পেৰিছ অলিম্পিকৰ চতুৰ্থ দিন: কি কি ইভেন্টত কোন কোন ভাৰতীয় খেলুৱৈ অৱতীৰ্ণ হ'ব পদকৰ যুঁজত - paris olympics 2024
30 July India Olympic schedule: পেৰিছ অলিম্পিক ২০২৪ৰ তৃতীয় দিনটো ভাৰতৰ বাবে নিৰাশাজনক আছিল যদিও আজি চতুৰ্থ দিন অৰ্থাৎ ৩০ জুলাইত ভাৰতে নিজৰ খেলুৱৈসকলৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰিব। সম্পূৰ্ণ খবৰ পঢ়ক...

Published : July 30, 2024 at 5:59 AM IST
স্পৰ্টছ ডেস্ক, 30 জুলাই : পেৰিছ অলিম্পিক 2024 ৰ তৃতীয় দিনটো ভাৰতৰ বাবে নিৰাশাজনক আছিল ৷ শ্বুটিঙত ভাৰতে দুটা পদক লাভ কৰাৰ সম্ভাৱনা আছিল যদিও ফাইনেলত নিজ নিজ মেচত পৰাস্ত হয় ৰমিতা জিন্দাল আৰু অৰ্জুন বাবুতা ৷ ইয়াৰ পিচতে ভাৰতে দুটা পদক লাভৰ পৰা বঞ্চিত হয় ৷ কিন্তু 30 জুলাই অৰ্থাৎ পেৰিছ অলিম্পিকৰ চতুৰ্থ দিনটোত ভাৰতৰ খেলুৱৈসকলৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰা হৈছে ৷ আজি আমি ভাৰতৰ চতুৰ্থ দিনৰ সম্পূৰ্ণ সূচী সম্পৰ্কে আপোনালোকক জনাবলৈ ওলাইছো ৷
30 জুলাইত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় খেলুৱৈৰ সূচী আৰু সময় :
শ্বুটিং : ইতিমধ্যে মহিলাৰ একক 10 মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতৰ মনু ভাকৰৰ লগতে তেওঁৰ সংগী সৰবজোৎ সিঙক 30 জুলাইত ভাৰতৰ হৈ শ্বুটিঙত অনুষ্ঠিত হ’বলগীয়া 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড ইভেণ্টত দেখা যাব ৷ ইয়াৰ উপৰিও ট্ৰেপ মহিলা অৰ্হতা মেচত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বী দলৰ সৈতে সংঘৰ্ষ হোৱা দেখা যাব শ্ৰেয়াসী সিং আৰু ৰাজেশ্বৰী কুমাৰীৰ দলক ৷
- ট্ৰেপ মহিলাৰ অৰ্হতা (শ্ৰেয়াসী সিং আৰু ৰাজেশ্বৰী কুমাৰী) - দুপৰীয়া 12.30 বজাত ৷
- 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম মেডেল মেচ (মনু ভাকৰ আৰু সৰবজোত সিং) - 1 বজাত ৷
হকী : ভাৰতীয় পুৰুষৰ হকী দলে আজি গ্ৰুপ পৰ্যায়ৰ তৃতীয়খন খেলত অংশগ্ৰহণ কৰা দেখা যাব ৷ পুল বি-ত (B) আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতীয় দলে ৷ প্ৰথমখন মেচত ভাৰতীয় দলটোৱে নিউজীলেণ্ডক পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে ড্ৰ’ খেলে দলটোৱে ৷
- পুৰুষৰ হকী গ্ৰুপ ষ্টেজ মেচ (ভাৰত বনাম আয়াৰলেণ্ড) - 4.45 বজাত ৷
লগতে পঢ়ক : বেডমিণ্টনত গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন মেচত পৰাস্ত অশ্বিনী পোনপ্পা-তানিছা ক্ৰাষ্টো - Paris Olympics 2024
