আই পি এল চাবনে ? জি এছ টিৰ নতুন নিৰিখে কিন্তু দাম বঢ়ালে টিকটৰ
ক্ৰিকেট অনুৰাগীয়ে এতিয়াৰে পৰা আই পি এলৰ মেচ চাবলৈ অধিক ধন খৰচ কৰিব লাগিব । কিমান ব্যয়বহুল হ'ল টিকট ? জানক সবিশেষ-

Published : September 4, 2025 at 8:14 PM IST
হায়দৰাবাদ: কেন্দ্ৰীয় চৰকাৰে জি এছ টি নিয়মত ডাঙৰ পৰিৱৰ্তন কৰিছে আৰু বৰ্তমানৰ চাৰিটা জি এছ টি স্লেবৰ ভিতৰত মাত্ৰ দুটা স্লেব (৫ আৰু ১৮ শতাংশ)হে অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে । আনহাতে ১২ আৰু ২৮ শতাংশৰ স্লেব একেবাৰেই আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত ৫৬ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । যিটো অহা ২২ ছেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হ’ব ।
অৱশ্যে দুটা স্লেব ব্যৱস্থাৰ সমান্তৰালকৈ কেন্দ্ৰই ৪০ শতাংশ নতুন বিশেষ কৰ স্লেবো প্ৰৱৰ্তন কৰিছে । বিলাসী সামগ্ৰী, দামী গাড়ী, ধঁপাতজাতীয় সামগ্ৰী আৰু চিগাৰেট ইয়াৰ অধীনত আহিব । এইবোৰৰ লগতে ৰেচ ক্লাব, লিজিং বা ভাৰা সেৱা, ঘোঁৰা দৌৰ, কেচিনো, বেটিং, লটাৰী, অনলাইন মানি গেমিং আৰু ক্ৰীড়া অনুষ্ঠানো ইয়াৰ অধীনত থাকিব । একে ক্ৰমত হাই প্ৰফাইল আই পি এলতো ৪০ শতাংশ কৰ আৰোপ কৰা হ’ব । যাৰ বাবে আই পি এলৰ খেলৰ টিকটৰ দামো বৃদ্ধি পাব ।

দামী হৈ পৰিছে আই পি এলৰ টিকট
নতুন জি এছ টি নিয়মৰ বাবে বহু সামগ্ৰী সস্তা হৈ পৰিছে যদিও আই পি এলৰ টিকট খুব দামী হৈ পৰিছে । কাৰণ চৰকাৰে প্ৰিমিয়াম ক্ৰীড়া অনুষ্ঠানৰ জি এছ টি ২৮ শতাংশৰ পৰা ৪০ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ ফলত ষ্টেডিয়ামত আই পি এলৰ মেচ চাব বিচৰা অনুৰাগীসকলৰ ওপৰত অধিক বোজা পৰিব ।
পূৰ্বৰ কৰ ব্যৱস্থাৰ অধীনত ১০০০ টকাৰ টিকটে ২৮ শতাংশ জি এছ টি আকৰ্ষণ কৰিছিল, যাৰ ফলত মুঠ খৰচ ১২৮০ টকালৈ বৃদ্ধি পাইছিল । এতিয়া ৪০ শতাংশ নতুন ৰেটৰ সৈতে একেটা টিকটৰ দাম হ’ব ১৪০০ টকা, অৰ্থাৎ প্ৰতি ১০০০ টকা বিপৰীতে ১২০ টকা বৃদ্ধি ।
আই পি এলৰ টিকটৰ দাম
| টিকটৰ দাম | ২৮% জি এছ টি | ৪০% জি এছ টি | বৃদ্ধি |
| ৫০০ টকা | ৬৪০ টকা | ৭০০ টকা | ৬০ টকা |
| ১০০০ টকা | ১২৮০ টকা | ১৪০০ টকা | ১২০ টকা |
| ২০০০ টকা | ২৫৬০ টকা | ২৮০০ টকা | ২৪০ টকা |
যদিও চৰকাৰে বিশেষভাৱে আই পি এলৰ কথা উল্লেখ কৰিছে, তথাপিও প্ৰ’ কাবাডী লীগ (পি কে এল) আৰু ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ৰ দৰে আন ডাঙৰ লীগসমূহো ৪০ শতাংশ কৰৰ অধীনত পৰিব নে নপৰে সেয়া স্পষ্ট নহয় ।
আন্তঃৰাষ্ট্ৰীয় মেচৰ টিকট
এতিয়া প্ৰশ্ন হয় নতুন জি এছ টি স্লেবে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় মেচতো প্ৰভাৱ পেলাব নেকি ? উত্তৰটো হ’ল নেপেলায় । আন্তঃৰাষ্ট্ৰীয় মেচত ইয়াৰ কোনো প্ৰভাৱ নপৰে, ৫০০ টকাৰ তলৰ মূল্যৰ টিকটৰ ওপৰত কোনো কৰ নাথাকিব । যদি মূল্য ৫০০ টকাতকৈ অধিক হয়, তেন্তে সেই টিকটৰ ওপৰত বৰ্তমানৰ দৰে ১৮ শতাংশ কৰ লাগিব । অৰ্থাৎ ইয়াৰ ভিতৰত টীম ইণ্ডিয়াৰ মেচ আৰু আন্তঃৰাষ্ট্ৰীয় মেচ অন্তৰ্ভুক্ত । এই মেচসমূহত প্ৰযোজ্য নহ’ব ৪০ শতাংশ বিশেষ কৰ । ই ১৮ শতাংশ স্লেবত থাকিব ।
ক্ৰিকেট অনুৰাগী চিন্তিত
ইয়াৰ সমান্তৰালকৈ ষ্টেডিয়ামৰ ওপৰত নিৰ্ভৰ কৰি অনলাইন বুকিং মাচুল আৰু অতিৰিক্ত চাৰ্জো আৰোপ কৰা হ’ব । ইয়াৰ ফলত দৰ্শকৰ ওপৰত অধিক বোজা পৰিব । ষ্টেডিয়ামত খেলখন চাব বিচৰা প্ৰতিজন দৰ্শকৰ ওপৰত এই বোজা পৰিব । ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে অনুৰাগীসকলে । তেওঁলোকৰ মতে ফ্ৰেঞ্চাইজি আৰু বি চি চি আইয়ে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দৰ্শকৰ স্বাৰ্থত কোনো সিদ্ধান্ত লোৱা উচিত ।

