চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞা আৰোপৰ দাবী
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত চি এছ কেৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাড় আৰু খলিল আহমেদৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন হৈছে ।

Published : March 24, 2025 at 4:09 PM IST
চেন্নাই: দেওবাৰে মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰি আই পি এল ২০২৫ ৰ অভিযান আৰম্ভ কৰে চেন্নাই ছুপাৰ কিংছে । বেট আৰু বল দুয়োটা দিশতে দলটোৱে উন্নত প্ৰদৰ্শন দাঙি ধৰে ৷
মেচখনত ৰাচিন ৰবীন্দ্ৰ আৰু ৰুতুৰাজ গাইকোৱাড়ে অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে নুৰ আহমেদ আৰু খলিল আহমেদৰ যুটীয়ে বলিং ধুমুহা প্ৰদৰ্শন কৰে ৷
Khaleel Ahmed Gives something to Ruturaj Gaikwad secretly after doing ball tempering and ruturaj put it in his pocket.
— Kevin (@imkevin149) March 24, 2025
These fixers should be banned again for forever. pic.twitter.com/EY0mHHNeRf
স্পিনাৰৰ বাবে অনুকূল পৰিস্থিতিৰ সুযোগ লৈ নুৰ আহমেদে ৪ টা উইকেট আৰু বাওঁহতীয়া ফাষ্ট বলাৰ খলিল আহমেদে ৩ টা উইকেট দখল কৰি সংবাদ শিৰোনাম দখল কৰে ।
ৰুতুৰাজ আৰু খলিলৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ
এই মেচখনত খলিলে বলিং কৰাৰ কথাটোৱে ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ৷ কাৰণ অনুৰাগীয়ে তেওঁক ৰুতুৰাজ গাইকোৱাড়ৰ সৈতে হোৱা এটা বাৰ্তালাপৰ ভিডিঅ’ প্ৰত্যক্ষ কৰাৰ পিছত বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰিছিল ।
1 Khaleel removes his ring
— CHE RAM (@A_n_b_e_S_i_vam) March 24, 2025
2.rutu gives the ball to him
3.khaleel gives his ring to rutu.
4.Rutu keeps it in his pocket.
Brainless choklians are scared of Khaleel& Barking saar saar ball tampering saar🤣
why would anyone tamper a new ball
Choklians brain?pic.twitter.com/aOAU47E3L9 https://t.co/aETbIfWLrM
ইণ্টাৰনেটত ভাইৰেল হোৱা এটা ক্লিপত খলিলে আনখন হাতত বল লৈ পকেটৰ পৰা কিবা এটা উলিয়াই লোৱা দেখা গৈছে । এনে লাগে যেন তেতিয়া তেওঁ বস্তুটো কেপ্তেইন ৰুতুৰাজৰ হাতত তুলি দিছে । ঘটনাৰ ভিডিঅ’ প্ৰত্যক্ষ কৰাৰ পিছত অনুৰাগীয়ে দুয়োৰে বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰে ।
কেভিন নামৰ এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে পুনৰবাৰ ফ্ৰেঞ্চাইজিটোক আই পি এলত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনায় ৷ লগতে সকলোকে সোঁৱৰাই কয় যে, ২০১৬ আৰু ২০১৭ চনত দলটোৰ স্বত্বাধিকাৰীৰ ওপৰত নীতি-বহিৰ্ভূত কামত জড়িত থকাৰ বাবে দুবছৰৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।
Khaleel Ahmed was doing something to ball with an unknown object then he gave that object to Ruturaj Gaikwad....
— Jonas Kahnwald (@JonasKahnwaldOG) March 24, 2025
Is it BALL TEMPERING👀👀
BCCI must investigate it.....#CSKvsMI
Video Credit:- @JioHotstar, @StarSportsIndia & @IPL pic.twitter.com/HlEMYExO1c
আন এজন ‘এক্স’ ব্যৱহাৰকাৰী জ’নাছ কানৱাল্ডে বি চি চি আইক এই বিষয়টোৰ তদন্ত কৰিবলৈ কয় ।
মেচখনত এম আইয়ে প্ৰথমে বেটিং কৰি মুঠ ১৫৫/৯ ৰাণ সংগ্ৰহ কৰে, য’ত খলিল আহমেদ আৰু নূৰ আহমেদৰ বলিং যুটীয়ে চি এছ কেৰ হৈ ক্ৰমে ৩ আৰু ৪ টাকৈ উইকেট দখল কৰে । শেষৰ অভাৰত ৰাচিন ৰবীন্দ্ৰই অৰ্ধশতক অৰ্জন কৰি দলটোক জয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । মুম্বাই ইণ্ডিয়ানছৰ যুৱ স্পিনাৰ বিগনেশ পুথুৰে মেচখনত ৩ টা উইকেট দখল কৰি আন এক কৃতিত্ব গঢ়ে ৷
লগতে পঢ়ক: আই পি এল ২০২৫ ৰ পৰা বাহিৰ লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ পেচাৰ মহছিন খান - IPL 2025

