নতুন দিল্লী: ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে পাকিস্তানৰ মহিলা ক্ৰিকেট দলে । ১৭ এপ্ৰিল বৃহস্পতিবাৰে লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলত থাইলেণ্ডক ৮৭ ৰাণত পৰাস্ত কৰি কোৱালিফায়াৰত একেৰাহে চতুৰ্থটো জয় পঞ্জীয়ন কৰে দলটোৱে ।
ইয়াৰ লগে লগে নিশ্চিত হৈছে যে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপ হাইব্ৰীড মডেলত অনুষ্ঠিত হ’ব কাৰণ এতিয়া পাকিস্তানো প্ৰতিযোগিতাখনৰ অংশ হ’ব । হাইব্ৰীড মডেলৰ অধীনত পাকিস্তানে এই মেগা ইভেণ্টত আন স্থানত নিজৰ সকলো মেচ খেলিব ।
Mission accomplished ✅
— Pakistan Cricket (@TheRealPCB) April 17, 2025
📸Qualified for ICC Women's Cricket World Cup 2025! ✈#PAKWvTHAIW | #BackOurGirls | #WWCQ pic.twitter.com/qHxOHD1CpT
উল্লেখ্য যে, পাকিস্তানে আই চি চি পুৰুষ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আয়োজক আছিল । কিন্তু নিৰাপত্তাজনিত কাৰণত ভাৰতীয় ক্ৰিকেট দলটোৱে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছিল । ইয়াৰ পাছতেই ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই) আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ড এটা সমাধানত উপনীত হয় যে দুয়োখন দেশে আই চি চি প্ৰতিযোগিতাৰ বাবে ইখনে-সিখনৰ দেশলৈ যাত্ৰা নকৰে আৰু হাইব্ৰীড মডেলৰ অধীনত নিৰপেক্ষ স্থানত নিজৰ মেচ খেলিব ।
🏆 4 out of 4!
— Pakistan Cricket (@TheRealPCB) April 17, 2025
Pakistan🇵🇰 beat Thailand by 87 runs to stay unbeaten in the Qualifier🔥
Pakistan 205/6 (50 ov)
Thailand 118/10 (34.4 ov)#PAKWvTHAIW | #BackOurGirls | #WWCQ pic.twitter.com/JCMu6io5ub
পাকিস্তান বনাম থাইলেণ্ডৰ খেলখন
পাকিস্তান আৰু থাইলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা কোৱালিফায়াৰ মেচৰ কথা ক’বলৈ গ’লে থাইলেণ্ডৰ বলাৰসকলে উজ্জ্বল বলিং কৰিছিল আৰু পাকিস্তানী বেটছমেনসকলক মুক্তভাৱে ৰাণ কৰিবলৈ নিদিলে আৰু নিয়মীয়াকৈ উইকেট পতন ঘটিছিল ৷ আয়োজক দলৰ বাবে ৰাণ সংগ্ৰহ কৰাটো অতি কঠিন হৈ পৰিছিল আৰু ৩৬ নং অভাৰত ১০০ ৰাণৰ সীমা অতিক্ৰম কৰিছিল । পাকিস্তানৰ হৈ ছিদ্ৰা আমিন আৰু অধিনায়ক ফাতিমা ছানাই পঞ্চম উইকেটত ৯৭ ৰাণ সংযোজন কৰে । ফাতিমাই ১০৫টা বলত ৮০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ছানাই ৬টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ৫৯টা বলত অপৰাজিত ৬২ ৰাণ সংগ্ৰহ কৰে ।
Pakistan qualify for the ICC Women's Cricket World Cup 2025 with a fourth straight win in Lahore 🤩#PAKvTHA 📝: https://t.co/4QSeYrwuHb pic.twitter.com/YTnhrcAV0r
— ICC (@ICC) April 17, 2025
ইয়াৰ উত্তৰত থাইলেণ্ডে পাকিস্তানতকৈও দ্ৰুত আৰম্ভণি কৰে । কিন্তু ছানা, ৰমীন ছামিম আৰু নশ্ৰা সন্ধুৰ চোকা বলিঙৰ বাবে তেওঁলোকে উইকেট হেৰুৱাই থাকিল । এই তিনিওগৰাকী বলাৰে থাইলেণ্ডৰ বেটছমেনসকলক থিতাপি ল’বলৈ নিদিলে । থাইলেণ্ডৰ ৬ জন বেটছমেনে ডাবল ফিগাৰত উপনীত হয় যদিও তেওঁলোকৰ কোনোৱেই ২০ ৰাণৰ সীমা স্পৰ্শ কৰিব নোৱাৰিলে আৰু ৩৫ নং অভাৰত গোটেই দলটোৱে ১১৮ ৰাণত অল আউট হয় । এনেদৰে পাকিস্তানে ৮৭ ৰাণত জয়লাভ কৰি মহিলা বিশ্বকাপ ভাৰতৰ বাবে যোগ্যতা অৰ্জন কৰে ।