আৰ্চাৰী : মহিলাৰ একক ৰাউণ্ডৰ 32 সংখ্যক মেচত ভাৰতৰ অংকিতা ভক্ত আৰু ভজন কৌৰক খেলা দেখা যাব ৷ 41 সংখ্যক মেচত অংকিতাই পোলেণ্ডৰ ভায়োলেটা মাছ’ৰৰ বিৰুদ্ধে খেলিব, আনহাতে ভজনে ইণ্ডোনেছিয়াৰ কমল ছিফা নুৰাফিফাৰ বিৰুদ্ধে খেলা দেখা যাব ৷ দুয়োগৰাকী ভাৰতীয় খেলুৱৈৰ মেচ এলিমিনেচন মেচ, পৰাজিত দল ইয়াৰ পৰা বাহিৰ হ’ব ৷ 32 নং ৰাউণ্ডৰ পুৰুষৰ একক ৰাউণ্ডৰ এলিমিনেচন মেচত ধীৰাজ বোম্মাদেৱাক চেকিয়াৰ এডাম লীৰ বিৰুদ্ধে খেলা দেখা যাব ৷
- মহিলাৰ একক ৰাউণ্ড অৱ 32 এলিমিনেচন মেচ (অংকিতা ভক্ত) - সন্ধিয়া 5.14 বজাত ৷
- মহিলাৰ একক ৰাউণ্ডৰ 32 এলিমিনেচন মেচ (ভজন কৌৰ) - সন্ধিয়া 5.27 বজাত ৷
- পুৰুষৰ একক ৰাউণ্ড অৱ 32 এলিমিনেচন মেচ (ধীৰাজ বোম্মাদেৱৰা) - 10.46 বজাত ৷
বেডমিণ্টন : পুৰুষৰ ডাবলছৰ গ্ৰুপ পৰ্যায়ত ইণ্ডোনেছিয়াৰ ফাজাৰ আলফিয়ান আৰু মহম্মদ ৰিয়ান আৰ্দিয়াণ্টোৰ সৈতে ভাৰতৰ তাৰকা যুটি সাতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে নিজৰ মেচ খেলিব ৷ ভাৰতৰ হৈ অশ্বিনী পুনাপ্পা আৰু তনিছা ক্ৰাষ্টোৱে মহিলা ডাবলছৰ গ্ৰুপ পৰ্যায়ৰ মেচত নিজৰ মেচ খেলিব ৷
- পুৰুষৰ ডাবলছ গ্ৰুপ ষ্টেজ - (সাতৱিকসাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টী) - সন্ধিয়া 5.30 বজাত ৷
- মহিলা ডাবলছ গ্ৰুপ ষ্টেজ - (অশ্বিনী পুনাপ্পা আৰু তানিছা ক্ৰাষ্টো) - সন্ধিয়া 6.20 বজাত ৷
বক্সিং : ভাৰতৰ হৈ পুৰুষৰ 51 কেজি বক্সিং মেচৰ 16 সংখ্যক ৰাউণ্ডৰ খেলত অমিত পাঘালক দেখা যাব ৷ জাম্বিয়াৰ পেট্ৰিক চিনেম্বাৰ সৈতে খেলা দেখা যাব তেওঁক ৷ মহিলাৰ 57 কেজি প্ৰতিযোগিতাৰ 32 সংখ্যক ৰাউণ্ডৰ মেচত জেচমিন লেম্ব’ৰিয়াই ফিলিপাইনছৰ নেষ্টী পেটেচিঅ’ৰ বিৰুদ্ধে ৰিঙত নামিব ৷
- পুৰুষৰ 51 কেজি ৰাউণ্ড অৱ 16 - (অমিত পাঘল) - সন্ধিয়া 7.16 বজাত ৷
- মহিলা 57 কেজি ৰাউণ্ড অৱ 32 - (জেচমিন লেম্বোৰিয়া) - নিশা 9.24 বজাত ৷
দিনৰ 1.22 বজাত বক্সিঙৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব, য’ত প্ৰীতি পাৱাৰে কলম্বিয়াৰ আৰিয়াছ কাষ্টানেডা আৰু য়েনি মাৰ্চেলাৰ বিৰুদ্ধে মহিলাৰ 54 কেজি ৰাউণ্ড অৱ 16 মেচত খেলা দেখা যাব ৷
- মহিলাৰ 54 কেজি ৰাউণ্ড অৱ 16 (প্ৰীতি পাৱাৰ) - দুপৰীয়া 1.22 বজাত ৷
লগতে পঢ়ক : বেলজিয়ামৰ প্ৰতিদ্বন্দ্বীক পোনপটীয়া ছেটত পৰাস্ত ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনৰ - Paris Olympics 2024

