পেৰিছৰ গেমছ ভিলেজত খাদ্যৰ নাটনি ! - Paris Olympics 2024
Paris Olympics 2024 : এটাৰ পিচত আন এটা বিতৰ্কৰ মাজত সোমাই পৰিছে পেৰিছ অলিম্পিক ২০২৪ । এইবাৰ পুনৰ খাদ্যৰ নাটনিক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । গেমছ ভিলেজত খাদ্যৰ পৰ্যাপ্ত যোগানৰ অভাৱ হোৱাৰ অভিযোগ কৰিছে একাংশ বিদেশী খেলুৱৈয়ে ।

Published : July 30, 2024 at 2:02 PM IST
স্পৰ্টছ ডেস্ক,৩০ জুলাই : ফ্ৰান্সৰ প্ৰেমৰ চহৰ পেৰিছত অনুষ্ঠিত হৈছে বিশ্বৰ সৰ্ববৃহ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক । বিভিন্ন ইভেণ্টত প্ৰতিযোগিতা অব্যাহত আছে । অৱশ্যে পেৰিছৰ পৰা এক হতাশাজনক খবৰ আহিছে । খেলুৱৈ তথা দলবোৰ থকা গেমছ ভিলেজৰ পৰা আহিছে চাঞ্চল্যকৰ খবৰটো ।
খেলুৱৈসকলৰ মাজত সঠিকভাৱে খাদ্যৰ যোগান ধৰিব পৰা নাই আয়োজকে ! ক্ৰীড়া অনুষ্ঠিত স্থান আৰু গেমছ ভিলেজৰ আন্তঃগাঁথনিৰ সুবিধাক লৈ বিদেশী খেলুৱৈ আৰু দলৰ সদস্যসকলে আয়োজক সমিতিক সমালোচনা কৰি থকাৰ সময়তে খাদ্যৰ নাটনিৰ খবৰে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
গেমছ ভিলেজত খাদ্যৰ নাটনি :
এগৰাকী খেলুৱৈয়ে অভিযোগ কৰিছে যে তেওঁলোক নিজ নিজ ইভেণ্টৰ পৰা উভতি অহাৰ সময়ত গেমছ ভিলেজত কোনো খাদ্যৰ ব্যৱস্থা নাছিল । খেলুৱৈগৰাকীয়ে কয়, "যেতিয়া আমি আয়োজক সমিতিৰ বিষয়া আৰু স্বেচ্ছাসেৱকসকলক সুধিছিলো, তেওঁলোকৰ ওচৰত এই সন্দৰ্ভত কোনো উত্তৰ নাছিল । এই মৌলিক বিষয়বোৰ আয়োজক সমিতিৰ দ্বাৰা জৰুৰীভাৱে সমাধান কৰা প্ৰয়োজন ।"
আন এগৰাকী খেলুৱৈয়ে কয়, "আমি আমাৰ প্ৰয়োজনীয় সুবিধাবোৰ লাভ কৰাত অসুবিধাৰ সন্মুখীন হৈছো । এগৰাকী তাৰকা আন্তঃৰাষ্ট্ৰীয় টেনিছ খেলুৱৈয়ে কয়, "আমি সময়ত খাদ্য পোৱা নাছিলো । এইটো আমাৰ সকলোৰে বাবে আচৰিত আছিল ।"
উপযুক্ত খাদ্যৰ অভাৱৰ বিষয়টো গ্ৰেট ব্ৰিটেইনৰ প্ৰতিনিধি দলৰ মুৰব্বীয়ে প্ৰতিযোগিতাৰ প্ৰথম দিনাৰ পূৰ্বেই উত্থাপন কৰিছিল । বহু খেলুৱৈয়ে খাদ্য অবিহনে নিশাটো পাৰ কৰিব লগা হৈছিল বুলিও তেওঁ অভিযোগ কৰিছিল । আনকি প্ৰতিযোগিতাৰ বাকী দিনকেইটাৰ বাবে তেওঁ খেলুৱৈৰ খোৱাৰ যতন ল'বলৈ এগৰাকী চেফক মাতিব লগা হৈছিল ।
বিতৰ্কত পেৰিছ অলিম্পিক :
ইয়াৰ পূৰ্বে পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত 'ড্ৰেগ কুইন' উপস্থাপন কৰাৰ বাবে লিওনাৰ্ডো দা ভিঞ্চিৰ চিত্ৰ 'দ্য লাষ্ট চাপাৰ'কলৈ (The Last Supper) সমালোচনা হৈছিল । বহুতে ইয়াৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছিল কিয়নো তেওঁলোকে ইয়াক আক্ৰমণাত্মক বুলি বিবেচনা কৰে আৰু তেওঁলোকৰ ধৰ্মীয় বিশ্বাসক আঘাত কৰে ।
ফ্ৰান্সৰ কেথলিক গীৰ্জাই এক্সৰ এটা পোষ্টত নিজৰ মতবিৰোধ প্ৰকাশ কৰি লিখিছিল,"দুৰ্ভাগ্যবশতঃ এই অনুষ্ঠানত এনে কিছুমান দৃশ্য আছিল যিয়ে খ্ৰীষ্টান ধৰ্মক উপহাস কৰিছে, যাৰ বাবে আমি গভীৰভাৱে দুঃখিত ।" পেৰিছ অলিম্পিকৰ আয়োজকে পিচত এই ঘটনাৰ বাবে ক্ষমা বিচাৰে ।
ইফালে ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি ঊষা উদ্বোধনী অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । অনুষ্ঠানটোত খেলুৱৈসকলক পৰ্যাপ্ত মনোযোগ দিয়া নাই বুলি তেওঁ অভিযোগ কৰিছে ।
পিটি ঊষাই সংবাদ মাধ্যমক কয়, "উদ্বোধনী অনুষ্ঠানত আয়োজকে খেলুৱৈসকলৰ ওপৰত অধিক গুৰুত্ব দিব লাগিছিল । এইটো এক খেলুৱৈৰ কাৰ্যসূচী, তেওঁলোকে খেলুৱৈসকলক অধিক গুৰুত্ব দিব লাগে ৷ কিয়নো কেৱল কেই ছেকেণ্ডৰ বাবে তেওঁলোকৰ ওপৰত হে গুৰুত্ব দিয়া হৈছিল, অন্যথা সকলো ঠিকেই আছিল ।"

