ETV Bharat / sports

ভাৰতত নিষিদ্ধ শ্বাহিদ আফ্ৰিদীৰ ইউটিউব চেনেল - SHAHID AFRIDI YOUTUBE CHANNEL

ভাৰতীয় সেনাবাহিনীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা শ্বাহিদ আফ্ৰিদীৰ ইউ টিউব চেনেলত ভাৰতৰ নিষেধাজ্ঞা ৷

SHAHID AFRIDI YOUTUBE CHANNEL
শ্বাহিদ আফ্ৰিদী (AFP Photo)
author img

By ETV Bharat Assamese Team

Published : April 30, 2025 at 9:48 PM IST

2 Min Read

নতুন দিল্লী: পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীৰ ইউ টিউব চেনেলক নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে । দুদিন পূৰ্বে ভাৰত চৰকাৰে পাকিস্তানৰ কেইটামান ইউ টিউব চেনেলক নিষিদ্ধ ঘোষণা কৰিছিল ।

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে আফ্ৰিদীয়ে ভাৰতীয় সেনাৰ বিষয়ে কৰা অসম্মানজনক মন্তব্যৰ পিছতে ভাৰতীয় নাগৰিকৰ দ্বাৰা যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল পাক ক্ৰিকেটাৰগৰাকী ।

ভাৰতীয় সেনাৰ বিৰুদ্ধে অপমানসূচক মন্তব্য আফ্ৰিদীৰ

পাকিস্তানৰ বাবে ৫০০ ৰো অধিক মেচ খেলা আফ্ৰিদীয়ে পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ বাবে ভাৰতীয় সেনাক দায়ী বুলি উল্লেখ কৰি দাবী কৰিছে যে ভাৰতীয় সেনাৰ অসতৰ্কতামূলক মনোভাৱৰ বাবে এই কাণ্ড সংঘটিত হ’বলৈ পালে ৷

আফ্ৰিদীৰ এনে মন্তব্যৰ বিৰোধিতা কৰি উভতি ধৰিছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধৱনে ৷ ধৱনে কৈছিল ‘‘আপুনি ইতিমধ্যে ইমান তললৈ নামিছে, আৰু কিমান তললৈ যাব, অপ্ৰয়োজনীয় মন্তব্য প্ৰকাশ কৰাৰ পৰিৱৰ্তে আপোনাৰ দেশৰ অগ্ৰগতিৰ ওপৰত গুৰুত্ব দিয়াটোৱেই ভাল ।’’

এইসকল ক্ৰিকেটাৰৰো চেনেলত আৰোপ কৰা হৈছিল নিষেধাজ্ঞা

আফ্ৰিদীৰ পূৰ্বে ভাৰত চৰকাৰে বহুকেইটা ইউ টিউব চেনেলৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷ প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ চোৱেইব আখতাৰ, ৰশ্বিদ লতিফ আৰু বাছিত আলীৰ ইউ টিউব চেনেলসমূহো এই তালিকাত অন্তৰ্ভুক্ত আছিল । ইয়াৰোপৰি ৱাছায় হাবিব, ৰিজৱান হায়দাৰ, আপৰ মোহছিন আলী, মুনিব ফাৰুক আদিৰ চেনেলসমূহৰ প্ৰচাৰো ভাৰতত বন্ধ কৰি দিয়া হৈছে ৷

পহলগাম আক্ৰমণত ২৬ জন লোকৰ মৃত্যু

২২ এপ্ৰিলত কাশ্মীৰ উপত্যকাৰ পহলগামৰ বৈছাৰণ ভূমিত সন্ত্ৰাসবাদীয়ে চলোৱা আক্রমণত ২৬ জন পৰ্যটকৰ মৃত্যু ঘটিছিল । এই ঘটনাৰ পাছত ভাৰতে পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰাৰ লগতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আন বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: আৰু কিমান তললৈ নামিব… শ্বাহিদ আফ্ৰিদীক উভতি ধৰিলে শিখৰ ধৱনে - SHIKHAR DHAWAN ON SHAHID AFRIDI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.