ETV Bharat / sports

প'ল ভ'ল্টত নৱমটো বিশ্ব অভিলেখেৰে স্বৰ্ণ জয় ছুইডিছ এথলীট আৰ্মাণ্ড মণ্ডো ডুপ্লাণ্টিছৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 6, 2024, 4:15 PM IST

Paris Olympics 2024 Pole Vault : ছুইডেনৰ প'ল ভ'ল্টাৰ মণ্ডো ডুপ্লাণ্টিছে চলিত পেৰিছ অলিম্পিকত পুনৰ এক অবিশ্বাস্য প্ৰদৰ্শনেৰে স্বৰ্ণ পদক অৰ্জন কৰে । লগতে নতুন বিশ্ব অভিলেখ গঢ়ি অলিম্পিকৰ যাত্ৰাক স্মৰণীয় কৰে । ডুপ্লাণ্টিছে ২০২০ চনৰ ৮ ফেব্ৰুৱাৰীত আৰম্ভ কৰা বিশ্ব অভিলেখ ভংগৰ ধাৰা অব্যাহত ৰাখি নৱমবাৰৰ বাবে বিশ্ব অভিলেখ ভংগ কৰে আৰু সোণৰ পদক জয় কৰে ।

Paris Olympics 2024 Pole Vault
ছুইডিছ এথলীট আৰ্মাণ্ড মণ্ডো ডুপ্লাণ্টিছ (AP Photo)

স্পৰ্টছ ডেস্ক, ৬ আগষ্ট : ছুইডেনৰ তাৰকা প'ল ভ'ল্টাৰ আৰ্মাণ্ড মণ্ডো ডুপ্লাণ্টিছে পেৰিছ অলিম্পিকত নৱমবাৰৰ বিশ্ব অভিলেখ ভংগ কৰি স্বৰ্ণ পদক জয় কৰে । লগতে বিশ্ব ক্ৰীড়া ইতিহাসক নিজৰ উৎকৃষ্টতা প্ৰদৰ্শনেৰে এক নতুন মাত্ৰা প্ৰদান কৰে । সোমবাৰে তেওঁৰ তৃতীয়টো প্ৰচেষ্টাত ৬.২৫ মিটাৰ দূৰত্ব অতিক্ৰম কৰি পূৰ্বৰ অভিলেখৰ সীমা অতিক্ৰম কৰে । তেওঁৰ বিশ্ব অভিলেখ আৰু আধিপত্যই দেখুৱায় যে তেওঁ এই ইভেণ্টটোৰ অবিসম্বাদী সম্ৰাট ।

আটাইতকৈ আচৰিত কথাটো হৈছে যে তেওঁ প'ল ভ'ল্টত বিশ্ব অভিলেখ ভংগ কৰা এইটোৱেই প্ৰথম বা দ্বিতীয় ঘটনা নহয় । ছুইডিছ খেলুৱৈগৰাকীয়ে নৱমবাৰৰ বাবে এনে এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰে আৰু ২০২০ চনৰ ৮ ফেব্ৰুৱাৰীত আৰম্ভ কৰা তেওঁৰ অভিলেখ ভংগৰ ধাৰা অব্যাহত ৰাখে । ইয়াৰ উপৰি মণ্ডোৰ এইটো হৈছে একেৰাহে দ্বিতীয়টো অলিম্পিক স্বৰ্ণ । এই প্ৰতিযোগিতাত আমেৰিকাৰ ছেম কেণ্ড্ৰিক্সে ৰূপৰ পদক অৰ্জন কৰে । আনহাতে, গ্ৰীচৰ এমেনাউলি কাৰ্লিছে ব্ৰঞ্জৰ পদক লাভ কৰে । ডুপ্লাণ্টিছে ২০২০ চনত ৰেকৰ্ড ভংগৰ এটা ধাৰা আৰম্ভ কৰিছিল আৰু একেৰাহে ৮ বাৰ অভিলেখ ভংগ কৰিছে ।

মণ্ডোৱে আৰম্ভণিতেই 6.10 মিটাৰ জঁপিয়াই এই ইভেণ্টটোত সোণৰ পদক সুৰক্ষিত কৰিছিল । কিন্তু তেওঁ বিশ্ব ৰেকৰ্ড স্থাপনৰ লক্ষ্যৰে বাৰৰ সীমা অধিক ওপৰলৈ উঠোৱাৰ সিদ্ধান্ত লয় । অৱশ্যে তেওঁ প্ৰথম প্ৰয়াসটোত বিফল হয় । ইয়াৰ পিচত ১০০ মিটাৰৰ পদক সমাৰোহ অনুষ্ঠিত হোৱাৰ বাবে সাময়িক বিৰতি আহে ।

তাৰ পিচত ২৪ বছৰীয়া এথলীটগৰাকীয়ে তেওঁৰ দ্বিতীয়টো প্ৰয়াসতো বিফল হয় । কিন্তু তেওঁ চেষ্টা এৰি দিয়া নাছিল আৰু অন্তিম প্ৰচেষ্টাত এই কৃতিত্ব অৰ্জন কৰিবলৈ মনোবল দৃঢ় কৰিছিল । মণ্ডোৱে অৱশেষত অন্তিম প্ৰচেষ্টাত সফল হয় আৰু বিজয়ৰ গৰ্জন তোলে আৰু এই গৌৰৱময় সাফল্য উদযাপন কৰে ।

লগতে পঢ়ক :ইতিহাস সৃষ্টি ভাৰতীয় মহিলা টেবুল টেনিছ দলৰ, ৰোমানিয়াক 3-2 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ - Paris Olympics 2024
লগতে পঢ়ক :পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় খেলুৱৈয়ে : গঢ়িলে ৫টা ডাঙৰ অভিলেখ - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.