অলিম্পিকৰ অষ্টম দিনটোৰ ভাৰতৰ সূচী জানি লওক : কোন কোন অৱতীৰ্ণ হ’ব পদক দখলৰ যুঁজত - Paris Olympics 2024
3 August India Olympics Schedule: পেৰিছ অলিম্পিক 2024ৰ সপ্তম দিনটো ভাৰতৰ বাবে মিশ্ৰিত আছিল ৷ আজি ভাৰতীয় হকী দলকে ধৰি বহু তাৰকা খেলুৱৈয়ে নিজ নিজ মেচত জয়ী হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় আৰু মনু ভাকৰে ২৫ মিটাৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ কৰে। এনে পৰিস্থিতিত আমি আপোনালোকক অষ্টম দিনৰ সূচী সম্পৰ্কে জনাবলৈ ওলাইছো। সম্পূৰ্ণ খবৰ পঢ়ক...

Published : August 3, 2024 at 12:07 AM IST
স্পৰ্টছ ডেস্ক, 3 আগষ্ট : পেৰিছ অলিম্পিক 2024ৰ সপ্তম দিনটো ভাৰতৰ বাবে মিশ্ৰিত ফলাফলেৰে ভৰা আছিল ৷ সপ্তম দিনটোত মহিলাৰ 25 মিটাৰ পিষ্টল ইভেণ্টত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ভাৰতীয় শ্বুটাৰ মনু ভাকৰে ফাইনেলত প্ৰৱেশ কৰে ৷ ইয়াৰ লগতে ভাৰতীয় হকী দলটোৱেও শক্তিশালী প্ৰত্যাৱৰ্তনেৰে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে ৷ এতিয়া আমি আপোনালোকক অষ্টম দিনৰ সম্পূৰ্ণ সূচী সম্পৰ্কে জনাবলৈ ওলাইছো ৷
3 আগষ্টত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় খেলুৱৈৰ প্ৰতিযোগিতা আৰু সময় :
গলফ : ভাৰতৰ হৈ তৃতীয় ৰাউণ্ডৰ গলফ মেচত পুৰুষৰ ব্যক্তিগত ষ্টক প্লে’ ৰাউণ্ড 3ত অংশগ্ৰহণ কৰিব শুভংকৰ শৰ্মা আৰু গগনজীৎ ভুল্লাৰে ৷ বিশ্বৰ 173 নম্বৰ স্থানত থকা শুভংকৰে 17 খন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, ইয়াৰে 14 খন প্ৰতিযোগিতাত সফলতা লাভ কৰিছে তেওঁ ৷ আনহাতে বিশ্বৰ 295 নম্বৰ স্থানত থকা গগনজীতে যোৱা দুবছৰত কেৱল ইভেণ্টতহে অংশগ্ৰহণ কৰিছে ৷
- পুৰুষৰ ব্যক্তিগত ষ্টক প্লে’ ৰাউণ্ড 3 - (শুভংকৰ শৰ্মা আৰু গগনজীৎ ভুল্লাৰ) - নিশা 12.30 বজাত ৷
শ্বুটিং : ভাৰতে অষ্টম দিনটোৰ আৰম্ভণি কৰিব শ্বুটিং ইভেণ্টৰ জৰিয়তে ৷ পদক লাভৰ আশাৰে ভাৰতৰ হৈ শ্বুটিঙত 25 মিটাৰ পিষ্টল মহিলাৰ ফাইনেলত প্ৰৱেশ কৰিব মনু ভাকৰে ৷ ইয়াৰ লগতে পুৰুষৰ ফাইনেল মেচত স্কীট খেলিব ৷ যদি অনন্তই এই ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে, তেন্তে তেওঁ ভাৰতৰ হৈ পদক দাবী কৰিব পাৰে ৷ ভাৰতৰ বাবে স্কীট মহিলাৰ অৰ্হতাৰ প্ৰথম দিনাই দেখা যাব ৰাইজা ধীলন আৰু মহেশ্বৰী চৌহানক ৷ স্কীট পুৰুষৰ অৰ্হতাৰ দ্বিতীয় দিনা দেখা যাব ভাৰতৰ অনন্ত জীৎ সিং নাৰুকাক ৷
