হায়দৰাবাদ: পাকিস্তানৰ বিৰুদ্ধে ৩ খন এদিনীয়া শৃংখলাৰ বাবে নিউজীলেণ্ডে মঙলবাৰে দল ঘোষণা কৰে । দলটোত নতুন খেলুৱৈকো অন্তৰ্ভুক্ত কৰা হৈছে, কাৰণ আই পি এলৰ বাবে বহু খেলুৱৈ সম্প্ৰতি উপলব্ধ নাই । এই কাৰণেই মিচেল ছাণ্টনাৰ, ৰাচিন ৰবীন্দ্ৰ, ডেভন কনৱে আৰু গ্লেন ফিলিপছক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই ।
নিউজীলেণ্ডৰ এদিনীয়া দলত পাকিস্তানী খেলুৱৈৰ অন্তৰ্ভুক্তি
পাকিস্তানৰ লাহোৰত জন্মগ্ৰহণ কৰা মহম্মদ আব্বাছক নিউজীলেণ্ডৰ এদিনীয়া দলত স্থান দিয়া হৈছে ৷ বহু বছৰ পূৰ্বে আব্বাছৰ পৰিয়াল নিউজীলেণ্ডলৈ গুচি যায় । খবৰ অনুসৰি, মহম্মদ আব্বাছ পাকিস্তানৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আজহাৰ আব্বাছৰ পুত্ৰ ।
Maiden call-ups for Nick Kelly and Muhammad Abbas in New Zealand’s ODI squad against Pakistan 👏
— ICC (@ICC) March 24, 2025
More here ➡️ https://t.co/5FosKYS6V0 pic.twitter.com/JO7PtXxL6t
১৯৯৪–৯৫ চনৰ পৰা ২০০৩–০৪ চনলৈ পাকিস্তানৰ ঘৰুৱা চাৰ্কিটত ক্ৰিকেট খেলা মধ্যম গতিৰ বলাৰ আছিল আজহাৰ আব্বাছ, কিন্তু ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত হোৱাৰ পৰা বঞ্চিত হৈছিল । নিউজীলেণ্ডলৈ যোৱাৰ পিছত আজহাৰে ৱেলিংটন আৰু তাৰপিছত অকলেণ্ডৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলে । য'ত তেওঁ ২৫.১৮ গড়ে ১৫৪ টা উইকেট দখল কৰাৰ লগতে ২২ খন লিষ্ট এ খেল আৰু ৭ খন টি-২০ খেলিছিল ।
পৰৱৰ্তী সময়ত তেওঁ এজন সফল প্ৰশিক্ষক হৈ পৰে । বৰ্তমান তেওঁ ৱেলিংটনৰ বলিং প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি আছে ।
মহম্মদ আব্বাছ এজন অলৰাউণ্ডাৰ বেটছমেন
লাহোৰত জন্মগ্ৰহণ কৰা আজহাৰৰ পুত্ৰ মহম্মদ আব্বাছ এজন এনে বেটছমেন, যিয়ে বাওঁহাতৰ কিছু ছিম বলিং কৰে । ফৰ্ড ট্ৰফীত তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত এদিনীয়া দললৈ নিৰ্বাচিত হয় ৷ য’ত তেওঁ ৪২.৫০ গড়ে ৩৪০ ৰাণ সংগ্ৰহ কৰাৰ লগতে দখল কৰে ৫ টা উইকেট ।
টম লেথামৰ ওপৰত দলটোৰ অধিনায়কৰ দায়িত্ব
নিউজীলেণ্ডৰ এই এদিনীয়া দলটোত আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলা দলটোৰ ৮ জন খেলুৱৈ আছে ৷ আনহাতে, দলটোৰ অধিনায়কৰ দায়িত্ব টম লেথামৰ ওপৰত ন্যস্ত কৰা হৈছে ৷ নিউজীলেণ্ডৰ বগা বলৰ অধিনায়ক মিচেল ছাণ্টনাৰ হোৱাৰ বিপৰীতে ৰঙা বলৰ অধিনায়ক হৈছে টম লেথাম ।
পাকিস্তান-নিউজীলেণ্ডৰ এদিনীয়া শৃংখলা
বৰ্তমান পাকিস্তানৰ ক্ৰিকেট দলটো নিউজীলেণ্ডত আছে ৷ দলটোৱে বৰ্তমান ৫ খন মেচৰ টি-২০ শৃংখলা খেলি আছে । এই শৃংখলাৰ অন্তিমখন টি-২০ মেচ ২৬ মাৰ্চত অনুষ্ঠিত হ’ব । ইতিমধ্যে কিৱি বাহিনীয়ে শৃংখলাটো ৩-১ ব্যৱধানত দখল কৰিছে ৷ ২৯ মাৰ্চত দুয়োটা দলৰ মাজত এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে বাকী দুখন মেচ ক্ৰমে ২ আৰু ৫ এপ্ৰিলত অনুষ্ঠিত হ’ব ৷
পাকিস্তানৰ বিৰুদ্ধে নিউজীলেণ্ডৰ এদিনীয়া দলটো
টম লেথাম (অধিনায়ক), মহম্মদ আব্বাছ, আদি অশোক, মাইকেল ব্ৰেচৱেল, মাৰ্ক চেপমেন, জেকব ডাফী, মিচ হেই, নিক কেলি, ডেৰিল মিচেল, উইল অ’ৰ’ৰ্ক, বেন ছিয়াৰ্ছ, নাথান স্মিথ আৰু উইল ইয়ং ৷
নিউজীলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ এদিনীয়া দল
মহম্মদ ৰিজৱান (অধিনায়ক), ছলমান আলী আগা (সহ-অধিনায়ক), আব্দুল্লা শ্বাফিক, আব্ৰাৰ আহমেদ, আকিফ জাভেদ, বাবৰ আজম, ফাহীম আছৰাফ, ইমাম উল হক, ইৰফান খান নিয়াজী, খুছদিল শ্বাহ, মহম্মদ আলী, মহম্মদ ৱাছিম জুনিয়ৰ, নছিম শ্বাহ, চুফিয়ান মুকিম আৰু তাইব তাহিৰ ।