ETV Bharat / sports

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ক্ৰিকেটাৰ; বোৰ্ডেও এৰিলে সংগ

এইবাৰ ব্ৰিটেইনত গ্ৰেপ্তাৰ হ'ল পাকিস্তানী ক্ৰিকেটাৰ । ধৰ্ষণৰ অভিযোগ যুৱ বেটছমেনৰ বিৰুদ্ধে ।

Haider Ali
ব্ৰিটেইনত গ্ৰেপ্তাৰ পাকিস্তানী ক্ৰিকেটাৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 6:51 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ব্ৰিটেইনত গ্ৰেপ্তাৰ হৈছে পাকিস্তান ক্ৰিকেট দলৰ যুৱ বেটছমেন হাইদৰ আলী । লগে লগে পাকিস্তান ক্ৰিকেট দলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ২৪ বছৰীয়া যুৱ খেলুৱৈজনক ব্ৰিটেইনৰ গ্ৰেটাৰ মানচেষ্টাৰ আৰক্ষীয়ে অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ কৰাৰ খবৰ পোহৰলৈ আহিছে । পিছত আৰক্ষীয়ে তেওঁৰ পাছপ'ৰ্ট জব্দ কৰি জামিনত মুকলি কৰি দিয়ে । অৱশ্যে কি কাৰণত হাইদৰ আলীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই । অৱশ্যে একাংশ সংবাদ মাধ্যমে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱা বুলি দাবী কৰিছে ।

বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে যে যেতিয়া পাকিস্তানৰ 'এ' দল 'পাকিস্তান শ্বাহিন' ইংলেণ্ড ভ্ৰমণলৈ গৈছিল তেতিয়াই ঘটনাটো সংঘটিত হৈছিল । য'ত তেওঁলোকে ইংলেণ্ডৰ 'এ' দলৰ বিৰুদ্ধে ১৭ জুলাইৰ পৰা ৬ আগষ্টলৈকে দুখন মেচ খেলিছিল, দুয়োখনেই ড্ৰ' হৈছিল । আনহাতে পাকিস্তান শ্বাহিনে তিনিখন মেচৰ এদিনীয়া শৃংখলা ২-১ত জয়লাভ কৰে ।

হাইদৰ আলীক বহিষ্কাৰ পিচিবিৰ

এই ঘটনাৰ বিষয়ে পাকিস্তান ক্ৰিকেট ব'ৰ্ড অৱগত হোৱাৰ লগে লগে হাইদৰ আলীক সাময়িকভাৱে বহিষ্কাৰ কৰা হয় । পিচিবিয়ে কয় যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তেওঁ বহিষ্কাৰ হৈ থাকিব । পিচিবিয়ে এক বিবৃতিত কয়, "গ্ৰেটাৰ মানচেষ্টাৰ আৰক্ষীয়ে ক্ৰিকেটাৰ হাইদৰ আলীৰ সৈতে জড়িত অপৰাধমূলক তদন্তৰ বিষয়ে পিচিবিক অৱগত কৰিছে । এই তদন্তটো পাকিস্তান শ্বাহিনে শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণৰ সময়ত সংঘটিত হোৱা এটা কাণ্ডৰ সৈতে জড়িত ।"

বিবৃতিটোত লগতে কোৱা হৈছে, "পিচিবিয়ে ব্ৰিটেইনৰ আইনী প্ৰক্ৰিয়া আৰু পদ্ধতিক সম্পূৰ্ণৰূপে সন্মান কৰে, এই তদন্তত মানচেষ্টাৰ আৰক্ষীৰ সৈতে সম্পূৰ্ণৰূপে সহযোগিতা কৰিব আৰু এই গোচৰৰ বিৰুদ্ধে আইনী যুঁজত হাইদৰকো আইনী সহায় আগবঢ়াব ।"

হাইদৰ আলীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

টেলিকম এছিয়া স্প'ৰ্টছৰ এক প্ৰতিবেদনৰ উদ্ধৃতিৰে আইএনএএছে প্ৰকাশ কৰিছে যে কেণ্টাৰবেৰীত পাকিস্তানী মূলৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেটাৰ মানচেষ্টাৰ আৰক্ষীয়ে হাইদৰ আলীক গ্ৰেপ্তাৰ কৰিছে । এই প্ৰতিবেদনত লগতে কোৱা হৈছে যে হাইদৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত কান্দোনত ভাগি পৰিছিল আৰু জেৰাৰ সময়ত তেওঁ নিজকে নিৰ্দোষী বুলি ঘোষণা কৰিছিল ।

হাইদৰ আলীৰ ক্ৰিকেট কেৰিয়াৰ

এইগৰাকী পাকিস্তানী যুৱ বেটছমেনৰ ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল । কেৰিয়াৰৰ আৰম্ভণি ভাল হোৱাৰ পিছতো যোৱা কিছু বছৰত হাইদৰৰ ফৰ্ম ভালে যোৱা নাই । যাৰ বাবে তেওঁক দলৰ পৰা বাদ দিয়া হয় । এতিয়ালৈকে তেওঁ পাকিস্তানক প্ৰতিনিধিত্ব কৰি দুখন এদিনীয়া আৰু ৩৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছে । তেওঁ ২০২০ চনত দক্ষিণ আফ্ৰিকাত পাকিস্তানৰ হৈ ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ খেলিছিল ।

লগতে পঢ়ক :ইউ এছ অ’পেন ২০২৫: টেনিছৰ ইতিহাসত সৰ্বাধিক ধনৰ পুৰস্কাৰৰ অভিলেখ - US OPEN 2025