ৰাজগীৰ: ভাৰত আৰু পাকিস্তানী ক্ৰিকেট দলে ইখনে-সিজনৰ দেশত খেলিব নোৱৰাৰ সিদ্ধান্ত লোৱাৰ পিছত ভাৰতে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰে যদিও ইয়াৰ বিপৰীতে পাকিস্তানৰ পুৰুষ হকী দল ভাৰতলৈ আহিবলৈ সাজু হৈছে ।
অহা ২৯ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ বিহাৰৰ ৰাজগীৰত নতুনকৈ নিৰ্মিত ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপত অংশগ্ৰহণ কৰিবলৈ এই দলটোৱে ভাৰতলৈ আহিব । ২০২৩ চনত চেন্নাইত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণৰ বাবে পাকিস্তানে শেষবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল আৰু ছটা দলৰ ইভেণ্টত পঞ্চম স্থান দখল কৰিছিল ।
হকী ইণ্ডিয়াৰ সভাপতি দিলীপ তিৰ্কীয়ে টাইমছ অৱ ইণ্ডিয়াক জনাইছে যে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৰোমাঞ্চকৰ খেলখনলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে । পৃথিৱীৰ যিকোনো ঠাইতে ভাৰত আৰু পাকিস্তানৰ মাজত যিকোনো মেচ সদায় ৰোমাঞ্চকৰ আৰু উৎকণ্ঠাময় হয় । ২০২৩ চনত চেন্নাইত যেতিয়া এ চি টি অনুষ্ঠিত হৈছিল তেতিয়া দুয়োটা দলে ভাল খেল প্ৰদৰ্শন কৰিছিল । আশাকৰোঁ ৰাজগীৰত দুয়োটা দলৰ মুখামুখি হ’লে একেই হ’ব আৰু বৃহৎ সংখ্যক অনুৰাগী আহিব ।
পাকিস্তান ক্ৰিকেট দলে ভাৰত ভ্ৰমণ নকৰে যদিও পাকিস্তান পুৰুষৰ হকী দলে নিয়মীয়াকৈ দেশখন ভ্ৰমণ কৰি আহিছে । ২০১৮ বিশ্বকাপ, ২০১৪ চেম্পিয়নছ ট্ৰফী, জুনিয়ৰ হকী বিশ্বকাপ ২০২১ ৷ ইয়াৰ উপৰি যোৱা বছৰ ভাৰতীয় ডেভিছ কাপৰ দলটোৱে পাকিস্তান ভ্ৰমণ কৰিছিল । পাকিস্তান ফুটবল দলটোৱেও ২০২৩ চনত ভাৰত ভ্ৰমণ কৰি ছাফ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল । সেই বছৰতে ইণ্ডিয়ান ব্ৰীজ দলটোৱে পাকিস্তানলৈ গৈ লাহোৰত অনুষ্ঠিত ব্ৰীজ ফেডাৰেচন অৱ এছিয়া এণ্ড মিডল ইষ্ট চেম্পিয়নশ্বিপ (বি এফ এ এম ই)ত অংশগ্ৰহণ কৰি চাৰিটা স্বৰ্ণ পদক লাভ কৰে ।