বিনেশ ফোগাটৰ ওপৰত ডাঙৰ আপডেট দিলে পিটি উষাই : ক’লে- তেওঁ শাৰীৰিক আৰু মানসিকভাৱে... - Paris Olympics 2024
Vinesh Phogat Disqualified : বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা সন্দৰ্ভত ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতি পি টি উষাই কয় যে তেওঁ অলিম্পিক ভিলেজৰ পলিক্লিনিকত মল্লযুঁজাৰুগৰাকীক লগ পাইছে আৰু তেওঁৰ অযোগ্যতাত সকলোৱে স্তম্ভিত আৰু হতাশ হৈছে। আই অ’ এই তেওঁলোকৰ মুখ্য পি টি উষা আৰু খেলুৱৈ বিনেশ ফোগাটৰ এখন ছবিও শ্বেয়াৰ কৰিছে ৷ সম্পূৰ্ণ খবৰ পঢ়ক...

Published : August 7, 2024 at 10:48 PM IST
স্পৰ্টছ ডেস্ক, 7 আগষ্ট : পেৰিছ অলিম্পিক 2024ৰ 50 কেজি শাখাৰ ফাইনেলৰ পৰা বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰাৰ পাচত বুধবাৰে ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতি পি টি উষাই ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত এক আপডেট দিয়ে ৷ পি টি উষাই কয় যে তেওঁ শাৰীৰিক আৰু চিকিৎসাগতভাৱে সুস্থ ৷ পি টি উষাই পেৰিছৰ অলিম্পিক ভিলেজৰ মেডিকেল চেণ্টাৰত বিনেশক লগ পাইছিল বুলি জনায় ৷
পেৰিছ অলিম্পিক 2024ৰ মল্লযুঁজৰ ক্ষেত্ৰখনত ভাৰতৰ পদক লাভৰ আশাই বৃহৎ আঘাতৰ সন্মুখীন হয় ৷ কিয়নো মল্লযুঁজাৰু বিনেশ ফোগাটক ওজন সীমা অতিক্ৰম কৰাৰ বাবে 50 কেজি মহিলা মল্লযুঁজ শাখাৰ পৰা অযোগ্য ঘোষণা কৰা হয় ৷ স্বৰ্ণ পদকৰ বাবে আজি আমেৰিকাৰ ছাৰা এন হিল্ডেব্ৰাণ্ডৰ মুখামুখি হ’বলগীয়া আছিল বিনেশ ৷ মঙলবাৰে ছেমি ফাইনেলৰ যুঁজত কিউবাৰ য়ুচনেলিছ গুজমান লোপেজৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিচত মল্লযুঁজাৰু বিনেশ ফোগাট ফাইনেলত প্ৰৱেশ কৰিছিল ৷ এই বিজয়ৰ সৈতে ফোগাটে অলিম্পিকত মল্লযুঁজৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে অভিলেখ সৃষ্টি কৰিছিল ৷
সংবাদমেলত ভাষণ দি পি টি উষাই কয় যে বিনেশ ফোগাটৰ অযোগ্যতাৰ কথা জানিব পাৰি তেওঁ ‘হতভম্ব আৰু হতাশ’ হৈছিল ৷ আই অ’ এ (IOA)ৰ সভাপতিগৰাকীয়ে বিনেশ মানসিকভাৱে হতাশ হোৱা বুলি উল্লেখ কৰি কয় যে ভাৰতীয় সহায়ক কৰ্মচাৰী বিনেশৰ লগত আছে আৰু তেওঁৰ সৈতে ওজন কমাবলৈ কাম কৰি আছে ৷
লগতে পঢ়ক : পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টিকাৰী মনু ভাকৰক দিল্লী বিমানবন্দৰত বিপুল আদৰণি - Paris Olympics 2024
তেওঁ আৰু কয় যে 'ভাৰতীয় দলৰ সহায়ক কৰ্মচাৰী ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ সৈতে আছে আৰু তেওঁক ওজন কমাবলৈ সহায় কৰি আছে ৷ বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰাৰ খবৰ পাই মই স্তম্ভিত আৰু হতাশ হৈ পৰিছো ৷ মই ইয়ালৈ আহিছো বিনেশক লগ কৰিবলৈ, শাৰীৰিক আৰু চিকিৎসাৰ ফালৰ পৰা তেওঁ ঠিকে আছে ৷ হয়, তেওঁ মানসিকভাৱে হতাশ হৈছে ৷ আমাৰ সহায়ক কৰ্মচাৰীসকল তেওঁৰ লগত আছে ওজন কমাবলৈ, তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰি আছে ৷' মঙলবাৰে নিশা কিউবাৰ ইউছনেলিছ গুজমান লোপেজক 5-0 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদকৰ মেচখনত প্ৰৱেশ কৰিছিল বিনেশ ফোগাটে ৷
ইফালে ভাৰতে এথলেটিকছ খেলপথাৰৰ পৰা পদক আশা কৰিব পাৰে ৷ বৃহস্পতিবাৰে 3000 মিটাৰ ষ্টীপলচেজৰ ফাইনেলত অংশগ্ৰহণ কৰিব এথলীট অবিনাশ ছেবলে ৷ আজি নিশা মীৰাবাই চানুৱেও নিজৰ ইভেন্টত অংশগ্ৰহণ কৰিব, য’ত তেওঁক মহিলাৰ 49 কেঃজি শাখাত ভাৰোত্তোলনত অংশগ্ৰহণ কৰা দেখা যাব ৷

