ETV Bharat / sports

২৫ মিটাৰ পিষ্টল ফাইনেলৰ বাবে যোগ্যতা অৰ্জন মনু ভাকৰৰ : আন এক পদক লাভৰ আশা - Paris Olympics 2024

Paris Olympics 2024 Shooting : ভাৰতীৰ তাৰকা শ্বুটাৰ মনু ভাকৰে ২৫ মিটাৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ কৰিছে । এতিয়া তেওঁ ভাৰতৰ হৈ আন এটা পদক লাভ কৰিবলৈ মাত্ৰ এটা খোজ বাকী। সম্পূৰ্ণ খবৰ পঢ়ক...

MANU BHAKER IN PARIS OLYMPICS
আন এক পদক লাভৰ দিশে মনু ভাকৰ (ANI PHOTO)
author img

By ETV Bharat Sports Team

Published : August 2, 2024 at 6:52 PM IST

2 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : পেৰিছ অলিম্পিকত নিজৰ দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে ভাৰতীয় শ্বুটাৰ মনু ভাকৰে ৷ ইতিমধ্যে চলিত অলিম্পিকত নিজৰ উজ্জ্বল প্ৰদৰ্শনেৰে দুটাকৈ ব্ৰঞ্জ জয় কৰি প্ৰতিজন ভাৰতীয়ৰ হৃদয় জয় কৰা ভাকৰ আন এটা পদক লাভৰ পৰা মাত্ৰ এটা খোজ বাকী ৷

পেৰিছ গেমছত ভাৰতীয় শ্বুটাৰ মনু ভাকৰে 25 মিটাৰ পিষ্টলৰ মহিলাৰ অৰ্হতা প্ৰতিযোগিতাত নিজৰ উজ্জ্বল প্ৰদৰ্শন অব্যাহত ৰাখি মুঠ 590 পইণ্টেৰে দ্বিতীয় স্থান দখল কৰি ফাইনেলত প্ৰৱেশ কৰিছে ৷ এই ইভেণ্টত আন এগৰাকী ভাৰতীয় প্ৰতিযোগী ঈশা সিঙে মুঠ 581 পইণ্টেৰে 18 নম্বৰ স্থান দখল কৰে ৷ এতিয়া 25 মিটাৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ ডাবল মেডেল বিজয়ী মনু ভাকৰ ৷ এয়া হ’ব মনুৰ তৃতীয়খন ফাইনেল, এতিয়া তেওঁ আকৌ এবাৰ ভাৰতৰ হৈ পদক লাভৰ বাবে যুঁজ দিব ৷

শনিবাৰে ফাইনেলত দেখা যাব মনুৰ যাদু :

এতিয়া মনুৱে শনিবাৰে ভাৰতীয় সময় অনুসৰি দিনৰ 1 বজাত ফাইনেল খেলিব আৰু পেৰিছ গেমছত পদক লাভ কৰাৰ এয়া হ’ব তেওঁৰ তৃতীয়টো সুযোগ ৷ যদি এই ফাইনেলত দেশৰ হৈ তৃতীয়টো পদক লাভ কৰে, তেন্তে একেখন অলিম্পিকতে ভাৰতৰ হৈ শ্বুটিংত তৃতীয়টো পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত হ’ব মনু ৷

লগতে পঢ়ক : পেৰিছত ইতিহাস ৰচনা মনুৰ : ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সত ভাৰতৰ ব্ৰঞ্জ - Paris Olympics 2024

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মনু ভাকৰে ভাৰতৰ হৈ দুটা ব্ৰঞ্জৰ পদক জিকিছে ৷ চলিত পেৰিছ অলিম্পিক 2024ত তেওঁ মহিলাৰ ব্যক্তিগত 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক জয় কৰিছিল ৷ ইয়াৰ লগতে তেওঁ মিক্সড 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টতো দেশৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল ৷ এতিয়া তেওঁ 25 মিটাৰ পিষ্টলৰ ফাইনেলত আন এটা পদক লাভ কৰি অভিলেখ স্থাপন কৰিব বুলি আশা প্ৰকাশ কৰিছে অনুৰাগী তথা দেশবাসীয়ে ৷

লগতে পঢ়ক : ভাৰতীয় মিক্সড আৰ্চাৰী দলৰ বিস্ফোৰক প্ৰদৰ্শন : কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ - Paris Olympics 2024