ETV Bharat / sports

অলিম্পিকত ধাৰাভাষ্যকাৰৰ লিংগ বৈষম্যমূলক মন্তব্য: আঁতৰালে পেনেলৰ পৰা - Paris Olympics 2024

Commentator Sexist Remarks at Olympics : ধাৰাভাষ্যকাৰ বব বেলাৰ্ডক ধাৰাভাষ্যকাৰ পেনেলৰ পৰা আঁতৰালে সম্প্ৰচাৰক সমিতিয়ে । সাঁতোৰ অনুষ্ঠানৰ সময়ত মহিলাৰ ৪x১০০ মিটাৰ ফ্ৰীষ্টাইল ছুইমিং ৰিলেত অষ্ট্ৰেলিয়ান দলৰ ওপৰত লিংগ বৈষম্যমূলক মন্তব্য কৰাৰ বাবে তেওঁক পেনেলৰ পৰা আঁতৰাই দিয়ে ।

Commentator Sexist Remarks at Olympics
ধাৰাভাষ্যকাৰ বব বেলাৰ্ড (IANS Photo)
author img

By ETV Bharat Sports Team

Published : July 29, 2024 at 7:24 PM IST

2 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, ২৯ জুলাই : চলিত পেৰিছ অলিম্পিকত শেহতীয়াকৈ বিভিন্ন বিতৰ্কই দেখা দিছে । এইবাৰ বিতৰ্কিত মন্তব্য কৰি ধাৰাভাষ্যকাৰ পেনেলৰ পৰা আঁতৰিব লগা হ'ল এগৰাকী প্ৰবীণ ধাৰাভাষ্যকাৰ । ধাৰাভাষ্যকাৰ বব বেলাৰ্ডক সাঁতোৰ প্ৰতিযোগিতাৰ সময়ত লিংগ বৈষম্যমূলক মন্তব্য কৰাৰ বাবে তেওঁ যিটো সম্প্ৰচাৰ চেনেলৰ হৈ ধাৰাভাষ্য আগবঢ়াইছিল, উক্ত চেনেলৰ সম্প্ৰচাৰক সমিতিয়ে তেওঁক ধাৰাভাষ্যকাৰ পেনেলৰ পৰা আঁতৰাই দিয়ে ।

মহিলাৰ 4x100 মিটাৰ ফ্ৰীষ্টাইল ছুইমিং ৰিলে প্ৰতিযোগিতাত অষ্ট্ৰেলিয়ান দলে স্বৰ্ণ পদক জয় কৰাৰ পিচত পুলৰ পৰা ওলাই অহাৰ সময়ত বব বেলাৰ্ডে এই বিতৰ্কিত মন্তব্য কৰে । বেলাৰ্ডে ইউৰোস্পৰ্টছৰ হৈ ধাৰাভাষ্য কৰি থকাৰ সময়ত মন্তব্য কৰে, "আপোনালোকে জানেনে মহিলাসকল কেনেকুৱা... তেওঁলোক ইফালে সিফালে ঘূৰি ফুৰে, নিজৰ মেকআপতে ব্যস্ত থাকে ।"

উল্লেখ্য যে বেলাৰ্ডে প্ৰায় 40 বছৰ ধৰি ধাৰাভাষ্যকাৰ হিচাপে কৰ্মৰত হৈ আছে । তেওঁ ৱাটাৰ প'ল', আইচ হকী, ডাইভিং আৰু সাঁতোৰৰ দৰে ক্ৰীড়াৰ কেইবাটাও অলিম্পিক পেনেলত ধাৰাভাষ্য কৰিছে । আনহাতে, সহ-ধাৰাভাষ্যকাৰ তথা ব্ৰিটিছ সাঁতোৰ চেম্পিয়ন লিজি ছিমণ্ডছে বেলাৰ্ডৰ এই মন্তব্যক 'অপমানজনক' বুলি মন্তব্য কৰাত তেওঁ হাঁহি হাঁহি উৰুৱাই দিয়ে ।

ইফালে এই ঘটনাটোৰ পিচতে ইউৰোস্পৰ্টছে এক বিবৃতি জাৰি কৰি বেলাৰ্ডক ধাৰাভাষ্যকাৰ পেনেলৰ পৰা আঁতৰাই দিয়াৰ কথা নিশ্চিত কৰে ।

বিবৃতিটোত কোৱা হৈছে, "যোৱা নিশা ইউৰোস্পৰ্টছৰ সম্প্ৰচাৰৰ সময়ত অনুপযুক্ত মন্তব্য কৰাৰ বাবে ধাৰাভাষ্যকাৰ বব বেলাৰ্ডক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আমাৰ কমেণ্ট্ৰী ৰোষ্টাৰৰ পৰা আঁতৰাই দিয়া হৈছে ।"

উল্লেখ্য যে অলিম্পিকত অষ্ট্ৰেলিয়াক ক্ৰমাগতভাৱে চতুৰ্থটো স্বৰ্ণ পদক প্ৰদান কৰা চাৰিজনীয়া দলটোত আছিল মলি অ'কালাঘান, এমা মেককেন, মেগ হেৰিছ আৰু ছায়না জেক ।

লগতে পঢ়ক :জাৰ্মানীৰ বিৰুদ্ধে ৱাক অভাৰ লাভ সাতৱিক-চিৰাগৰ, পৰৱৰ্তী ৰাউণ্ড ইণ্ডোনেছিয়ানৰ বিৰুদ্ধে - Paris Olympics 2024
লগতে পঢ়ক :মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্ৰঞ্জৰ পদক মেচত যোগ্যতা অৰ্জন মনু ভাকৰ-সৰবজোৎ সিঙৰ - Paris Olympics 2024