ETV Bharat / sports

RCB-ক প্ৰথম খিতাপ জয় কৰোৱাই ৰচিছিল ইতিহাস, এতিয়া এই কিংবদন্তি খেলুৱৈগৰাকীয়ে ঘোষণা কৰিছে অৱসৰৰ কথা

মহিলা বিশ্বকাপ ২০২৫ৰ পিছত এদিনীয়া খেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে ।

womens world cup 2025
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : June 17, 2025 at 11:10 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)ৰ অনুৰাগীৰ বাবে এক আচৰ্যকৰ খবৰ । মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৪ৰ ট্ৰফী উঠোৱা আৰ চি বিৰ প্ৰথম খিতাপ জয়ৰ অংশ হিচাপে অংশগ্ৰহণ কৰা ছফী ডিভাইনে অৱসৰৰ কথা ঘোষণা কৰিছে ।

যোৱা বছৰ নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ হৈ প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰি টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰা নিউজিলেণ্ডৰ অধিনায়ক ছফী ডিভাইনে এতিয়া এদিনীয়া খেলৰ পৰা অৱসৰ ল’বলৈ সাজু হৈছে । চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপ ২০২৫ হ’ব তেওঁৰ অন্তিমখন টুৰ্ণামেণ্ট ।

অহা ছেপ্টেম্বৰ মাহত ৩৬ বছৰ সম্পূৰ্ণ হ’বলগীয়া ছফী ডিভাইনে হোয়াইট ফাৰ্নছে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কয়, "মই অনুভৱ কৰো যে মোৰ বাবে খেলৰ পৰা আঁতৰি যোৱাৰ সময় আহি পৰিছে । মই নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰো যে মোৰ হাতত নিউজিলেণ্ড ক্ৰিকেটৰ সমৰ্থন আছে ৷ অৰ্থাৎ মই এতিয়াও হোৱাইট ফাৰ্নছক কিবা এটা দিব পাৰো । এইটো গুৰুত্বপূৰ্ণ যে সকলোৱে জানে যে মই আঁতৰি যোৱাৰ আগতে এই গোটটোক মোৰ সকলোখিনি দিবলৈ মনোনিৱেশ আৰু উৎসৰ্গিত ।"

ডিভাইনে কয়, ‘‘এই যুৱ দলটোৰ অগ্ৰগতিৰ বাবে মই অতিশয় উৎসাহিত হৈছো আৰু অহা ছয়ৰ পৰা ন মাহলৈ মোৰ ভূমিকা পালন কৰিবলৈ আগ্ৰহী ।’’ তেওঁ উল্লেখ কৰে যে এই সিদ্ধান্ত দীৰ্ঘদিনৰ পূৰ্বে লোৱা হৈছে, এই সন্দৰ্ভত বহু চিন্তা-চৰ্চা কৰা হৈছে ।

অইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৫০ বা তাতকৈ অধিক এদিনীয়া খেলা ৯ গৰাকী মহিলা ক্ৰিকেটাৰৰ ভিতৰত ডিভাইন অন্যতম । এদিনীয়া ক্ৰিকেটত তেওঁ ৪০০০ ৰাণৰ কাষ ওচৰ চাপিছে আৰু সেই মেচসমূহৰ ভিতৰত ৪৯খন খেলতে নিউজিলেণ্ডক নেতৃত্ব দিছে ।

এই ভিডিঅ’টোৰ জৰিয়তে ডিভাইনে স্পষ্ট কৰি দিছে যে তেওঁ নিউজিলেণ্ডৰ হৈ T20I খেলি থাকিব । এনে পৰিস্থিতিত তেওঁ অহা বছৰ বিশ্বৰ সৰ্ববৃহৎ মহিলা ক্ৰিকেট লীগ মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৬ত অংশগ্ৰহণ কৰিব নে নকৰে সেই সন্দৰ্ভত তেওঁৰ অনুৰাগীসকল আগ্ৰহী হৈ থাকিব ।

সোঁহাতৰ তাৰকা অল ৰাউণ্ডাৰ ছফী ডিভাইনে এতিয়ালৈকে মহিলা প্ৰিমিয়াৰ লীগত আৰ চি বিৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । ২০২৩ চনত লীগ আৰম্ভ হোৱাৰ পৰাই তেওঁ আৰ চি বিৰ অংশ হিচাপে আছে ৷

এই সময়ছোৱাত তেওঁ ১৮খন মেচত ৪০২ ৰাণ সংগ্ৰহ কৰি ৯টা উইকেট দখল কৰিছে । WPL ২০২৪ৰ খিতাপ দখল কৰা আৰ চি বি দলৰ অংশ হিচাপে কাম কৰি আহিছে তেওঁ ।

লগতে পঢ়ক : ইউটিটি ছিজন ৬ৰ খিতাপ দখল ইউ মুম্বা টিটিৰ