অলিম্পিকৰ নৱমটো দিনৰ ভাৰতৰ সূচী জানি লওক : দৃষ্টি নিবদ্ধ থাকিব লাভলীনা আৰু লক্ষ্য সেনৰ ওপৰত - Paris Olympics 2024
4th August India Olympics Schedule : পেৰিছ অলিম্পিকৰ অষ্টমটো দিন ভাৰতৰ বাবে হতাশাজনক আছিল, য’ত ডাবল অলিম্পিক পদক বিজয়ী মনু ভাকৰে ২৫ মিটাৰ পিষ্টলত চতুৰ্থ স্থান দখল কৰি পদক লাভৰ পৰা বঞ্চিত হয়। ইয়াৰ সমান্তৰালকৈ ছেমি ফাইনেলৰ পূর্বেও দীপিকা কুমাৰী বাহিৰ হয় ৷ এতিয়া আমি আপোনালোকক জনাবলৈ ওলাইছো নৱম দিনটোৰ সম্পূৰ্ণ সূচী। সম্পূৰ্ণ খবৰ পঢ়ক...

Published : August 4, 2024 at 12:03 AM IST
স্পৰ্টছ ডেস্ক, 4 আগষ্ট : পেৰিছ অলিম্পিক 2024ৰ অষ্টম দিনটো ভাৰতৰ বাবে হতাশাজনক আছিল ৷ কাৰণ এটাৰ পিচত এটাকৈ দেশৰ পদক লাভৰ আশা ধূলিস্যাৎ হৈছিল ৷ ভাৰতীয় শ্বুটাৰ মনু ভাকৰ মহিলাৰ 25 মিটাৰ পিষ্টল ইভেণ্টত পদক লাভৰ পৰা বঞ্চিত হয় ৷ তদুপৰি অভিজ্ঞ ভাৰতীয় আৰ্চাৰ দীপিকা কুমাৰীও বাহিৰ হয় অলিম্পিক যাত্ৰাৰ পৰা ৷ কিন্তু পেৰিছ অলিম্পিকৰ নৱম দিনটোত অৰ্থাৎ 4 আগষ্টত ভাৰতে পদক নিশ্চিত কৰাৰ বাবে এখোজ আগুৱাই যোৱাৰ সুযোগ পাব ৷ শ্বাটলাৰ কাৰণ লক্ষ্য সেনে ছেমি ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ হৈ পদক লাভৰ দৌৰত এখোজ আগুৱাই যোৱাৰ সুযোগ পাব ৷ এতিয়া আমি আপোনালোকক জনাবলৈ ওলাইছো নৱমটো দিনৰ সম্পূৰ্ণ সূচী ৷
4 আগষ্টত অনুষ্ঠিত হ'বলীয়া ভাৰতীয় খেলুৱৈৰ প্ৰতিযোগিতা আৰু সময় :
শ্বুটিং : ভাৰতৰ হৈ শ্বুটিঙত 25 মিটাৰ ৰেপিড ফায়াৰ পুৰুষৰ কোৱালিফায়াৰ ষ্টেজ 1 অনুষ্ঠিত হ’ব ৷ ইয়াত ভাৰতৰ হৈ বিজয়বীৰ সিদ্ধু আৰু অনীশ বনৱালাক দেখা যাব ৷ ইয়াৰ পিচত স্কীট মহিলা অৰ্হতাৰ দ্বিতীয় দিনা দেখা যাব ৰাইজা ধীলন আৰু মহেশ্বৰী চৌহানক ৷
A day to remember for India's #Hockey🏑 fraternity❤️
— SAI Media (@Media_SAI) August 2, 2024
For the very first time in 5 decades, the #MenInBlue🔵 registered a victory against Australia at the #Olympics.
Harmanpreet Singh's brace and Abhishek's goal made all the difference as the Aussies were beaten by 3-2🫶😎… pic.twitter.com/NJJOR6XhoM
- 25 মিটাৰ ৰেপিড ফায়াৰ পুৰুষৰ কোৱালিফায়াৰ ষ্টেজ 1 (বিজয়বীৰ সিদ্ধু আৰু অনীশ বনৱালা) - নিশা 12.30 বজাত ৷
- স্কীট মহিলা অৰ্হতা দিৱস 2 (ৰাইজা ধীলন আৰু মহেশ্বৰী চৌহান) - দুপৰীয়া 1 বজাত ৷
হকী : পেৰিছ অলিম্পিক 2024ৰ নৱম দিনটোত গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব ভাৰতীয় হকী দল ৷ হৰমনপ্ৰীত সিঙৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ছেমি ফাইনেলত প্ৰৱেশ কৰি পদকৰ দৌৰত এখোজ আগুৱাই যোৱাৰ সুযোগ পাব ৷ গ্ৰুপ পৰ্যায়ত ভাৰতে মুঠ 5 খন খেল খেলিছিল, ইয়াৰে 3 খন মেচত জয়ী, 1 খন মেচ ড্ৰ’ আৰু 1 খন মেচত পৰাস্ত হৈছিল ৷ গ্ৰুপ পৰ্যায়ত ভাৰতে নিউজীলেণ্ড, আয়াৰলেণ্ড আৰু অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ বিপৰীতে আৰ্জেণ্টিনাৰ সৈতে ড্ৰ’ কৰি বেলজিয়ামৰ হাতত পৰাস্ত হয় ৷ এতিয়া দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ৷
- পুৰুষৰ কোৱাৰ্টাৰ ফাইনেল (ভাৰত বনাম গ্ৰেট ব্ৰিটেইন) - 1.30 বজাত ৷
লগতে পঢ়ক : পেৰিছ অলিম্পিকৰ পদক তালিকা : সপ্তম দিনৰ অন্তত 48 নম্বৰ স্থানত ভাৰত - Paris Olympics 2024
এথলেটিকছ : ভাৰতৰ হৈ এথলেটিকছত পাৰুল চৌধাৰীয়ে মহিলাৰ 3000 মিটাৰ ষ্টীপলচেজ ৰাউণ্ড 1ত নিজৰ প্ৰদৰ্শন কৰা দেখা যাব, আনহাতে পুৰুষৰ লং জাম্পৰ অৰ্হতাত জেছৱিন এলড্ৰিনক দেখা যাব ৷ ভাৰতীয় অনুৰাগীয়ে দুয়োৰে পৰা এথলেটিকছত উৎকৃষ্ট প্ৰদৰ্শন আশা কৰিছে ৷
Lakshya on 🧘🏻♂️ 𝐒𝐞𝐧 𝐌𝐨𝐝𝐞
— SAI Media (@Media_SAI) August 2, 2024
The star shuttler, who is playing his debut #Olympics, has become the 1⃣st Indian male shuttler🏸 to have qualified for the Men's Singles Semi-finals.