- স্কীট মহিলা অৰ্হতা প্ৰথম দিন (ৰাইজা ধীলন আৰু মহেশ্বৰী চৌহান) - নিশা 12.30 বজাত ৷
- স্কীট পুৰুষৰ অৰ্হতা দ্বিতীয় দিন (অনন্ত জীৎ সিং নাৰুকা) - দিনৰ 1 বজাত ৷
- 25 মিটাৰ পিষ্টল মহিলাৰ ফাইনেল (মুন ভাকৰ) - দুপৰীয়া 1 বজাত ৷
- স্কীট পুৰুষৰ ফাইনেল - সন্ধিয়া 7 বজাত ৷
আৰ্চাৰী : মহিলাৰ ব্যক্তিগত 1/8 এলিমিনেচন ৰাউণ্ডত ভাৰতৰ দীপিকা কুমাৰীয়ে জাৰ্মানীৰ মিচেল ক্ৰপেনৰ বিৰুদ্ধে খেলিব, আনহাতে ভজন কৌৰে ইণ্ডোনেছিয়াৰ দায়নন্দ কইৰুনিছাৰ বিৰুদ্ধে খেলিব ৷ ইয়াত জয়লাভ কৰিলে দুয়োগৰাকীয়ে ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ হৈ খেলা দেখা যাব ৷
- মহিলাৰ ব্যক্তিগত 16 ৰাউণ্ডৰ পদক মেচ - 1 বজাত ৷
- মহিলাৰ ব্যক্তিগত 1/8 এলিমিনেচন ৰাউণ্ড (দীপিকা কুমাৰী) - দুপৰীয়া 1.52 বজাত ৷
- মহিলাৰ ব্যক্তিগত 1/8 এলিমিনেচন ৰাউণ্ড (ভজন কৌৰ) - 2.5 বজাত ৷
লগতে পঢ়ক : ২৫ মিটাৰ পিষ্টল ফাইনেলৰ বাবে যোগ্যতা অৰ্জন মনু ভাকৰৰ : আন এক পদক লাভৰ আশা - Paris Olympics 2024
চেইলিং : ভাৰতৰ হৈ পুৰুষৰ চেইলিং ইভেণ্টত দেখা যাব খেলুৱৈ বিষ্ণু সৰৱননক ৷ ভাৰতৰ হৈ মহিলাৰ চেইলিং প্ৰতিযোগিতাত নেত্ৰ কুমাননক দেখা যাব ৷ পেৰিছ অলিম্পিক 22024 ৰ অষ্টম দিনটোত দুয়োজনে ৰেছ 5 আৰু ৰেছ 6 ত অংশগ্ৰহণ কৰিব |
- পুৰুষৰ চেইলিং ৰেছ 5 আৰু ৰেছ 6 (বিষ্ণু সৰৱনন) - বিয়লি 3.45 বজাত ৷
- মহিলাৰ চেইলিং ৰেছ 5 আৰু ৰেছ 6 (নেত্ৰ কুমানন) - 5.55 বজাত ৷
বক্সিং : ভাৰতৰ নিশান্ত দেৱক বক্সিংত দেখা যাব ৷ পুৰুষৰ 71 কেজি কোৱাৰ্টাৰ ফাইনেলত নিশান্তক মেক্সিকোৰ আলভাৰেজ মাৰ্কো এল’নছ’ ভাৰ্ডেৰ সৈতে খেলা দেখা যাব ৷ যদি নিশান্ত এই মেচত জয়ী হয়, তেন্তে তেওঁ পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিব আৰু যদি তেওঁ ছেমি ফাইনেলত প্ৰৱেশ কৰে তেন্তে ভাৰতৰ বাবে আন এক পদক নিশ্চিত হ’ব ৷
- পুৰুষৰ 71 কেজি কোৱাৰ্টাৰ ফাইনেল (নিশান্ত দেৱ) - নিশা 12.02 বজাত ৷
লগতে পঢ়ক : ইতিহাস ৰচিলে ভাৰতীয় হকী দলে : ৫২ বছৰৰ পাচত অলিম্পিকত পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াক - Paris Olympics 2024

