ETV Bharat / sports

অসমৰ খেলপথাৰ-খেলুৱৈৰ প্ৰশংসাত পঞ্চমুখ পি টি উষা

ডিব্ৰুগড়ত পি টি উষাক সম্বৰ্দ্ধনা অসম অলিম্পিক সন্থা আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ।

P T Usha felicitated at Dibrugarh
ডিব্ৰুগড় জালান আউটডোৰ ষ্টেডিয়ামত পি টি উষাক সম্বৰ্দ্ধনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 9:24 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ: ক্ৰীড়াৰ ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে । ফলত অসমত গঢ়ি উঠিছে এক সুন্দৰ ক্ৰীড়াৰ পৰিবেশ । ইয়াৰ মাজতে দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হয় পদ্মশ্ৰী, অৰ্জুন বঁটাপ্ৰাপক প্ৰাক্তন এথলীট, ভাৰতীয় অলিম্পিক এছ'চিয়েছনৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ পি টি উষা ।

দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাছতে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা ডিব্ৰুগড় জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সম্বৰ্দ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদগৰাকীয়ে । ইয়াতে অসম অলিম্পিক সন্থাৰ লগতে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই সম্বৰ্ধনা জনাই খেলুৱৈগৰাকীক । অনুষ্ঠানটোত খেলুৱৈগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো ।

ডিব্ৰুগড় জালান আউটডোৰ ষ্টেডিয়ামত পি টি উষাক সম্বৰ্দ্ধনা (ETV Bharat Assam)

সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ পি টি উষাই কয়, "অসমত ক্ৰীড়াৰ পৰিবেশ দেখি বহুত ভাল লাগিছে । ডিব্ৰুগড়ত ইমান সুবিধাজনক খেলপথাৰ দেখি মই যেন আকৌ দৌৰিম; মনত তেনেকুৱা অনুভৱ হৈছে । যদিও আমাৰ সময়ত খেলৰ বাবে ইমান ভাল সুবিধা নাছিল তথাপি মই ১০৩ টা আন্তঃৰাষ্ট্ৰীয পদক দেশলৈ কঢ়িয়াই আনিছিলো । কাৰণ মোৰ লক্ষ্য কেৱল খেলত আছিল আৰু কঠোৰ অনুশীলন কৰিছিলো । অসমতো খেলৰ ভাল পৰিবেশ সৃষ্টি হৈছে । সেয়ে মই আজি ইয়াত উপস্থিত থাকিবলৈ সুবিধা লাভ কৰিছো । কিন্তু সফল হ'বলৈ সকলোৱে কঠোৰ অনুশীলন কৰিব লাগিব ।"

উল্লেখ্য় যে ডিব্ৰুগড় বিশ্ববিদ্যালয় সপ্তাহত অংশগ্ৰহণৰ উদ্দেশ্যেৰে ডিব্ৰুগড়ত উপস্থিত হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদগৰাকী । সোমবাৰে বিশ্ববিদ্যালয়ৰ সপ্তাহজোৰা ক্ৰীড়া সমাৰোহত অংশগ্রহণ কৰিব পি টি উষাই । ৰাজ্যসভাৰ সাংসদ পি টি উষাই কয়, "ডিব্ৰুগড়লৈ আহি খুব ভাল লাগিছে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমন্ত্ৰণত আজি ইয়ালৈ আহিছো । অসমৰ খেলুৱৈ আৰু অসমৰ খেলৰ পৰিৱেশ দেখি ভাল লাগিছে । অসমৰ পৰা অধিক ভাল খেলুৱৈ ওলাই অহাৰ সম্ভাৱনা অধিক আৰু ইতিমধ্যে সেই কথা প্ৰমাণ হৈছে । "

লগতে পঢ়ক:ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক অৰ্জনকাৰী বক্সাৰক সম্বৰ্ধনা - MEDAL WINNING BOXER FELICITATED