Lakshya is surely having a memorable run at the #ParisOlympics2024💯😎
Let's get behind him as… pic.twitter.com/8RaW8itkae
- মহিলাৰ 3000 মিটাৰ ষ্টীপলচেজ ৰাউণ্ড 1 (পাৰুল চৌধাৰী) - দুপৰীয়া 1.35 বজাত ৷
- পুৰুষৰ লং জাম্পৰ অৰ্হতা - দুপৰীয়া 2.30 বজাত ৷
বক্সিং : ভাৰতৰ বাবে বক্সিঙৰ এখন ডাঙৰ মেচ, য'ত ভাৰতৰ লভলীনা বৰগোঁহায়ে মহিলাৰ 75 কেজি কোৱাৰ্টাৰ ফাইনেল খেলত চীনৰ লি কুয়েনৰ বিৰুদ্ধে খেলিব ৷ মহিলাৰ 75 কেজি শাখাৰ 16 ৰাউণ্ডৰ মেচত নৰৱেৰ চুনিভা হফষ্টেডক পৰাস্ত কৰি লভলীনাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল ৷ এতিয়া ছেমি ফাইনেলত প্ৰৱেশৰ দায়িত্ব তেওঁৰ ওপৰত থাকিব ৷ 2020 চনৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল লাভলীনাই ৷
- মহিলাৰ 75 কেজি কোৱাৰ্টাৰ ফাইনেল - (লভলীনা বৰগোহাঁই) - বিয়লি 3.02 বজাত ৷
বেডমিণ্টন : ভাৰতে নৱম দিনটো বেডমিণ্টনৰ জৰিয়তে আৰম্ভ কৰিবলৈ ওলাইছে, য’ত ভাৰতৰ একমাত্ৰ পদক লাভৰ আশা লক্ষ্য সেনক ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছনৰ সৈতে ছেমি ফাইনেলত খেলা দেখা যাব ৷ বৰ্তমান বিশ্ব ৰেংক 22ৰ 22 বছৰীয়া লক্ষ্যই এতিয়া ছেমি ফাইনেলত বিশ্ব ৰেংক 2ৰ ভিক্টৰৰ মুখামুখি হোৱা দেখা যাব ৷ ইয়াৰ পূৰ্বে কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চৌ টিয়েন চেনক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল তেওঁ ৷
- পুৰুষৰ একক ছেমিফাইনেল (লক্ষ্য সেন) - বিয়লি 3.30 বজাত ৷
চেইলিং : আজি অৰ্থাৎ অলিম্পিকৰ নৱম দিনা পুৰুষৰ চেইলিং ইভেণ্টত ভাৰতৰ হৈ দেখা যাব খেলুৱৈ বিষ্ণু সৰৱননক ৷ ইয়াৰ সমান্তৰালকৈ নেত্ৰ কুমাননে মহিলাৰ চেইলিং প্ৰতিযোগিতাত নিজৰ প্ৰদৰ্শন কৰিব। দুয়োজনে ৰেছ ৭ আৰু ৰেছ ৮ত অংশগ্ৰহণ কৰিব।
- পুৰুষৰ চেইলিং ৰেছ ৫ আৰু ৰেছ ৬ (বিষ্ণু সৰৱনন) - বিয়লি ৩:৩৫ বজাত ৷
- মহিলাৰ চেইলিং ৰেছ ৫ আৰু ৰেছ ৬ (নেত্ৰ কুমানন) - সন্ধিয়া ৬:০৫ বজাত ৷
লগতে পঢ়ক : পেৰিছ অলিম্পিকৰ হকী কোৱাৰ্টাৰ ফাইনেল : কেতিয়া আৰু কাৰ মুখামুখি হ’ব ভাৰত ? - Paris Olympics 2024

