ETV Bharat / sports

পাকিস্তান ছুপাৰ লীগৰ পৰৱৰ্তী মেচবোৰ ইউ এ ইলৈ স্থানান্তৰ

ভাৰত-পাক সংঘাতৰ আঁচোৰ পৰিল এই পি এছ এলত । যাৰ বাবে বাকী থকা মেচবোৰ স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে পাকিস্তান ক্ৰিকেট বোৰ্ডে ।

PSL shifted to UAE
পাকিস্তান ছুপাৰ লীগৰ পৰৱৰ্তী মেচবোৰ ইউ এ ইলৈ স্থানান্তৰ (ANI)
author img

By ANI

Published : May 9, 2025 at 11:18 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰতৰ আই পি এলৰ দৰে বৰ্তমান পাকিস্তানতো চলি আছে পাকিস্তান ছুপাৰ লীগ (পি এছ এল) । কিন্তু ভাৰত-পাক সংঘাতৰ আঁচোৰ পৰিল এই পি এছ এলত । যাৰ বাবে পি এছ এলৰ বাকী থকা মেচবোৰ স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে পাকিস্তান ক্ৰিকেট বোৰ্ড চমুকৈ পি চি বিয়ে ।

পি চি বিয়ে শুকুৰবাৰে ঘোষণা কৰে যে চলিত পাকিস্তান ছুপাৰ লীগৰ বাকী থকা মেচসমূহ সংযুক্ত আৰব এমিৰেটছলৈ (ইউ এ ই) স্থানান্তৰ কৰা হৈছে । পি চি বিৰ দ্বাৰা প্ৰকাশিত এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

পূৰ্বৰ সূচী অনুসৰি ৰাৱালপিণ্ডি, মুলতান আৰু লাহোৰত অনুষ্ঠিত হ'বলগা পি এছ এলৰ অন্তিম আঠখন মেচ এতিয়া ইউ এ ইত অনুষ্ঠিত হ'ব । পি চি বিৰ অধ্যক্ষ মহছিন নাকভিয়ে দুখ প্ৰকাশ কৰে যে পাকিস্তানী অনুৰাগীসকলে এতিয়া তেওঁলোকৰ নিজৰ ষ্টেডিয়ামত এই মেচবোৰ উপভোগ কৰিব নোৱাৰিব ।

"মই দুঃখিত যে আমাৰ ঘৰুৱা দৰ্শক আৰু ক্ৰিকেটপ্ৰেমীসকলে পাকিস্তানৰ ষ্টেডিয়ামত এই খেলসমূহ চাব নোৱাৰিব ।" মহচিন নাকভিয়ে কয় ।

তেওঁ লগতে কয়, "ৰাজনীতি আৰু ক্ৰীড়াক পৃথক কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ স্থিতিত পি চি বি সদায় অটল হৈ আহিছে । অৱশ্যে চলিত এইচ বি এল পাকিস্তান ছুপাৰ লীগ এক্সত ব্যাঘাত জন্মোৱাৰ বাবে স্পষ্টভাৱে কৰা ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামক লক্ষ্য কৰি লোৱা অত্যন্ত দায়িত্বহীন আৰু বিপজ্জনক ভাৰতীয় কাৰ্যৰ পৰিপ্ৰেক্ষিতত, পি চি বিয়ে বাকী মেচবোৰ ইউ এ ইলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে, যাতে ঘৰুৱা তথা বিদেশী ক্ৰিকেটাৰসকল, যিসকল আমাৰ মূল্যৱান অতিথি, তেওঁলোকক ভাৰতৰ দ্বাৰা সম্ভাৱ্য বেপৰোৱা লক্ষ্যৰ পৰা ৰক্ষা কৰিব পাৰি ।"

"এক দায়িত্বশীল সংগঠন হিচাপে, যিয়ে বাৰে বাৰে প্ৰতিকূলতা অতিক্ৰম কৰিছে আৰু ক্ৰিকেটক বিকশিত হোৱাটো নিশ্চিত কৰিছে, এইচ বি এল পি এছ এলত অংশগ্ৰহণ কৰা সকলো খেলুৱৈৰ মানসিক সুস্থতা নিশ্চিত কৰাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ আছিল ।" লগতে কোৱা হৈছে ।

ইয়াৰ উপৰি তেওঁ কয়, "অতীতৰ দৰে আমি আশাকৰোঁ যে আমাৰ অংশীদাৰসকলে প্ৰতিযোগিতাখনৰ সৰ্বশ্ৰেষ্ঠ স্বাৰ্থ, আমাৰ খেলুৱৈ আৰু অনুৰাগীসকলক আগবঢ়াই নিবলৈ আমাৰ সৈতে থিয় হ'ব । আমি লীগৰ উন্নতি হৈ থকাটো নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।"

উল্লিখিত মেচবোৰৰ সূচী পুনৰ নিৰ্ধাৰণ কৰা হ'ব

  • কৰাচী কিংছ বনাম পেছোৱাৰ জালমী
  • পেছোৱাৰ জালমী বনাম লাহোৰ কালান্দাৰ্ছ
  • ইছলামাবাদ ইউনাইটেড বনাম কৰাচী কিংছ
  • মুলতান চুলতান বনাম কোৱেটা গ্লেডিয়েটৰ্ছ
  • কোৱালিফায়াৰ
  • এলিমিনেটৰ ১
  • এলিমিনেটৰ ২
  • ফাইনেল

অৱশ্যে খেলৰ সঠিক সময়সূচী, তাৰিখ আৰু স্থানবোৰ এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই আৰু এই বিষয়ে শীঘ্ৰেই জনাব বুলিও পি চি বিয়ে উল্লেখ কৰিছে ।

লগতে পঢ়ক :ক্ৰমাত্‍ বৃদ্ধি ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা, বাতিল হ'ল ক্ৰিকেট মেচ - PSL MATCH CANCELLED
লগতে পঢ়ক :খেলৰ মাজভাগত বাতিল পাঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত চলি থকা মেচখন - PBKS VS DC