ETV Bharat / sports

অলিম্পিক অভিযানৰ অন্ত পৰিল দীপিকা কুমাৰীৰ : কোৱাৰ্টাৰ ফাইনেলত কোৰিয়ান প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত - Paris Olympics 2024

Paris Olympics Archery : মহিলাৰ একক কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াৰ নাম ছুহিয়নৰ হাতত ৪-৬ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় আৰ্চাৰ দীপিকা কুমাৰী। ইয়াৰ লগে লগে দীপিকাৰ অলিম্পিক অভিযানৰ অন্ত পৰিল। সম্পূৰ্ণ খবৰ পঢ়ক...

Paris Olympics Archery
কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত দীপিকা কুমাৰী (AP Photo)
author img

By ETV Bharat Sports Team

Published : August 3, 2024 at 7:32 PM IST

3 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : পেৰিছ অলিম্পিক 2024ত অভিযানত অন্ত পৰিল ভাৰতীয় অভিজ্ঞ আৰ্চাৰ দীপিকা কুমাৰীৰ ৷ মহিলা একক কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় ধনুৰ্বিদগৰাকী কোৰিয়ান প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হয় আৰু ইয়াৰ লগে লগে তেওঁ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰি বাহিৰ হয় ৷ কোৱাৰ্টাৰ ফাইনেল খেলখনত দীপিকা কুমাৰীক কোৰিয়াৰ নাম ছুহিয়নে 4-6 ব্যৱধানত পৰাস্ত কৰে ৷ ইয়াৰ লগে লগে দীপিকাৰ পেৰিছ অলিম্পিক অভিযানৰো অন্ত পৰিল ৷

ছেমি ফাইনেলৰ পৰা বাহিৰ হ’ল দীপিকা কুমাৰী :

ছেমি ফাইনেলত প্ৰৱেশৰ পৰা আঁতৰি আছে দীপিকা কুমাৰী ৷ প্ৰথমখন খেলত দীপিকাই প্ৰথমটো শ্বট 9, দ্বিতীয়টো 10 আৰু তৃতীয়টো 9 ত আঘাত কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বীয়ে প্ৰথমটো ছেট 10, দ্বিতীয়টো 8 আৰু তৃতীয়টো 8 ত আঘাত কৰে ৷ এই ছেটত দীপিকাই 28-26 ব্যৱধানত জয়লাভ কৰে ৷ দ্বিতীয়খন খেলত কোৰিয়ান খেলুৱৈগৰাকীয়ে প্ৰথমটো শ্বট 9, দ্বিতীয়টো শ্বট 9 আৰু তৃতীয়টো শ্বট 8 ত আঘাত কৰে ৷ দীপিকাই প্ৰথম শ্বট 10, দ্বিতীয় শ্বট 6 আৰু তৃতীয় শ্বট 8 মাৰি 28-25 ব্যৱধানত পৰাস্ত হয় ৷

তৃতীয়খন খেলত দীপিকাই প্ৰথমটো শ্বট 10, দ্বিতীয়টো শ্বট 9 আৰু তৃতীয়টো শ্বট 10তচ আঘাত কৰে ৷ আনহাতে কোৰিয়ান খেলুৱৈগৰাকীয়ে প্ৰথম শ্বটত 10, দ্বিতীয় শ্বটত 10 আৰু তৃতীয় শ্বটত 9 ত আঘাত কৰে ৷ ইয়াৰ লগে লগে দীপিকাই মেচখন 29-28 ব্যৱধানত জয়লাভ কৰে ৷ চতুৰ্থখন খেলত কোৰিয়ান খেলুৱৈগৰাকীয়ে প্ৰথমটো শ্বট 10, দ্বিতীয়টো শ্বট 9 আৰু তৃতীয়টো শ্বট 10 ত আঘাত কৰে ৷দীপিকা কুমাৰীয়ে প্ৰথম শ্বট 10, দ্বিতীয় শ্বট 7 আৰু তৃতীয় শ্বট 10 ত আঘাত কৰে ৷ ইয়াৰ লগে লগে দীপিকাই এই ছেটত 27-29 ব্যৱধানত পৰাস্ত হয় ৷

লগতে পঢ়ক : কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন দীপিকা কুমাৰীৰ, বাহিৰ হ’ল ভজন কৌৰ - Paris Olympics 2024

নিৰ্ণায়ক খেলত পৰাস্ত হয় দীপিকা :

পঞ্চমখন খেলত দীপিকা কুমাৰীয়ে প্ৰথম শ্বট 9, দ্বিতীয় শ্বট 9 আৰু তৃতীয় শ্বট 9 ত আঘাত কৰে ৷ কোৰিয়ান খেলুৱৈগৰাকীয়ে প্ৰথমটো শ্বট 10, দ্বিতীয়টো শ্বট 9 আৰু তৃতীয় শ্বটটো 10 ত আঘাত কৰে ৷ এই ছেটত 28-29 ব্যৱধানত পৰাস্ত হয় দীপিকা কুমাৰী ৷ ইয়াৰ পূৰ্বে 1/8 এলিমিনেচন ৰাউণ্ডৰ খেলখনত দীপিকা কুমাৰীয়ে জাৰ্মানীৰ মিচেল ক্ৰপেনৰ বিৰুদ্ধে খেলিছিল, য’ত দীপিকাই 6-4 ব্যৱধানত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল ৷ কিন্তু কোৱাৰ্টাৰ ফাইনেলত কোৰিয়ান খেলুৱৈগৰাকীক পৰাস্ত কৰিব নোৱাৰি বাহিৰ হয় তেওঁ ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিকৰ হকী কোৱাৰ্টাৰ ফাইনেল : কেতিয়া আৰু কাৰ মুখামুখি হ’ব ভাৰত ? - Paris Olympics 2024