পেৰিছ অলিম্পিকৰ পদক তালিকা : সপ্তম দিনৰ অন্তত 48 নম্বৰ স্থানত ভাৰত - Paris Olympics 2024
Paris Olympics 2024 Medal Tally : পেৰিছ অলিম্পিকত ভাৰতে এতিয়ালৈকে মাত্ৰ তিনিটা পদকহে জয় কৰিছে । পদক তালিকাত নিজৰ স্থিতি উন্নীত কৰিবলৈ আৰু উন্নত প্ৰদৰ্শন কৰিব লাগিব আৰু পদক জয় কৰিব লাগিব । তালিকাত এতিয়ালৈকে শীৰ্ষ দুটা স্থানত আছে ক্ৰমে চীন আৰু ফ্ৰান্স ।

Published : August 3, 2024 at 1:00 PM IST
স্পৰ্টছ ডেস্ক, ৩ আগষ্ট : চলিত পেৰিছ অলিম্পিকত শনিবাৰে অষ্টম দিন । ইতিমধ্যে অতিবাহিত কৰা সাতটা দিনত ভাৰতে এতিয়ালৈকে মাত্ৰ তিনিটা পদকহে নিজৰ জোলোঙাত ভৰাইছে । আনহাতে, এইবাৰ ভাৰতে আশা কৰিছিল যে ভাৰতীয় দলটোৱে পূৰ্বৰ বছৰৰ পদক সংখ্যাৰ অভিলেখ ভংগ কৰি লাভ কৰা মুঠ পদকৰ সংখ্যা বৃদ্ধি কৰিব । কিন্তু এয়া যেন এতিয়া অলীক সপোন । কিয়নো ভাৰতৰ গুৰুত্বপূৰ্ণ খেলুৱৈ সাত্বিক চিৰাগ, পি ভি সিন্ধু, নিখাত জাৰিন অলিম্পিকৰ পৰা আগতীয়াকৈ বাহিৰ হৈছে । সেয়েহে ভাৰতে যোৱাবাৰৰ তুলনাত পদকৰ সংখ্যা বৃদ্ধি কৰিব পাৰিবনে নাই সোইটো লক্ষণীয় হ'ব ।
উল্লেখ্য যে, পেৰিছ অলিম্পিকৰ পদক তালিকাত এতিয়ালৈকে ভাৰত 48 নম্বৰ স্থানত আছে । ভাৰতে এতিয়ালৈকে এটাও সোণ বা ৰূপৰ পদক জিকিব পৰা নাই । ইয়াৰ বিপৰীতে এতিয়ালৈকে তিনিটা ব্ৰঞ্জৰ পদকতে সন্তুষ্ট আছে ভাৰতীয় দলটো । অৱশ্যে শনিবাৰে অষ্টমদিনা ভাৰতৰ বাবে এটা পদকৰ প্ৰতিযোগিতা আছে ।
ভাৰতে দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰা মনু ভাকৰৰ পৰা এটা স্বৰ্ণ পদকৰ আশা কৰিব । আনহাতে, চীনে 13 টা স্বৰ্ণ পদকেৰে পদক তালিকাৰ শীৰ্ষস্থানত আছে । চীনে লাভ কৰা মুঠ 31 টা পদকৰ ভিতৰত আছে 9 টা ৰূপ আৰু 9 টা ব্ৰঞ্জ ।
আনহাতে, আয়োজক দেশ ফ্ৰান্সে 11 টা সোণ, 12 টা ৰূপ আৰু 13 টা ব্ৰঞ্জৰ পদকৰ সৈতে দ্বিতীয় স্থানত আছে । ইয়াৰ উপৰি অষ্ট্ৰেলিয়া 11 টা স্বৰ্ণসহ 22 টা পদকেৰে তৃতীয় স্থানলৈ অৱনমিত হয় । আমেৰিকাই ৯ টা সোণ, ১৮ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদকেৰে চতুৰ্থ স্থানত আছে । অৱশ্যে, আমেৰিকাৰ জোলোঙাত মুঠ পদকৰ সংখ্যা সৰ্বাধিক ।
পদক তালিকা
| দেশ | স্থান | সোণ | ৰূপ | ব্ৰঞ্জ | মুঠ |
| চীন | 1 | 13 | 9 | 9 | 31 |
| ফ্ৰান্স | 2 | 11 | 12 | 13 | 36 |
| অষ্ট্ৰেলিয়া | 3 | 11 | 6 | 5 | 22 |
| আমেৰিকা | 4 | 9 | 18 | 16 | 43 |
| ব্ৰিটেইন | 5 | 9 | 10 | 8 | 27 |
| ভাৰত | 48 | 0 | 0 | 3 | 3 |

