চিৰাজ-কৃষ্ণৰ সন্মুখত আঁঠু ল'লে ইংলেণ্ডে, শৃংখলাত সমতা স্থাপন
মহম্মদ চিৰাজৰ ৫ আৰু কৃষ্ণৰ ৪ উইকেটৰ সহায়ত ভাৰতে ২-২ ব্যৱধানত স্থাপন কৰে সমতা শৃংখলা ।

Published : August 4, 2025 at 5:33 PM IST
লণ্ডন : লণ্ডনৰ অভালত অনুষ্ঠিত পঞ্চম টেষ্টত ইংলেণ্ডক ৬ ৰাণত পৰাস্ত কৰে ভাৰতে । ইয়াৰ লগে লগে পাঁচখন মেচৰ শৃংখলাটো ২-২ ব্যৱধানত সমতা স্থাপন কৰে ।
৩৭৪ ৰাণৰ লক্ষ্য খেদি খেদি ইংলেণ্ডৰ সমগ্ৰ দলটোৱে দ্বিতীয় ইনিংছত ৩৬৭ ৰাণ সংগ্ৰহ কৰি অল আউট হৈছিল । মহম্মদ চিৰাজে ৫টা উইকেট দখল কৰি টিম ইণ্ডিয়াৰ জয়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণই ৪টা উইকেট দখল কৰে । ইয়াৰ উপৰিও ছিৰিজত সৰ্বাধিক উইকেট (২৩) দখল কৰা বলাৰ হিচাপে পৰিগণিত হৈছে ছিৰাজ ।
শুভমন গিলে ইতিহাস সৃষ্টি কৰিলে
এই দৰ্শনীয় জয়ৰ জৰিয়তে অধিনায়ক শুভমন গিলেও ইতিহাসৰ সৃষ্টি কৰিছে । লণ্ডনৰ অভেল খেলপথাৰত টেষ্ট মেচত জয়ী হোৱা তৃতীয়জন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হৈছে তেওঁ । ইয়াৰ পূৰ্বে ২০২১ চনত ইয়াত বিৰাট কোহলীয়ে আৰু ১৯৭১ চনত অজিত ৱাডেকাৰে জয়লাভ কৰিছিল ।
5TH Test. India Won by 6 Run(s) https://t.co/1X8XpuKSme #ENGvIND #5thTest
— BCCI (@BCCI) August 4, 2025
মেচখনৰ নায়ক হৈ পৰিল ছিৰাজ
অভাল টেষ্টৰ পঞ্চম দিনা ভাৰতক জয়ী হ’বলৈ ৪ উইকেটৰ প্ৰয়োজন হোৱাৰ বিপৰীতে ইংলেণ্ডক ৩৫ ৰাণৰ প্ৰয়োজন হৈছিল । খেল আৰম্ভ হোৱাৰ লগে লগে ভাৰতে ২৯ ৰাণত ৪ উইকেট দখল কৰে । খেলখনৰ নায়ক হিচাপে পৰিগণিত হোৱা ছিৰাজে চাৰিটা উইকেটৰ ভিতৰত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে কৃষ্ণই এটা উইকেট লাভ কৰে ।
সমগ্ৰ খেলখনত মুঠ ৯টা উইকেট দখল কৰিবলৈ সক্ষম হয় ছিৰাজে । লগতে প্ৰথম ইনিংছত ৪টা উইকেট দখল কৰে । আনহাতে প্ৰসিদ্ধ কৃষ্ণইও খেলখনত ৮টা উইকেট দখল কৰি ভাৰতৰ জয়ত ডাঙৰ ভূমিকা পালন কৰিছিল ।
What a solid show, boys! Love watching this team fight and finish strong till the very end 🇮🇳💪 #TeamIndia pic.twitter.com/Ml8R3eqFep
— Surya Kumar Yadav (@surya_14kumar) August 4, 2025
আনকি ৰুট আৰু ব্ৰুকছৰ শতকেও ইংলেণ্ডক জয়ত সহায় কৰিব নোৱাৰিলে
আনহাতে, ইংলেণ্ডৰ হৈ হেৰী ব্ৰুক আৰু জো ৰুটে শতক অৰ্জন কৰি চতুৰ্থ উইকেটৰ বাবে ১৯৫ ৰাণৰ অংশীদাৰিত্ব ভাগ কৰে । ব্ৰুক ১১১ ৰাণ আৰু ৰুটে ১০৫ ৰাণ সংগ্ৰহ কৰে ।
এনে লাগিছিল যে মেচখন ভাৰতৰ পৰা বহু দূৰলৈ গৈছে । কিন্তু যেতিয়া খেলখনৰ চতুৰ্থ দিনৰ অন্তিম মেচত ভাৰতে প্ৰতিশোধ লয় আৰু ইংলেণ্ডৰ জয় পৰাজয়লৈ পৰিণত হয় ।
| লগতে পঢ়ক : শুভমন গিলৰ ওচৰত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ সুযোগ |

