গৰ্ভত ৭ মাহৰ সন্তানক লৈ পেৰিছ অলিম্পিকত এগৰাকী খেলুৱৈ - Paris Olympics 2024
Pregnant Womens in Olympics: পেৰিছ অলিম্পিকৰ চতুৰ্থ দিনটোত সমগ্ৰ বিশ্বৰ খেলুৱৈয়ে প্ৰতিযোগিতাৰ বিভিন্ন শাখাত প্ৰতিদ্বন্দ্বীতা কৰিছে । পেৰিছ অলিম্পিকত এইবাৰ এগৰাকী গৰ্ভৱতী মহিলাইও অংশগ্ৰহণ কৰে ৷ এমাহ বা দুমাহ নহয়, ৭ মাহৰ গৰ্ভৱতী এইগৰাকী অলিম্পিয়ান ৷ জানো আহক কোন আৰু ক’ৰ হয় এইগৰাকী খেলুৱৈ...

Published : July 30, 2024 at 6:07 PM IST
স্প’ৰ্টছ ডেস্ক, ৩০ জুলাই: পেৰিছ অলিম্পিকৰ আজি চতুৰ্থ দিনটোত ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ খেলুৱৈয়ে পদকৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে । এইবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈও এগৰাকী খেলুৱৈ আহিছে যি গৰ্ভৱতী, এমাহ বা দুমাহ নহয় ৭ মাহৰ গৰ্ভৱতী এইগৰাকী খেলুৱৈ ।
গৰ্ভত ৭ মাহৰ অলিম্পিয়ান লৈ প্ৰতিযোগিতাত অৱৰ্তীণ নাডা:
ইজিপ্তৰ ফেন্সাৰ নাডা হাফেজে এখন মেচৰ পিছত প্ৰকাশ কৰে যে তেওঁ গৰ্ভৱতী আৰু প’ডিয়ামত ২ জন নহয় ৩ জন লোকে খেলিছিল । গৰ্ভত এটি ৭ মাহৰ ক্ষুদ্ৰ অলিম্পিয়ান লৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল নাডাই । অৱশ্যে মহিলাৰ ব্যক্তিগত শাখাৰ অন্তিম ১৬ত তেওঁ পৰাস্ত হয় ।
প্ৰতিযোগিতাৰ পাচত ইনষ্টাগ্ৰামত পোষ্ট কৰি জনায় সন্তানসম্ভৱাৰ কথা:
এই পৰাজয়ৰ পিচত তেওঁ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল, য’ত তেওঁ লিখিছিল, "আপুনি ভাবিছে যে প'ডিয়ামত দুজন খেলুৱৈ আছে, কিন্তু আচলতে তিনিজন আছিল, সেয়া আছিল মই, মোৰ প্ৰতিযোগী আৰু মোৰ এতিয়াও অজন্ম শিশুটি আছিল । মোৰ সন্তান আৰু মোৰ সমুখত বহু প্ৰত্যাহ্বান আছিল, সেয়া শাৰীৰিক হওক বা আৱেগিক, গৰ্ভাৱস্থাৰ উত্থান-পতন নিজৰ বাবে কঠিন । কিন্তু জীৱন আৰু ক্ৰীড়াৰ মাজত ভাৰসাম্য ৰক্ষাৰ সংগ্ৰামটো অতি কঠিন আছিল যদিও সংগ্ৰামৰ মূল্য আছিল ।"
লগতে পঢ়ক: পেৰিছৰ গেমছ ভিলেজত খাদ্যৰ নাটনি ! - Paris Olympics 2024
ৰাউণ্ড ১৬ত নিজৰ স্থান নিশ্চিত কৰি গৌৰৱান্বিত নাডা
নাডাই আৰু লিখিছে, "মই এই পোষ্টটো এই কথা ক’বলৈ লিখিছো যে, মই ৰাউণ্ড ১৬ত নিজৰ স্থান নিশ্চিত কৰি গৌৰৱান্বিত । মই সৌভাগ্যৱান যে মোৰ স্বামী ইব্ৰাহিম আৰু মোৰ পৰিয়ালৰ আস্থা পাই মই ইয়াত উপস্থিত হ'বলৈ সক্ষম হৈছিলো ।" তেওঁ আৰু কয় যে, এইটো বিশেষ অলিম্পিক আছিল কাৰণ, এইবাৰ তেওঁলোকৰ এজন সৰু অলিম্পিয়ানো আছিল ।
কেৰিয়াৰৰ তৃতীয়খন অলিম্পিকত অংশগ্ৰহণ নাডাৰ:
উল্লেখ্য যে, ২৬ বছৰীয়া নাডাই পেৰিছত তেওঁৰ তৃতীয়খন অলিম্পিকত অংশগ্ৰহণ কৰিছিল ৷ প্ৰথমখন মেচত আমেৰিকাৰ এলিজাবেথ টাৰ্টাকোভস্কিৰ বিৰুদ্ধে তেওঁ জয়লাভ কৰিছিল যদিও দ্বিতীয়খন মেচত কোৰিয়ান ফেন্সাৰ জেঅ’ন হাইয়ঙৰ হাতত ৭-১৫ ছেটত পৰাস্ত হৈছিল ।
লগতে পঢ়ক: পেৰিছত ইতিহাস ৰচনা মনুৰ : ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সত ভাৰতৰ ব্ৰঞ্জ - Paris Olympics 2024

