ETV Bharat / sports

ড'পিঙত বিফল: ভাৰতীয় পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ১৮ মাহলৈ নিলম্বন - Paris Paralympics 2024

Paralympics 2024 : পেৰালিম্পিকত ভাৰতৰ বাবে এক মোক্ষম আঘাত । ভাৰতৰ পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ড'পিং-বিৰোধী নিয়ম উলংঘনৰ বাবে দোষী সাব্যস্ত কৰা হৈছে । এই দোষত তেওঁক ১৮ মাহৰ বাবে নিলম্বন কৰা হৈছে ।

Paralympics 2024
পেৰা শ্বাটলাৰ প্ৰমোদ ভগত (ANI Photo)
author img

By ETV Bharat Sports Team

Published : August 13, 2024 at 3:10 PM IST

2 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, ১৩ আগষ্ট : টকিঅ' পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ড'পিং-বিৰোধী নিয়ম উলংঘনৰ বাবে দোষী সাব্যস্ত কৰা হৈছে । যাৰ বাবে তেওঁক ১৮ মাহৰ বাবে নিলম্বন কৰা হৈছে । যাৰ বাবে তেওঁ পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিব । বিশ্ব বেডমিণ্টন ফেডাৰেচনে (বি ডব্লিউ এফ) মঙলবাৰে এই কথা প্ৰকাশ কৰে ।

ড'পিঙত দোষী সাব্যস্ত প্ৰমোদ ভগত

"বিশ্ব বেডমিণ্টন ফেডাৰেচনে (বি ডব্লিউ এফ) সিদ্ধান্ত গ্ৰহণ কৰিছে যে ২০২০ চনৰ টকিঅ' পেৰালিম্পিক চেম্পিয়ন ভাৰতৰ প্ৰমোদ ভগতক ১৮ মাহৰ বাবে নিলম্বিত কৰা হৈছে ।" বি ডব্লিউ এফে এক বিবৃতিত কয় । ফলত তেওঁ এইবছৰৰ পেৰিছ পেৰালিম্পিক গেমছত অংশগ্ৰহণ কৰিব নোৱাৰিব ।

বি ডব্লিউ এফে কয় যে ১২ মাহৰ ভিতৰত তিনিবাৰ নিজৰ অৱস্থানৰ বিষয়ে তথ্য প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ বাবে ভগতক বি ডব্লিউ এফ এণ্টি-ড'পিং নিয়ম উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হয় । এছ এল 3 শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰা ভগতে এই সিদ্ধান্তৰ বিৰুদ্ধে চি এ এছৰ ওচৰত আপীল কৰে যদিও চি এ এছে নিজৰ সিদ্ধান্তত অটল থাকে আৰু নিলম্বন নিশ্চিত কৰে ।

পেৰালিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিব

উল্লেখ্য যে চলিত বছৰৰ আৰম্ভণিতে ভগতে থাইলেণ্ডত অনুষ্ঠিত বি ডব্লিউ এফ পেৰা বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰিছিল । এই বিজয়ে তেওঁক কেৱল বি ডব্লিউ এফ পেৰা বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত একেৰাহে তিনিটাকৈ স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথমগৰাকী পেৰা এথলীট হিচাপে গঢ়ি তোলাই নহয়, লগতে বিশ্ব চেম্পিয়নশ্বিপত চীনা লিন ডেনৰ পাঁচটা খিতাপৰ অভিলেখো স্পৰ্শ কৰে । তেওঁ ২০০৯, ২০১৫, ২০১৯, ২০২২ আৰু ২০২৪ চনত সোণৰ পদক জয় কৰিছে । এই তিনিটা ক্ৰমাগত সোণৰ পদকৰ সৈতে তেওঁৰ পদকৰ সংখ্যা 14 টালৈ বৃদ্ধি হয় । ইয়াৰ ভিতৰত আছে সকলো শ্ৰেণীত ছয়টা সোণ, তিনিটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদক । কিন্তু তেওঁ পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ যোগ্যতা হেৰুৱায় ।

লগতে পঢ়ক :পদক অবিহনে অলিম্পিক ভিলেজ ত্যাগ বিনেশ ফোগাটৰ - Paris Olympics 2024
লগতে পঢ়ক :পেৰিছ অলিম্পিক 2024 ত ভাৰতীয় খেলুৱৈসকলে ভংগ কৰা অভিলেখসমূহ - PARIS OLYMPICS 2024