পেৰিছ অলিম্পিকত লাভলীনাৰ জয়যাত্ৰা আৰম্ভ : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বৰপথাৰৰ বজ্ৰকন্যাই - Paris Olympics 2024
Lovlina Borgohain : টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী ২৬ বছৰীয়া ভাৰতীয় বক্সাৰগৰাকীয়ে মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত পেৰিছ গেমছ ২০২৪ ত সহজ জয়েৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । পৰৱৰ্তী মেচত চীনা বক্সাৰ লি কিয়ানৰ মুখামুখি হ'বলৈ সাজু হৈছে অসমকন্যা লাভলীনা।

By PTI
Published : July 31, 2024 at 4:52 PM IST
স্পৰ্টছ ডেস্ক, 31 জুলাই : পেৰিছ অলিম্পিক 2024ত জয়েৰে অভিযান আৰম্ভ কৰিছে অসমকন্যা লাভলীনা বৰগোহাঁয়ে ৷ তাৰকা ভাৰতীয় বক্সাৰ লাভলীনা বৰগোহাঁয়ে 31 জুলাই, বুধবাৰে মহিলাৰ 75 কিলোগ্ৰাম শাখাত হফষ্টাড চুন্নিভাৰ বিৰুদ্ধে 16 ৰাউণ্ডৰ সহজ জয়েৰে পেৰিছ অলিম্পিক 2024ৰ অভিযান আৰম্ভ কৰে ৷
26 বছৰীয়া বক্সাৰগৰাকীক 33 সংখ্যক পেৰিছ গেমছত পোনপটীয়াকৈ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰত্যক্ষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হৈছিল ৷ ন’ৰৱেৰ প্ৰতিদ্বন্দ্বী গৰাকীৰ বিৰুদ্ধে বক্সাৰ গৰাকীয়ে সমগ্ৰ মেচখনত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শন কৰে আৰু 5-0 ৰ সহজ জয় সাব্যস্ত কৰে ৷
ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁয়ে নিজৰ নতুন ওজন শ্ৰেণীত নিজৰ বহুমুখিতা আৰু দক্ষতা প্ৰদৰ্শন কৰে । বর্তমানৰ বিশ্ব চেম্পিয়নগৰাকীয়ে মেচখনত আধিপত্য বিস্তাৰ কৰি প্ৰতিদ্বন্দ্বীক আউটক্লাছ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
পৰৱৰ্তী ৰাউণ্ডত, লাভলীনাই টকিঅ' গেমছত মিডলৱেট বিভাগত ৰূপৰ পদক বিজয়ী শীৰ্ষ স্থানপ্ৰাপ্ত চীনা বক্সাৰ লি কিয়ানৰ মুখামুখি হ'বলৈ সাজু হৈছে । অতি প্ৰত্যাশিত সংঘৰ্ষটো 4 আগষ্টত অনুষ্ঠিত হ'ব, দুয়োজন খেলুৱৈয়ে ছেমিফাইনেলত স্থান পাবলৈ প্ৰতিদ্বন্দ্বিতা কৰিব ।
লাভলীনাই আন এক অলিম্পিক পদকৰ সন্ধান অব্যাহত ৰাখিছে, কিয়নো এতিয়ালৈকে তেওঁৰ অন্যতম কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু হৈছে। কিয়ানৰ বিৰুদ্ধে জয়লাভ কৰিলে অলিম্পিকত একেৰাহে প’ডিয়ামত স্থান লাভৰ এখোজ ওচৰ চাপিব লাভলীনা ৷ ভাৰতৰ অন্যতম প্ৰধান বক্সিং প্ৰতিভা হিচাপে তেওঁৰ স্থিতি দৃঢ় হৈ পৰিব ।
ইতিমধ্যে লাভলীনা বৰগোহাঁয়ে পেৰিছ অলিম্পিকত 75 কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ খবৰে আনন্দিত কৰি তুলিছে ৰাজ্যবাসীক ৷
লগতে পঢ়ক : গ' ফৰ গল্ড লাভলীনা : বিশাল ক্ৰীণত লাভলীনাৰ বিজয়ৰ সাক্ষী হ’বলৈ সাজু বৰপথাৰবাসী - Paris Olympics 2024

