কৰা স্বৰ্ণপদকৰ সংখ্যা পাঁচটালৈ বৃদ্ধি হৈছে ৷
আৰ্চাৰীত হাৰিয়ানাৰ ধনুৰ্বিদ হৰবিন্দৰ সিঙে ভাৰতৰ হৈ অৰ্জন কৰে প্ৰথমটো স্বৰ্ণপদক ৷
হৰবিন্দৰে প্ৰথমটো ৰাউণ্ডত 28-24 ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে ৷ পৰৱৰ্তী সময়ত ক্ৰমে দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডত 28-27 আৰু 29-25 ৰ ব্যৱধানত জয় লাভ কৰি খেলখন নিজৰ হাতলৈ আনে ৷ অন্তিম ৰাউণ্ডত ধনুৰ্বিদগৰাকীয়ে 10 পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ শীৰ্ষস্থানত উপনীত হয় ৷
হৰবিন্দৰৰ স্বৰ্ণ জয়ৰ পিছত নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে আনন্দ প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত সামাজিক মাধ্যম এক্সত লিখিছে এনেদৰে, "পেৰা আৰ্চাৰীত এটা বিশেষ সোণ ! পেৰিছ পেৰালিম্পিকত পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অ’পেন স্বৰ্ণ অৰ্জন কৰাৰ বাবে হৰবিন্দৰ সিঙক অভিনন্দন জনাইছো । তেওঁৰ নিখুঁততা, মনোযোগ আৰু অটল আত্মবিশ্বাস অসামান্য । তেওঁৰ কৃতিত্বৰ বাবে ভাৰত আজি গৌৰৱান্বিত" ৷
কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডৱিয়াই লিখিছে, "পেৰিছ পেৰালিম্পিকত পেৰা আৰ্চাৰী ৰেকাৰ্ভ অ’পেনত হৰবিন্দৰ সিঙে সোণৰ পদক জিকিছে, পেৰা আৰ্চাৰীত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণ"।
ভাৰতৰ বাবে সৰ্বাধিক সফল পেৰালিম্পিক হিচাপে গণ্য কৰা হৈছে পেৰিছ পেৰালিম্পিকক ৷ দেশখনে বৰ্তমানলৈকে পেৰিছত লাভ কৰিছে 5 টা স্বৰ্ণ, 9 টা ৰূপ আৰু 10 টাকৈ ব্ৰঞ্জৰ পদক ৷ পূৰ্বে টকিঅ’ পেৰালিম্পিকত ভাৰতে জয় কৰিছিল মুঠ 19 টা পদক ৷
সমান্তৰালকৈ ভাৰতে পেৰিছ অলিম্পিকত টকিঅ’তকৈও অধিক হতাশাজনক প্ৰদৰ্শন দাঙি ধৰি অৰ্জন কৰিছিল মাত্ৰ 6 টা পদক ৷ কেৱল এয়াই নহয়, ভাৰতে পেৰিছ অলিম্পিকত লাভ কৰা নাছিল এটাও স্বৰ্ণপদক ৷
লগতে পঢ়ক: পেৰিছত ভংগ টকিঅ’ পেৰালিম্পিকৰ অভিলেখ: সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন - PARIS PARALYMPICS 2024

